--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলৰ পৰৱৰ্তী ছিজনৰ পূৰ্বে মিনি নিলামত জিলিকি উঠিল বহু খেলুৱৈৰ ভাগ্য। ফ্ৰেঞ্চাইজিয়ে বহু প্ৰতিভাৱান খেলুৱৈক সুযোগ প্ৰদান কৰিছে। তেনে এজন খেলুৱৈ হ’ল মুকেশ কুমাৰ। কোটি কোটি টকা খৰচ কৰি বিহাৰৰ গোপালগঞ্জৰ পৰা এই বেগী বলাৰগৰাকী ক্ৰয় কৰিছে দিল্লী কেপিটেলছে। মুকেশৰ পিতৃ এজন সাধাৰণ অটো চালক আছিল। যোৱা বছৰ তেওঁৰ মৃত্যু হয়। 

বিহাৰৰ গোপালগঞ্জত জন্মগ্ৰহণ কৰা মুকেশ কুমাৰৰ জীৱন সংগ্ৰামেৰে ভৰা আছিল। এইবাৰ আই পি এলত তেওঁৰ ভাগ্য এনেদৰে জিলিকি উঠিল যে তেওঁ কোটিপতি হৈ পৰিল। কোচিত অনুষ্ঠিত মিনি নিলামত তেওঁক দিল্লী কেপিটেলছে ৫.৫০ কোটি টকাত ক্ৰয় কৰে। মুকেশৰ বেচ প্ৰাইচ আছিল ২০ লাখ টকা। বেচ প্ৰাইচতকৈ প্ৰায় ২৮ গুণ বেছি দামত মুকেশ কুমাৰক ক্ৰয় কৰিলে দিল্লী কেপিটেলছে।

মুকেশে সেনাবাহিনীত যোগদান কৰি দেশৰ সেৱা কৰিব বিচাৰিছিল। ইয়াৰ বাবে তিনিবাৰ চেষ্টা কৰিলেও বিফল হ’ল। হয়তো ভাগ্যত বেলেগ কিবা লিখা আছিল দৰিদ্ৰতাত ডাঙৰ-দীঘল হোৱা মুকেশ ছয় ভাই-ভনীৰ ভিতৰত সৰু। মুকেশৰ দেউতাকে কলকাতালৈ গৈ অটো চলাবলৈ আৰম্ভ কৰে। মুকেশে তেতিয়া গোপালগঞ্জত ক্ৰিকেট খেলিছিল। পাছত দেউতাকে কলকাতালৈ মাতিলে। 

মুকেশে কলকাতালৈ গৈ ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিলে। ব্যক্তিগত ক্লাবত খেলিবলৈ পইচা লৈছিল। তেওঁ আগতে এখন মেচ খেলি ৫০০ টকা উপাৰ্জন কৰিছিল। ২০১৪ চনত বংগ ক্ৰিকেট সন্থাৰ ট্ৰাইলত অংশ লৈছিল। প্ৰশিক্ষক ৰানাদেৱ বসুৱে তেওঁৰ প্ৰতিভাক চিনি পালে। বসুৰ নিৰ্দেশত তেওঁ ইডেন গাৰ্ডেনত এটা কোঠা পালে য’ত তেওঁ থাকিবলৈ আৰম্ভ কৰিলে। ২০১৫ চনত মুকেশে বংগৰ হৈ অভিষেক ঘটায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক