--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলৰ পৰৱৰ্তী ছিজনৰ পূৰ্বে মিনি নিলামত জিলিকি উঠিল বহু খেলুৱৈৰ ভাগ্য। ফ্ৰেঞ্চাইজিয়ে বহু প্ৰতিভাৱান খেলুৱৈক সুযোগ প্ৰদান কৰিছে। তেনে এজন খেলুৱৈ হ’ল মুকেশ কুমাৰ। কোটি কোটি টকা খৰচ কৰি বিহাৰৰ গোপালগঞ্জৰ পৰা এই বেগী বলাৰগৰাকী ক্ৰয় কৰিছে দিল্লী কেপিটেলছে। মুকেশৰ পিতৃ এজন সাধাৰণ অটো চালক আছিল। যোৱা বছৰ তেওঁৰ মৃত্যু হয়। 

বিহাৰৰ গোপালগঞ্জত জন্মগ্ৰহণ কৰা মুকেশ কুমাৰৰ জীৱন সংগ্ৰামেৰে ভৰা আছিল। এইবাৰ আই পি এলত তেওঁৰ ভাগ্য এনেদৰে জিলিকি উঠিল যে তেওঁ কোটিপতি হৈ পৰিল। কোচিত অনুষ্ঠিত মিনি নিলামত তেওঁক দিল্লী কেপিটেলছে ৫.৫০ কোটি টকাত ক্ৰয় কৰে। মুকেশৰ বেচ প্ৰাইচ আছিল ২০ লাখ টকা। বেচ প্ৰাইচতকৈ প্ৰায় ২৮ গুণ বেছি দামত মুকেশ কুমাৰক ক্ৰয় কৰিলে দিল্লী কেপিটেলছে।

মুকেশে সেনাবাহিনীত যোগদান কৰি দেশৰ সেৱা কৰিব বিচাৰিছিল। ইয়াৰ বাবে তিনিবাৰ চেষ্টা কৰিলেও বিফল হ’ল। হয়তো ভাগ্যত বেলেগ কিবা লিখা আছিল দৰিদ্ৰতাত ডাঙৰ-দীঘল হোৱা মুকেশ ছয় ভাই-ভনীৰ ভিতৰত সৰু। মুকেশৰ দেউতাকে কলকাতালৈ গৈ অটো চলাবলৈ আৰম্ভ কৰে। মুকেশে তেতিয়া গোপালগঞ্জত ক্ৰিকেট খেলিছিল। পাছত দেউতাকে কলকাতালৈ মাতিলে। 

মুকেশে কলকাতালৈ গৈ ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিলে। ব্যক্তিগত ক্লাবত খেলিবলৈ পইচা লৈছিল। তেওঁ আগতে এখন মেচ খেলি ৫০০ টকা উপাৰ্জন কৰিছিল। ২০১৪ চনত বংগ ক্ৰিকেট সন্থাৰ ট্ৰাইলত অংশ লৈছিল। প্ৰশিক্ষক ৰানাদেৱ বসুৱে তেওঁৰ প্ৰতিভাক চিনি পালে। বসুৰ নিৰ্দেশত তেওঁ ইডেন গাৰ্ডেনত এটা কোঠা পালে য’ত তেওঁ থাকিবলৈ আৰম্ভ কৰিলে। ২০১৫ চনত মুকেশে বংগৰ হৈ অভিষেক ঘটায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু