--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপ শেষ হ’ল। বিশ্বকাপ বিজয়ৰ আনন্দত উতলা হৈ আছে আৰ্জেণ্টিনাৰ সমৰ্থকসকল। ১৮ ডিচেম্বৰতে আৰ্জেণ্টিনা-ফ্ৰান্সৰ মাজত ফাইনেলখন হৈ গ’ল। কিন্তু এতিয়াও ফাইনেল মেচখনক লৈ আপত্তি প্ৰদৰ্শন কৰি আছে ফ্ৰান্সৰ সমৰ্থকসকল।

ফ্ৰান্সৰ সমৰ্থকসকলে বিশ্বকাপৰ ফাইনেলখন পুনৰ আয়োজন কৰাৰ দাবী কৰি আছে। তেওঁলোকে মেছিবাহিনীৰ বিজয়ক অবৈধ ঘোষণা কৰিছে। বৰ্তমানলৈকে দুই লাখ মানুহে স্বাক্ষৰ কৰিছে এই দাবীৰ সমৰ্থনত।

ফাইনেলৰ ৰেফাৰী চাইমন মাৰ্চিনিয়াৰ সিদ্ধান্ত পচন্দ কৰা নাই ফ্ৰান্সৰ সমৰ্থকসকলে। তেওঁলোকে আৰ্জেণ্টিনাৰ তিনিওটা গ’লৰ বৈধতাক লৈ প্রশ্ন তুলিছে।

উল্লেখ্য ফাইনেলৰ প্ৰথমাৰ্ধত ফ্ৰান্সৰ ওচমান ডেম্বেলেই এঞ্জেল ডি মাৰিয়াক পেনাল্টি বক্সৰ ভিতৰত গটা মাৰি দিয়া দিয়াৰ বাবে আৰ্জেণ্টিনাই পেনাল্টি লাভ কৰিছিল। কিন্তু ফ্ৰান্সৰ সমৰ্থকসকলৰ মতে, এয়া সামান্য স্পৰ্শহে আছিল। ডি মাৰিয়াই নিজেই পৰি দিছে। সেয়ে এয়া ফাউল নহয়।

আৰ্জেণ্টিনাৰ দ্বিতীয় গ’লটোক লৈও আপত্তি কৰিছে তেওঁলোকে। প্ৰথমাৰ্ধতেই এঞ্জেল ডি মাৰিয়াই গ’লটো কৰিছিল. কিন্তু ক্ষুব্ধ ফৰাচী সমৰ্থকসকলৰ দাবী, ইয়াৰ পূৰ্বে কিলিয়ান এমবাপেৰ ওপৰত আৰ্জেণ্টিনাৰ ক্ৰিষ্টিয়ান ৰোমাৰোৱে ফাউল কৰিছিল। তথাপিও ফ্ৰান্সক ফ্ৰী কিক দিয়া নাছিল ৰেফাৰীয়ে।


তদুপৰি অতিৰিক্ত সময়ত লিঅ’নেল মেছিয়ে কৰা গ’লটোও বাতিলৰ দাবী তুলিছে তেওঁলোকে। দাবী কৰা মতে, মেছিয়ে গ’লটো কৰাৰ পাছতে আৰ্জেণ্টিনাৰ একাধিক খেলুৱৈয়ে খেলপথাৰত সোমাইছিল, যিটো অবৈধ।

বৰ্তমানলৈকে এটা ৱেবচাইটত ২ লাখ মানুহে এই দাবী লৈ সোচ্চাৰ হৈ পৰিছে। এতিয়া প্ৰশ্ন হৈছে, ফ্ৰান্সৰ সমৰ্থকসকলৰ এই দাবীক ফিফাই শুনিবনে?










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক