--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপ শেষ হ’ল। বিশ্বকাপ বিজয়ৰ আনন্দত উতলা হৈ আছে আৰ্জেণ্টিনাৰ সমৰ্থকসকল। ১৮ ডিচেম্বৰতে আৰ্জেণ্টিনা-ফ্ৰান্সৰ মাজত ফাইনেলখন হৈ গ’ল। কিন্তু এতিয়াও ফাইনেল মেচখনক লৈ আপত্তি প্ৰদৰ্শন কৰি আছে ফ্ৰান্সৰ সমৰ্থকসকল।

ফ্ৰান্সৰ সমৰ্থকসকলে বিশ্বকাপৰ ফাইনেলখন পুনৰ আয়োজন কৰাৰ দাবী কৰি আছে। তেওঁলোকে মেছিবাহিনীৰ বিজয়ক অবৈধ ঘোষণা কৰিছে। বৰ্তমানলৈকে দুই লাখ মানুহে স্বাক্ষৰ কৰিছে এই দাবীৰ সমৰ্থনত।

ফাইনেলৰ ৰেফাৰী চাইমন মাৰ্চিনিয়াৰ সিদ্ধান্ত পচন্দ কৰা নাই ফ্ৰান্সৰ সমৰ্থকসকলে। তেওঁলোকে আৰ্জেণ্টিনাৰ তিনিওটা গ’লৰ বৈধতাক লৈ প্রশ্ন তুলিছে।

উল্লেখ্য ফাইনেলৰ প্ৰথমাৰ্ধত ফ্ৰান্সৰ ওচমান ডেম্বেলেই এঞ্জেল ডি মাৰিয়াক পেনাল্টি বক্সৰ ভিতৰত গটা মাৰি দিয়া দিয়াৰ বাবে আৰ্জেণ্টিনাই পেনাল্টি লাভ কৰিছিল। কিন্তু ফ্ৰান্সৰ সমৰ্থকসকলৰ মতে, এয়া সামান্য স্পৰ্শহে আছিল। ডি মাৰিয়াই নিজেই পৰি দিছে। সেয়ে এয়া ফাউল নহয়।

আৰ্জেণ্টিনাৰ দ্বিতীয় গ’লটোক লৈও আপত্তি কৰিছে তেওঁলোকে। প্ৰথমাৰ্ধতেই এঞ্জেল ডি মাৰিয়াই গ’লটো কৰিছিল. কিন্তু ক্ষুব্ধ ফৰাচী সমৰ্থকসকলৰ দাবী, ইয়াৰ পূৰ্বে কিলিয়ান এমবাপেৰ ওপৰত আৰ্জেণ্টিনাৰ ক্ৰিষ্টিয়ান ৰোমাৰোৱে ফাউল কৰিছিল। তথাপিও ফ্ৰান্সক ফ্ৰী কিক দিয়া নাছিল ৰেফাৰীয়ে।


তদুপৰি অতিৰিক্ত সময়ত লিঅ’নেল মেছিয়ে কৰা গ’লটোও বাতিলৰ দাবী তুলিছে তেওঁলোকে। দাবী কৰা মতে, মেছিয়ে গ’লটো কৰাৰ পাছতে আৰ্জেণ্টিনাৰ একাধিক খেলুৱৈয়ে খেলপথাৰত সোমাইছিল, যিটো অবৈধ।

বৰ্তমানলৈকে এটা ৱেবচাইটত ২ লাখ মানুহে এই দাবী লৈ সোচ্চাৰ হৈ পৰিছে। এতিয়া প্ৰশ্ন হৈছে, ফ্ৰান্সৰ সমৰ্থকসকলৰ এই দাবীক ফিফাই শুনিবনে?










FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু