--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত ২৫ বছৰৰ ভিতৰত  এখন উন্নত দেশত পৰিণত হ'ব। গুজৰাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অংগীকাৰ কৰে। ভাইব্ৰেণ্ট গুজৰাট গোলকীয় সন্মিলনৰ দশম সংস্কৰণ বুধবাৰে গুজৰাটত আৰম্ভ হৈছে। মোদীয়ে সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত  উপস্থিত থাকি ভাৰতক ২৫ বছৰৰ ভিতৰত উন্নত দেশত পৰিণত কৰা হ’ব বুলি মন্তব্য কৰে৷ 


প্ৰধানমন্ত্ৰীয়ে কয়  "শেহতীয়াকৈ আমি দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰিছো।  ইয়াৰ পিছত ভাৰতে অহা ২৫ বছৰত অধিক আগবাঢ়িব বিচাৰে। স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত এই দেশখন এখন উন্নত দেশলৈ ৰূপান্তৰিত  হ'ব।  সেয়েহে পৰৱৰ্তী ২৫ বছৰ হৈছে ভাৰতৰ অমৃত কাল। এই অমৃত কালত এয়া হৈছে প্ৰথম ভাইব্ৰেণ্ট গুজৰাট গোলকীয় সন্মিলন।  সেয়েহে এই সন্মিলনৰ গুৰুত্বপূৰ্ণ অধিক। ইয়াত ১০০ খনতকৈও অধিক দেশৰ প্ৰতিনিধি উপস্থিত আছে। তেওঁলোক সকলোৱে ভাৰতৰ এই যাত্ৰাৰ অংশ। "

ইফালে গৌতম আদানীয়েও সন্মিলনত উপস্থিত থাকি ভাৰতৰ উন্নয়নৰ বিষয়ে কয় । আদানিয়ে প্ৰধানমন্ত্ৰী মোদীকো প্ৰশংসা কৰি কয় "আপোনাৰ নেতৃত্বত ২০৪৭ চনৰ ভিতৰত ভাৰত এখন উন্নত দেশ হৈ পৰিব। আপুনি ভাৰতক এখন শক্তিশালী দেশ হিচাপে গঢ়ি তুলিব পাৰিছে।’’ আদানিয়ে  অহা পাঁচ বছৰত গুজৰাটত ২ লাখ কোটি টকা বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতিও  দিয়ে ইয়াৰ ফলত ১,০০,০০০ চাকৰি সৃষ্টি হ'ব বুলি  তেওঁ কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু