--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত ২৫ বছৰৰ ভিতৰত  এখন উন্নত দেশত পৰিণত হ'ব। গুজৰাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অংগীকাৰ কৰে। ভাইব্ৰেণ্ট গুজৰাট গোলকীয় সন্মিলনৰ দশম সংস্কৰণ বুধবাৰে গুজৰাটত আৰম্ভ হৈছে। মোদীয়ে সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত  উপস্থিত থাকি ভাৰতক ২৫ বছৰৰ ভিতৰত উন্নত দেশত পৰিণত কৰা হ’ব বুলি মন্তব্য কৰে৷ 


প্ৰধানমন্ত্ৰীয়ে কয়  "শেহতীয়াকৈ আমি দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰিছো।  ইয়াৰ পিছত ভাৰতে অহা ২৫ বছৰত অধিক আগবাঢ়িব বিচাৰে। স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত এই দেশখন এখন উন্নত দেশলৈ ৰূপান্তৰিত  হ'ব।  সেয়েহে পৰৱৰ্তী ২৫ বছৰ হৈছে ভাৰতৰ অমৃত কাল। এই অমৃত কালত এয়া হৈছে প্ৰথম ভাইব্ৰেণ্ট গুজৰাট গোলকীয় সন্মিলন।  সেয়েহে এই সন্মিলনৰ গুৰুত্বপূৰ্ণ অধিক। ইয়াত ১০০ খনতকৈও অধিক দেশৰ প্ৰতিনিধি উপস্থিত আছে। তেওঁলোক সকলোৱে ভাৰতৰ এই যাত্ৰাৰ অংশ। "

ইফালে গৌতম আদানীয়েও সন্মিলনত উপস্থিত থাকি ভাৰতৰ উন্নয়নৰ বিষয়ে কয় । আদানিয়ে প্ৰধানমন্ত্ৰী মোদীকো প্ৰশংসা কৰি কয় "আপোনাৰ নেতৃত্বত ২০৪৭ চনৰ ভিতৰত ভাৰত এখন উন্নত দেশ হৈ পৰিব। আপুনি ভাৰতক এখন শক্তিশালী দেশ হিচাপে গঢ়ি তুলিব পাৰিছে।’’ আদানিয়ে  অহা পাঁচ বছৰত গুজৰাটত ২ লাখ কোটি টকা বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতিও  দিয়ে ইয়াৰ ফলত ১,০০,০০০ চাকৰি সৃষ্টি হ'ব বুলি  তেওঁ কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক