--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত সিদ্ধান্ত হ’ল৷২২ জানুৱাৰীত উদ্বোধন হ’ব অয্যধ্যাৰ ৰাম মন্দিৰ৷ কিন্তু নিমন্ত্ৰণ পোৱাৰ পিছতো ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত নাথাকে ছোনিয়া গান্ধীকে ধৰি কংগ্ৰেছৰ আন নেতাসকল৷  অনুষ্ঠানত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীও উপস্থিত নাথাকিব। 

কংগ্ৰেছে বুধবাৰে  শীৰ্ষ নেতৃত্বৰ এই সিদ্ধান্তৰ বিষয়ে প্ৰকাশ  কৰিছে। কংগ্ৰেছৰ মতে ৰাম  মন্দিৰৰ উদ্বোধন প্ৰকৃততে আৰ এছ এছ আৰু বিজেপিৰ এটা দলীয় কাৰ্যসূচীহে। পৰৱৰ্তী লোকসভা নিৰ্বাচনত লাভালাভ অৰ্জন  কৰিবলৈ ৰাম মন্দিৰৰ উদ্বোধনক বিজেপিয়ে নিৰ্বাচনী অস্ত্ৰ হিচাবে  ব্যৱহাৰ কৰিব বিচাৰিছে বুলিও কংগ্ৰেছে অভিযোগ কৰিছে৷  সেয়ে বিজেপিৰ এনে কৌশলৰ পৰা সমূলি আঁতৰি থাকিব বিচাৰিছে  কংগ্ৰেছে৷উল্লেখ্য ২২ জানুৱাৰীত ৰাম মন্দিৰৰ উদ্বোধনৰ বাবে তিনিগৰাকী কংগ্ৰেছ নেতাক আমন্ত্ৰণ জনোৱা হৈছিল। 

অনুষ্ঠানত  ছোনিয়া গান্ধীয়ে   উপস্থিত থাকিব নে নাই তাকেলৈ বহুতৰে মাজত চৰ্চা চলিছিল৷ অৱশেষত  বুধবাৰে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে  এটা বিবৃতি জাৰি কৰিছে৷ বিবৃতিটোত কোৱা হৈছে- "ধৰ্ম সকলোৰে ব্যক্তিগত বিষয়। দেশৰ বহুলোকে ৰামক উপাসনা কৰে। কিন্তু বিজেপি আৰু আৰ এছ এছে দীৰ্ঘদিন ধৰি ৰাম মন্দিৰ স্থাপনক তেওঁলোকৰ ৰাজনৈতিক কাৰ্যসূচী কৰি তুলিছে। " 

কংগ্ৰেছে অভিযোগ কৰিছে যে দুয়োটা দলৰ নেতাই আগন্তুক লোকসভা নিৰ্বাচনত লাভালাভ অৰ্জন কৰিবলৈ অসম্পূৰ্ণ ৰাম মন্দিৰ উদ্বোধন কৰিছে। কংগ্ৰেছে অনুষ্ঠানটোলৈ কৰা  আমন্ত্ৰণ সেয়ে প্ৰত্যাখ্যান কৰিছে। দলটোৱে অৱশ্যে ৰাম মন্দিৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায় আৰু ভগৱান ৰামৰ প্ৰতি জনসাধাৰণৰ ভক্তিক সন্মান কৰে বুলিও স্পষ্ট কৰি দিছে। মন কৰিবলগীয়া যে আমন্ত্ৰণ পোৱাৰ কেইবাদিনো পাৰ হৈ যোৱাৰ পিছতহে কংগ্ৰেছে আজি অনুষ্ঠানত উপস্থিত নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক