--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত নতুন আবকাৰী নীতিক লৈ বহু হুলস্থুল হোৱাৰ পাছত ১ ছেপ্টেম্বৰৰ পৰা পুৰণি আবকাৰী নীতি কাৰ্যকৰী হয়। ইয়াৰ অধীনত ছেপ্টেম্বৰ মাহত এতিয়ালৈকে প্ৰায় আঢ়ৈ কোটি সুৰাৰ বটল বিক্ৰী হৈছে। যদিও ২৫ দিনৰ ক্ষেত্ৰত গড় বিক্ৰীতকৈ এই বিক্ৰী কিছু কম। কিন্তু আবকাৰী নীতিৰ পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত আগন্তুক মাহৰ বাবে সুৰা বিক্ৰেতাসকলে ভাল দিনৰ আশা কৰিছে।

দৰাচলতে দিল্লীত নতুন আবকাৰী নীতিক লৈ ব্যাপক হুলস্থুলৰ সৃষ্টি হৈছিল। ইয়াৰ পিছতে সিদ্ধান্ত লোৱা হ’ল যে পুৰণি সুৰা নীতি বলবৎ কৰা হ’ব। তথ্য অনুসৰি ছেপ্টেম্বৰ মাহত দিল্লীত ৫০০ৰো অধিক চৰকাৰী সুৰাৰ বিপণী খুলিছিল। গড়ে প্ৰতিদিনে দিল্লীত প্ৰায় ১৫ লাখ সুৰাৰ বটল বিক্ৰী হয়, অৰ্থাৎ এমাহত প্ৰায় চাৰে চাৰি কোটি বটল বিক্ৰী হয়। এনে অৱস্থাত অনাগত দিনত চাহিদা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আগন্তুক উৎসৱমুখৰ বতৰ, বিশেষকৈ দীপাৱলীৰ পূৰ্বে সুৰাৰ বিক্ৰী বৃদ্ধি পাব বুলি সুৰা বিক্ৰেতাসকলে বিশ্বাস কৰিছে।

এতিয়ালৈকে দিল্লীৰ আবকাৰী বিভাগে সুৰাৰ পৰা প্ৰায় ৬৮০ কোটি টকা উপাৰ্জন কৰিছে। আশা কৰা হৈছে যে চলিত মাহত এই সংখ্যাই ৭০০ কোটি অতিক্ৰম কৰিব। জানিব পৰা মতে এই আয়ৰ এটা ডাঙৰ অংশ পুৰণি সুৰা নীতিৰ অধীনত ব্ৰেণ্ড পঞ্জীয়নৰ লগতে হোটেল আৰু পাবৰ অনুজ্ঞাপত্ৰ নবীকৰণৰ পৰা আহিছে।

দিল্লীত ৩১ আগষ্টলৈকে কাৰ্যকৰী হৈছিল নতুন আবকাৰী নীতি। অৰ্থাৎ ৩১ আগষ্টলৈকে ব্যক্তিগত দোকানৰ পৰা সুৰা বিক্ৰী হৈছে। তাৰ পিছত এই মাহৰ আৰম্ভণিৰ পৰা পুনৰ ৰূপায়ণ হ’ল পুৰণি আবকাৰী নীতি। ইয়াৰ অধীনত চৰকাৰী দোকানৰ পৰা সুৰা বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হৈছে। কোৱা বাহুল্য যে দিল্লী চৰকাৰে পুৰণি আবকাৰী নীতি ঘূৰাই আনি বহুত লাভৰ মুখ দেখিলে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক