--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত নতুন আবকাৰী নীতিক লৈ বহু হুলস্থুল হোৱাৰ পাছত ১ ছেপ্টেম্বৰৰ পৰা পুৰণি আবকাৰী নীতি কাৰ্যকৰী হয়। ইয়াৰ অধীনত ছেপ্টেম্বৰ মাহত এতিয়ালৈকে প্ৰায় আঢ়ৈ কোটি সুৰাৰ বটল বিক্ৰী হৈছে। যদিও ২৫ দিনৰ ক্ষেত্ৰত গড় বিক্ৰীতকৈ এই বিক্ৰী কিছু কম। কিন্তু আবকাৰী নীতিৰ পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত আগন্তুক মাহৰ বাবে সুৰা বিক্ৰেতাসকলে ভাল দিনৰ আশা কৰিছে।

দৰাচলতে দিল্লীত নতুন আবকাৰী নীতিক লৈ ব্যাপক হুলস্থুলৰ সৃষ্টি হৈছিল। ইয়াৰ পিছতে সিদ্ধান্ত লোৱা হ’ল যে পুৰণি সুৰা নীতি বলবৎ কৰা হ’ব। তথ্য অনুসৰি ছেপ্টেম্বৰ মাহত দিল্লীত ৫০০ৰো অধিক চৰকাৰী সুৰাৰ বিপণী খুলিছিল। গড়ে প্ৰতিদিনে দিল্লীত প্ৰায় ১৫ লাখ সুৰাৰ বটল বিক্ৰী হয়, অৰ্থাৎ এমাহত প্ৰায় চাৰে চাৰি কোটি বটল বিক্ৰী হয়। এনে অৱস্থাত অনাগত দিনত চাহিদা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আগন্তুক উৎসৱমুখৰ বতৰ, বিশেষকৈ দীপাৱলীৰ পূৰ্বে সুৰাৰ বিক্ৰী বৃদ্ধি পাব বুলি সুৰা বিক্ৰেতাসকলে বিশ্বাস কৰিছে।

এতিয়ালৈকে দিল্লীৰ আবকাৰী বিভাগে সুৰাৰ পৰা প্ৰায় ৬৮০ কোটি টকা উপাৰ্জন কৰিছে। আশা কৰা হৈছে যে চলিত মাহত এই সংখ্যাই ৭০০ কোটি অতিক্ৰম কৰিব। জানিব পৰা মতে এই আয়ৰ এটা ডাঙৰ অংশ পুৰণি সুৰা নীতিৰ অধীনত ব্ৰেণ্ড পঞ্জীয়নৰ লগতে হোটেল আৰু পাবৰ অনুজ্ঞাপত্ৰ নবীকৰণৰ পৰা আহিছে।

দিল্লীত ৩১ আগষ্টলৈকে কাৰ্যকৰী হৈছিল নতুন আবকাৰী নীতি। অৰ্থাৎ ৩১ আগষ্টলৈকে ব্যক্তিগত দোকানৰ পৰা সুৰা বিক্ৰী হৈছে। তাৰ পিছত এই মাহৰ আৰম্ভণিৰ পৰা পুনৰ ৰূপায়ণ হ’ল পুৰণি আবকাৰী নীতি। ইয়াৰ অধীনত চৰকাৰী দোকানৰ পৰা সুৰা বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হৈছে। কোৱা বাহুল্য যে দিল্লী চৰকাৰে পুৰণি আবকাৰী নীতি ঘূৰাই আনি বহুত লাভৰ মুখ দেখিলে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু