--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শোকাৱহ দুৰ্ঘটনাই জোকাৰি গৈছে হিমাচল প্ৰদেশক। ৰাজ্য খনৰ  কুল্লুত পাহাৰৰ পৰা খাৱৈত  এখন বাছ বাগৰি পৰাত ৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু ঘটে। ছাত্ৰ-ছাত্ৰীসকলক শিক্ষামূলক ভ্ৰমণৰ বাবে লৈ যোৱা বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰি যায়। ঘটনাটোত  কমেও ১০ জন  লোক আহত হৈছে। আহত সকলৰ কেইজনমানৰ অৱস্থা সংকটজনক হুলি জানিব পৰা গৈছে। 

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে কুল্লুৰ জলৰি পাছৰ ওচৰত এই দুৰ্ঘটনাটো  সংঘটিত হয়। বাছ খনে দেওবাৰে নিশা প্ৰায় ৮:৩০ বজাত সেই ঠাইৰ মাজেৰে পাৰ হৈ থকাৰ সময়তে  হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ ওপৰৰ পৰা তলৰ দ’  খাৱৈত পৰে। 


খাদটোত পানী জমা হৈ  আছিল। বাগৰি পৰা  গাড়ীখনৰ কিছু অংশ পানীত ডুব যায়। দুৰ্ঘটনাটোৰ শব্দ শুনি স্থানীয়  লোকসকল ঘটনাস্থলীলৈ ঢপলিয়ায় যায় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। অঞ্চলটোৰ লোকসকলে উদ্ধাৰ কাৰ্য্যত  সহায় কৰি আছে বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষী আৰু দুৰ্যোগ প্ৰশমন গোটে ঘটনাস্থলীত উপস্থিত হৈ ৭ টা মৃতদেহ উদ্ধাৰ কৰিছে। বাছ খনত মুঠ ১৭ জন যাত্ৰী আছিল। 

নিহত আৰু আহত ছাত্ৰ-ছাত্ৰীসকলক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।  তেওঁলোকে বাৰাণসীৰ পৰা শিক্ষামূলক ভ্ৰমণৰ বাবে হিমাচললৈ  গৈছিল। অৱশ্যে, শিক্ষাৰ্থীসকলৰ ঘৰৰ ঠিকনা এতিয়াও উদ্ধাৰ হোৱা নাই।  পথৰ দুৰৱস্থাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু