--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শোকাৱহ দুৰ্ঘটনাই জোকাৰি গৈছে হিমাচল প্ৰদেশক। ৰাজ্য খনৰ  কুল্লুত পাহাৰৰ পৰা খাৱৈত  এখন বাছ বাগৰি পৰাত ৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু ঘটে। ছাত্ৰ-ছাত্ৰীসকলক শিক্ষামূলক ভ্ৰমণৰ বাবে লৈ যোৱা বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰি যায়। ঘটনাটোত  কমেও ১০ জন  লোক আহত হৈছে। আহত সকলৰ কেইজনমানৰ অৱস্থা সংকটজনক হুলি জানিব পৰা গৈছে। 

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে কুল্লুৰ জলৰি পাছৰ ওচৰত এই দুৰ্ঘটনাটো  সংঘটিত হয়। বাছ খনে দেওবাৰে নিশা প্ৰায় ৮:৩০ বজাত সেই ঠাইৰ মাজেৰে পাৰ হৈ থকাৰ সময়তে  হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ ওপৰৰ পৰা তলৰ দ’  খাৱৈত পৰে। 


খাদটোত পানী জমা হৈ  আছিল। বাগৰি পৰা  গাড়ীখনৰ কিছু অংশ পানীত ডুব যায়। দুৰ্ঘটনাটোৰ শব্দ শুনি স্থানীয়  লোকসকল ঘটনাস্থলীলৈ ঢপলিয়ায় যায় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। অঞ্চলটোৰ লোকসকলে উদ্ধাৰ কাৰ্য্যত  সহায় কৰি আছে বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষী আৰু দুৰ্যোগ প্ৰশমন গোটে ঘটনাস্থলীত উপস্থিত হৈ ৭ টা মৃতদেহ উদ্ধাৰ কৰিছে। বাছ খনত মুঠ ১৭ জন যাত্ৰী আছিল। 

নিহত আৰু আহত ছাত্ৰ-ছাত্ৰীসকলক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।  তেওঁলোকে বাৰাণসীৰ পৰা শিক্ষামূলক ভ্ৰমণৰ বাবে হিমাচললৈ  গৈছিল। অৱশ্যে, শিক্ষাৰ্থীসকলৰ ঘৰৰ ঠিকনা এতিয়াও উদ্ধাৰ হোৱা নাই।  পথৰ দুৰৱস্থাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক