--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰৰ কৃষি নীতিৰ বিৰোধিতাৰে অব্যাহত আছে কৃষক আন্দোলন। আজি ২৫ দিনত ভৰি দিলে কৃষক প্ৰতিবাদে। বিগত ২৫ দিনে পঞ্জাব–হাৰিয়ানাৰ শম্ভু আৰু খানৌৰি সীমান্তত অৱস্থান কৰি আছে হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকে।

তাৰ মাজতে আজি আন্তৰ্জাতিক নাৰী দিৱসত আন্দোলনৰ ৰণনীতি সলনি কৰিলে কৃষক নেতৃত্বই। নাৰী দিৱসৰ দিনটোত হাজাৰ হাজাৰ মহিলাই দিনটোৰ বাবে চম্ভালি ল’লে আন্দোলনৰ দায়িত্ব। যাৰ বাবে শম্ভু আৰু খানৌৰি সীমান্তত উপস্থিত হৈছিল পঞ্জাব আৰু হাৰিয়ানাৰ হাজাৰ হাজাৰ মহিলা। তাৰ মাজতে সংযুক্ত কৃষক মৰ্চা আৰু কৃষক মজদুৰ মৰ্চাৰ আহ্বানত অব্যাহত আছে কৃষকৰ দিল্লী চলো কাৰ্যসূচী। দেশৰ ভিন্ন প্ৰান্তৰ পৰা দিল্লীলৈ সোঁত বৈছে প্ৰতিবাদী কৃষকৰ। কেৰালাৰ পৰা বৃহস্পতিবাৰে প্ৰতিবাদী কৃষকৰ বৃহৎ দল ৰাওনা দিল্লীলৈ। 

আনহাতে তামিলনাডুৰ ত্ৰিচুৰত প্ৰতিবাদী কৃষকে অৱৰোধ কৰিলে ৰে’ল। দিল্লীগামী ৰে’লত ভ্ৰমণত বাধা দিয়াৰ বাবে ৰে’লপথতে বহি প্ৰতিবাদ সাব্যস্ত কৃষকসকলৰ। আনহাতে ১০ মাৰ্চত সমগ্ৰ দেশতে ৰে’ল ৰোকো কাৰ্যসূচী ঘোষণা কৃষক আন্দোলনৰ নেতৃত্বৰ। তাৰ বিপৰীতে ১৪ মাৰ্চত দিল্লীৰ ৰামলীলা ময়দানত মহাপঞ্চায়তৰ আয়োজন কৃষক সংগঠনৰ। ইপিনে কৃষক আন্দোলন দীঘলীয়া হোৱাৰ হুংকাৰ দিছে আন্দোলনৰ নেতৃত্বই। এতিয়ালৈ ৮ জন লোকৰ মৃত্যু হোৱা এই আন্দোলনৰ বাবে প্ৰতিবাদী কৃষকসকলক সাজু থকাৰ আহ্বান জনাইছে কৃষক সংগঠনসমূহে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু