--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰৰ কৃষি নীতিৰ বিৰোধিতাৰে অব্যাহত আছে কৃষক আন্দোলন। আজি ২৫ দিনত ভৰি দিলে কৃষক প্ৰতিবাদে। বিগত ২৫ দিনে পঞ্জাব–হাৰিয়ানাৰ শম্ভু আৰু খানৌৰি সীমান্তত অৱস্থান কৰি আছে হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকে।

তাৰ মাজতে আজি আন্তৰ্জাতিক নাৰী দিৱসত আন্দোলনৰ ৰণনীতি সলনি কৰিলে কৃষক নেতৃত্বই। নাৰী দিৱসৰ দিনটোত হাজাৰ হাজাৰ মহিলাই দিনটোৰ বাবে চম্ভালি ল’লে আন্দোলনৰ দায়িত্ব। যাৰ বাবে শম্ভু আৰু খানৌৰি সীমান্তত উপস্থিত হৈছিল পঞ্জাব আৰু হাৰিয়ানাৰ হাজাৰ হাজাৰ মহিলা। তাৰ মাজতে সংযুক্ত কৃষক মৰ্চা আৰু কৃষক মজদুৰ মৰ্চাৰ আহ্বানত অব্যাহত আছে কৃষকৰ দিল্লী চলো কাৰ্যসূচী। দেশৰ ভিন্ন প্ৰান্তৰ পৰা দিল্লীলৈ সোঁত বৈছে প্ৰতিবাদী কৃষকৰ। কেৰালাৰ পৰা বৃহস্পতিবাৰে প্ৰতিবাদী কৃষকৰ বৃহৎ দল ৰাওনা দিল্লীলৈ। 

আনহাতে তামিলনাডুৰ ত্ৰিচুৰত প্ৰতিবাদী কৃষকে অৱৰোধ কৰিলে ৰে’ল। দিল্লীগামী ৰে’লত ভ্ৰমণত বাধা দিয়াৰ বাবে ৰে’লপথতে বহি প্ৰতিবাদ সাব্যস্ত কৃষকসকলৰ। আনহাতে ১০ মাৰ্চত সমগ্ৰ দেশতে ৰে’ল ৰোকো কাৰ্যসূচী ঘোষণা কৃষক আন্দোলনৰ নেতৃত্বৰ। তাৰ বিপৰীতে ১৪ মাৰ্চত দিল্লীৰ ৰামলীলা ময়দানত মহাপঞ্চায়তৰ আয়োজন কৃষক সংগঠনৰ। ইপিনে কৃষক আন্দোলন দীঘলীয়া হোৱাৰ হুংকাৰ দিছে আন্দোলনৰ নেতৃত্বই। এতিয়ালৈ ৮ জন লোকৰ মৃত্যু হোৱা এই আন্দোলনৰ বাবে প্ৰতিবাদী কৃষকসকলক সাজু থকাৰ আহ্বান জনাইছে কৃষক সংগঠনসমূহে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী