--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক লোমহৰ্ষক হত্যাকাণ্ড। পিতৃয়ে হত্যা কৰিলে পুত্ৰক। পুত্ৰৰ বিয়াৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে হত্যা কৰিলে পিতৃয়ে। দক্ষিণ দিল্লীৰ দেওলী এক্সটেনচন এলেকাৰ পৰা পোহৰলৈ আহিছে এই জঘন্য কাণ্ড, য’ত এজন ২৯ বছৰীয়া যুৱকক বিয়াৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে হত্যা কৰা হৈছিল। যুৱকজনক কোনো শত্ৰুৱে হত্যা কৰা নাছিল, পিতৃয়ে নিজেই হত্যা কৰিছিল। অটো চালকৰ সহযোগত অভিযুক্ত পিতৃক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

যোৱা ৭ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ১২.৩০ বজাত পি এছ-টিগ্ৰীৰ দেওলী এক্সটেনচনৰ ৰাজু পাৰ্কত সংঘটিত হত্যাকাণ্ডৰ সন্দৰ্ভত পিচিআৰ ফোন আহিছিল আৰক্ষীয়ে। সেই স্থানত উপস্থিত হোৱাৰ লগে লগে দেখা গ’ল যে ২৯ বছৰীয়া গৌৰৱ সিংঘালক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা হৈছে। আহত অৱস্থাত গৌৰৱক চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত তেওঁক মৃত ঘোষণা কৰা হয়। ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি গোচৰৰ তদন্ত আৰম্ভ কৰে।

প্ৰাথমিক তদন্তত গৌৰৱৰ পিতৃৰ সৈতে সম্পৰ্ক ভাল নাছিল বুলি জানিব পৰা গৈছে। গৌৰৱৰ দেউতাকে তেওঁক বিয়াৰ বাবে হেঁচা দি আছিল যদিও গৌৰৱে আন কাৰোবাক বিয়া কৰাব বিচাৰিছিল। সেই সম্পৰ্কত গৌৰৱৰ দেউতাকে সন্মতি জনোৱা নাছিল। যোৱা ৭ মাৰ্চত গৌৰৱৰ বিবাহ হোৱাৰ কথা আছিল, তাৰ কেইঘণ্টামান আগতে তেওঁক হত্যা কৰা হৈছিল। হত্যাকাণ্ডৰ পিছত গৌৰৱৰ পিতৃ পলাতক হৈ থকাৰ লগতে তেওঁৰ মোবাইল নম্বৰো চুইচ অফ কৰি ৰখাৰ পিছতে আৰক্ষীৰ সন্দেহ অধিক গভীৰ হৈ পৰে।

গৌৰৱৰ হত্যাকাণ্ডৰ পিছত পিতৃয়ে জয়পুৰলৈ পলায়ন কৰিছিল। তাৰ পৰাই তেওঁ এজন অটো চালকৰ ফোনৰ পৰা ঘৰলৈ ফোন কৰে, তাৰ পিছত আৰক্ষীয়ে অটো চালকৰ সহায়ত অভিযুক্তৰ কাষ চাপিবলৈ সক্ষম হয়। আৰক্ষীৰ মতে, অভিযুক্ত পিতৃয়ে পুত্ৰক ১৫ বাৰকৈ দাৰে আক্ৰমণ কৰিছিল। আনহাতে পুত্ৰক হত্যা কৰি কোনো অনুশোচনা নাই বুলি কোৱাৰ লগতে আগতেই এই কাম কৰিব লাগিছিল বুলি পিতৃয়ে আৰক্ষীক কয়। বৰ্তমান আৰক্ষীয়ে অভিযুক্তক জেৰা অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ