--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক লোমহৰ্ষক হত্যাকাণ্ড। পিতৃয়ে হত্যা কৰিলে পুত্ৰক। পুত্ৰৰ বিয়াৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে হত্যা কৰিলে পিতৃয়ে। দক্ষিণ দিল্লীৰ দেওলী এক্সটেনচন এলেকাৰ পৰা পোহৰলৈ আহিছে এই জঘন্য কাণ্ড, য’ত এজন ২৯ বছৰীয়া যুৱকক বিয়াৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে হত্যা কৰা হৈছিল। যুৱকজনক কোনো শত্ৰুৱে হত্যা কৰা নাছিল, পিতৃয়ে নিজেই হত্যা কৰিছিল। অটো চালকৰ সহযোগত অভিযুক্ত পিতৃক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

যোৱা ৭ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ১২.৩০ বজাত পি এছ-টিগ্ৰীৰ দেওলী এক্সটেনচনৰ ৰাজু পাৰ্কত সংঘটিত হত্যাকাণ্ডৰ সন্দৰ্ভত পিচিআৰ ফোন আহিছিল আৰক্ষীয়ে। সেই স্থানত উপস্থিত হোৱাৰ লগে লগে দেখা গ’ল যে ২৯ বছৰীয়া গৌৰৱ সিংঘালক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা হৈছে। আহত অৱস্থাত গৌৰৱক চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত তেওঁক মৃত ঘোষণা কৰা হয়। ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি গোচৰৰ তদন্ত আৰম্ভ কৰে।

প্ৰাথমিক তদন্তত গৌৰৱৰ পিতৃৰ সৈতে সম্পৰ্ক ভাল নাছিল বুলি জানিব পৰা গৈছে। গৌৰৱৰ দেউতাকে তেওঁক বিয়াৰ বাবে হেঁচা দি আছিল যদিও গৌৰৱে আন কাৰোবাক বিয়া কৰাব বিচাৰিছিল। সেই সম্পৰ্কত গৌৰৱৰ দেউতাকে সন্মতি জনোৱা নাছিল। যোৱা ৭ মাৰ্চত গৌৰৱৰ বিবাহ হোৱাৰ কথা আছিল, তাৰ কেইঘণ্টামান আগতে তেওঁক হত্যা কৰা হৈছিল। হত্যাকাণ্ডৰ পিছত গৌৰৱৰ পিতৃ পলাতক হৈ থকাৰ লগতে তেওঁৰ মোবাইল নম্বৰো চুইচ অফ কৰি ৰখাৰ পিছতে আৰক্ষীৰ সন্দেহ অধিক গভীৰ হৈ পৰে।

গৌৰৱৰ হত্যাকাণ্ডৰ পিছত পিতৃয়ে জয়পুৰলৈ পলায়ন কৰিছিল। তাৰ পৰাই তেওঁ এজন অটো চালকৰ ফোনৰ পৰা ঘৰলৈ ফোন কৰে, তাৰ পিছত আৰক্ষীয়ে অটো চালকৰ সহায়ত অভিযুক্তৰ কাষ চাপিবলৈ সক্ষম হয়। আৰক্ষীৰ মতে, অভিযুক্ত পিতৃয়ে পুত্ৰক ১৫ বাৰকৈ দাৰে আক্ৰমণ কৰিছিল। আনহাতে পুত্ৰক হত্যা কৰি কোনো অনুশোচনা নাই বুলি কোৱাৰ লগতে আগতেই এই কাম কৰিব লাগিছিল বুলি পিতৃয়ে আৰক্ষীক কয়। বৰ্তমান আৰক্ষীয়ে অভিযুক্তক জেৰা অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু