--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "দেউতা, মোক ক্ষমা কৰিব, মই নোৱাৰিলোঁ..."। এজন মৃত ছাত্ৰৰ শৰীৰ কাষত পৰি থকা ছুইচাইড নোটত লিখা আছিল এই শাৰীটো। ৰাজস্থানৰ কোটাত সংঘটিত হৈছে ছাত্ৰ আত্মহত্যাৰ আন এক ঘটনা। শুকুৰবাৰে কোটাৰ এটা ঘৰৰ পৰা উদ্ধাৰ কৰা হয় বিহাৰৰ JEE ছাত্ৰৰ মৃতদেহ। 

এতিয়ালৈকে কোটাত ছয়গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰে। এয়া চলিত বছৰত কোটাত সংঘটিত হোৱা ষষ্ঠটো আত্মহত্যাৰ ঘটনা। 

জানিব পৰা মতে বিহাৰৰ ভাগলপুৰ জিলাৰ বাসিন্দা অভিষেক কুমাৰে অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতি চলাবলৈ কোটালৈ আহিছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি শুকুৰবাৰে পুৱা আৰক্ষীয়ে ঘৰৰ পৰা অভিষেকৰ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীৰ প্ৰাৰম্ভিক ধাৰণা অনুসৰি বিষক্ৰিয়াৰ বাবেই তেওঁৰ মৃত্যু হৈছে। 

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, মৃতদেহটোৰ পৰা উদ্ধাৰ হৈছে এখন ছুইচাইড নোট। তাত লিখা আছে, "দেউতা, মই দুঃখিত।" মোক ক্ষমা কৰা মই JEE কৰিব নোৱাৰিম।'' আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ইয়াৰ পিছতে মৃতদেহ পিতৃ-মাতৃক গতাই দিয়া হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

মৃত ছাত্ৰজনৰ বন্ধু-বান্ধৱীৰ সৈতে কথা পতাৰ পিছত আৰক্ষীয়ে গম পায় যে অভিষেক কেইবামাহো ধৰি অন্যমনস্ক আৰু হতাশগ্ৰস্ত হৈ আছিল। বন্ধু-বান্ধৱীৰ লগত তেওঁ বিশেষ সামাজিক যোগাযোগ স্থাপন কৰা নাছিল। 

২৯ জানুৱাৰী আৰু ১৯ ফেব্ৰুৱাৰীত কোচিঙত দুদিনীয়া পৰীক্ষা আছিল। কিন্তু অভিষেক সেই পৰীক্ষা দিবলৈ অহা নাছিল। আৰক্ষীৰ মতে, পঢ়া-শুনাৰ লগত জড়িত মানসিক চাপৰ বাবে অভিষেকে এই চৰম পদক্ষেপ গ্ৰহণ কৰিলে।

উল্লেখযোগ্য যে ৰাজস্থানৰ কোটা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষক কেন্দ্ৰ হিচাপে বিখ্যাত। আই আই টিৰ প্ৰৱেশ পৰীক্ষাৰ পৰা আৰম্ভ কৰি অভিযান্ত্ৰিক আৰু চিকিৎসকৰ প্ৰতিযোগিতামূলক পৰীক্ষালৈকে কোচিং হাব হিচাপে পৰিচিত। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে তাৰ পৰাই পঢ়া-শুনা কৰিবলৈ কোটালৈ আহে। কিন্তু তাৰ মাজতে কিছুমান ছাত্ৰ-ছাত্ৰীয়ে মানসিক চাপ সহিব নোৱাৰি আত্মহত্যাৰ পদক্ষেপ গ্ৰহণ কৰে।


যোৱা বছৰ অৰ্থাৎ ২০২৩ চনতো কোটাত ২৯ জন ছাত্ৰই আত্মহত্যা কৰিছিল। ২০২২ চনত সেই সংখ্যা আছিল ১৫। ৰাজস্থান চৰকাৰে কোচিং চেণ্টাৰসমূহক ছাত্ৰ-ছাত্ৰীৰ মানসিক চাপ কমোৱাৰ বাবে বিভিন্ন পদক্ষেপ ল’বলৈ কয় যদিও ইয়াৰ কোনো উল্লেখযোগ্য ফলাফল পোৱা নাই।




FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী