--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "দেউতা, মোক ক্ষমা কৰিব, মই নোৱাৰিলোঁ..."। এজন মৃত ছাত্ৰৰ শৰীৰ কাষত পৰি থকা ছুইচাইড নোটত লিখা আছিল এই শাৰীটো। ৰাজস্থানৰ কোটাত সংঘটিত হৈছে ছাত্ৰ আত্মহত্যাৰ আন এক ঘটনা। শুকুৰবাৰে কোটাৰ এটা ঘৰৰ পৰা উদ্ধাৰ কৰা হয় বিহাৰৰ JEE ছাত্ৰৰ মৃতদেহ। 

এতিয়ালৈকে কোটাত ছয়গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰে। এয়া চলিত বছৰত কোটাত সংঘটিত হোৱা ষষ্ঠটো আত্মহত্যাৰ ঘটনা। 

জানিব পৰা মতে বিহাৰৰ ভাগলপুৰ জিলাৰ বাসিন্দা অভিষেক কুমাৰে অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতি চলাবলৈ কোটালৈ আহিছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি শুকুৰবাৰে পুৱা আৰক্ষীয়ে ঘৰৰ পৰা অভিষেকৰ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীৰ প্ৰাৰম্ভিক ধাৰণা অনুসৰি বিষক্ৰিয়াৰ বাবেই তেওঁৰ মৃত্যু হৈছে। 

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, মৃতদেহটোৰ পৰা উদ্ধাৰ হৈছে এখন ছুইচাইড নোট। তাত লিখা আছে, "দেউতা, মই দুঃখিত।" মোক ক্ষমা কৰা মই JEE কৰিব নোৱাৰিম।'' আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ইয়াৰ পিছতে মৃতদেহ পিতৃ-মাতৃক গতাই দিয়া হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

মৃত ছাত্ৰজনৰ বন্ধু-বান্ধৱীৰ সৈতে কথা পতাৰ পিছত আৰক্ষীয়ে গম পায় যে অভিষেক কেইবামাহো ধৰি অন্যমনস্ক আৰু হতাশগ্ৰস্ত হৈ আছিল। বন্ধু-বান্ধৱীৰ লগত তেওঁ বিশেষ সামাজিক যোগাযোগ স্থাপন কৰা নাছিল। 

২৯ জানুৱাৰী আৰু ১৯ ফেব্ৰুৱাৰীত কোচিঙত দুদিনীয়া পৰীক্ষা আছিল। কিন্তু অভিষেক সেই পৰীক্ষা দিবলৈ অহা নাছিল। আৰক্ষীৰ মতে, পঢ়া-শুনাৰ লগত জড়িত মানসিক চাপৰ বাবে অভিষেকে এই চৰম পদক্ষেপ গ্ৰহণ কৰিলে।

উল্লেখযোগ্য যে ৰাজস্থানৰ কোটা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষক কেন্দ্ৰ হিচাপে বিখ্যাত। আই আই টিৰ প্ৰৱেশ পৰীক্ষাৰ পৰা আৰম্ভ কৰি অভিযান্ত্ৰিক আৰু চিকিৎসকৰ প্ৰতিযোগিতামূলক পৰীক্ষালৈকে কোচিং হাব হিচাপে পৰিচিত। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে তাৰ পৰাই পঢ়া-শুনা কৰিবলৈ কোটালৈ আহে। কিন্তু তাৰ মাজতে কিছুমান ছাত্ৰ-ছাত্ৰীয়ে মানসিক চাপ সহিব নোৱাৰি আত্মহত্যাৰ পদক্ষেপ গ্ৰহণ কৰে।


যোৱা বছৰ অৰ্থাৎ ২০২৩ চনতো কোটাত ২৯ জন ছাত্ৰই আত্মহত্যা কৰিছিল। ২০২২ চনত সেই সংখ্যা আছিল ১৫। ৰাজস্থান চৰকাৰে কোচিং চেণ্টাৰসমূহক ছাত্ৰ-ছাত্ৰীৰ মানসিক চাপ কমোৱাৰ বাবে বিভিন্ন পদক্ষেপ ল’বলৈ কয় যদিও ইয়াৰ কোনো উল্লেখযোগ্য ফলাফল পোৱা নাই।




FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু