--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইলিচ মাছ বুলিলেই বহুতৰে জিভাৰ পানী পৰে৷ কিন্তু এই মাছৰ দাম যথেষ্ট বেছি। সেয়েহে লোভ থাকিলেও ইলিচৰ সোৱাদ লাভৰ পৰা বঞ্চিত হয় বহুলোক৷ কিন্তু এই ইলিচ মাছ যেতিয়া মাত্ৰ ২৫ টকাতে বিক্ৰী হোৱাৰ খবৰ শুনিব তেতিয়া নিশ্চয়ভাৱে আপুনি আচৰিত হ’ব৷ বিশ্বাস কৰিবলৈ টান লাগিলেও বৰ্তমান পানীৰ দৰত বিক্ৰী হৈছে ইলিচ মাছ। অৱশ্যে এইয়া  এয়া অসমত নহয়।  এই খবৰ বাংলাদেশৰ।  তাত এজন গেলামালৰ ব্যৱসায়ীয়ে ২৫ টকাত ইলিচ মাছ বিক্ৰী কৰি আছে।  খবৰ ওলোৱাৰ পিছতে হুলস্থুল লাগিছে সংবাদ মাধ্যমত।

বাংলাদেশৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ঢাকাৰ দক্ষিণ অঞ্চলৰ গেলামালৰ ব্যৱসায়ী মহম্মদ জুৱেলে ২৫ টকাত দুটুকুৰা ইলিচ মাছ বিক্ৰী কৰে।  কেৱল সেয়াই নহয়, এই দোকানখনত ৫ টকাত শুকান মাছ , ৩ টকাত চাহপাত, ১ টকাত মুৰি , ১৫ টকাত তেলাপিয়া মাছ, ৪০ টকাত ৰৌ মাছ, ৫ টকাত দালি, ২ টকাত চেনিৰ লগতে নিমখ পোৱা যায় ১ টকাৰ বিনিময়ত।বৰ্তমানে এই দোকানখনক লৈ যথেষ্ট আলোড়নৰ সৃষ্টি হৈছে সমগ্ৰ বাংলাদেশতে ।

কিন্তু বহুতে এই কথা শুনি আচৰিত হ’ব যে কেনেকৈ বৰ্তমানৰ বজাৰত দোকানীজনে ইমান কম দামত সামগ্ৰী বিক্ৰী কৰি আছে। ব্যৱসায়ী জুৱেলে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ বাস কৰা অঞ্চলটোত সাধাৰণতে দৰিদ্ৰ লোকৰ বসতি প্ৰধান।  তেওঁলোক বেছিভাগেই দিন হাজিৰা কৰা শ্ৰমিক।  কম টকাৰে পৰিয়ালটো চলাবলৈ বহু কষ্ট কৰে তেওঁলোকে । ফলত বহুত টকা খৰচ কৰি মছলা, তেল আদিৰ বজাৰ কৰিব নোৱাৰে৷  গতিকে জুৱেলে নিজেই কম পৰিমাণৰ মছলা, তেল বা মাছ আদিৰ সৰু সৰু পেকেট বনায়।  সেই পেকেটটোৰ দাম নাম মাত্ৰ ৰাখে  আৰু এই পেকেটবোৰ বিক্ৰী কৰে শ্ৰমিক সকলৰ মাজত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়