--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইলিচ মাছ বুলিলেই বহুতৰে জিভাৰ পানী পৰে৷ কিন্তু এই মাছৰ দাম যথেষ্ট বেছি। সেয়েহে লোভ থাকিলেও ইলিচৰ সোৱাদ লাভৰ পৰা বঞ্চিত হয় বহুলোক৷ কিন্তু এই ইলিচ মাছ যেতিয়া মাত্ৰ ২৫ টকাতে বিক্ৰী হোৱাৰ খবৰ শুনিব তেতিয়া নিশ্চয়ভাৱে আপুনি আচৰিত হ’ব৷ বিশ্বাস কৰিবলৈ টান লাগিলেও বৰ্তমান পানীৰ দৰত বিক্ৰী হৈছে ইলিচ মাছ। অৱশ্যে এইয়া  এয়া অসমত নহয়।  এই খবৰ বাংলাদেশৰ।  তাত এজন গেলামালৰ ব্যৱসায়ীয়ে ২৫ টকাত ইলিচ মাছ বিক্ৰী কৰি আছে।  খবৰ ওলোৱাৰ পিছতে হুলস্থুল লাগিছে সংবাদ মাধ্যমত।

বাংলাদেশৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ঢাকাৰ দক্ষিণ অঞ্চলৰ গেলামালৰ ব্যৱসায়ী মহম্মদ জুৱেলে ২৫ টকাত দুটুকুৰা ইলিচ মাছ বিক্ৰী কৰে।  কেৱল সেয়াই নহয়, এই দোকানখনত ৫ টকাত শুকান মাছ , ৩ টকাত চাহপাত, ১ টকাত মুৰি , ১৫ টকাত তেলাপিয়া মাছ, ৪০ টকাত ৰৌ মাছ, ৫ টকাত দালি, ২ টকাত চেনিৰ লগতে নিমখ পোৱা যায় ১ টকাৰ বিনিময়ত।বৰ্তমানে এই দোকানখনক লৈ যথেষ্ট আলোড়নৰ সৃষ্টি হৈছে সমগ্ৰ বাংলাদেশতে ।

কিন্তু বহুতে এই কথা শুনি আচৰিত হ’ব যে কেনেকৈ বৰ্তমানৰ বজাৰত দোকানীজনে ইমান কম দামত সামগ্ৰী বিক্ৰী কৰি আছে। ব্যৱসায়ী জুৱেলে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ বাস কৰা অঞ্চলটোত সাধাৰণতে দৰিদ্ৰ লোকৰ বসতি প্ৰধান।  তেওঁলোক বেছিভাগেই দিন হাজিৰা কৰা শ্ৰমিক।  কম টকাৰে পৰিয়ালটো চলাবলৈ বহু কষ্ট কৰে তেওঁলোকে । ফলত বহুত টকা খৰচ কৰি মছলা, তেল আদিৰ বজাৰ কৰিব নোৱাৰে৷  গতিকে জুৱেলে নিজেই কম পৰিমাণৰ মছলা, তেল বা মাছ আদিৰ সৰু সৰু পেকেট বনায়।  সেই পেকেটটোৰ দাম নাম মাত্ৰ ৰাখে  আৰু এই পেকেটবোৰ বিক্ৰী কৰে শ্ৰমিক সকলৰ মাজত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ