--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ এবাৰ যাত্ৰীক  হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হ’ল আমেৰিকান এয়াৰলাইনছৰ বিৰুদ্ধে৷ 
জানিব পৰা মতে, যাত্ৰীগৰাকীয়ে অসুস্থতাৰ বাবে এয়াৰলাইন কৰ্মচাৰীৰ নিৰ্দেশনা অনুসৰণ কৰিব পৰা নাছিল। অভিযোগ কৰা হৈছে যে আমেৰিকান এয়াৰলাইনছে কোনো সহায় অবিহনে দিল্লী বিমানবন্দৰত এগৰাকী যাত্ৰীক  বিমান বন্দৰতে এৰি থৈ আহিছিল। বিমানখন নতুন দিল্লীৰ পৰা নিউয়ৰ্কলৈ গৈ আছিল। এই ঘটনাটো ৩০ জানুৱাৰীত সংঘটিত হৈছিল।

যাত্ৰীগৰাকীৰ  নাম মীনাক্ষী সেনগুপ্তা। তেওঁ আমেৰিকাত বাস কৰে। তেওঁ আমেৰিকান এয়াৰলাইনছৰ বিৰুদ্ধে এটা অভিযোগ দাখিল কৰিছে। বিমান বন্দৰৰ কৰ্মচাৰীক শাৰিৰীক অসুস্থতাৰ বিষয়ে অৱগত কৰাৰ পিছতো তেওঁক  আসনৰ ওপৰত থকা কেবিনত বেগটো উঠোৱাত সহায় কৰা নাছিল। যাত্ৰীগৰাকীৰ মোনাটোৰ ওজন আছিল প্ৰায় আঢ়ৈ কিলোগ্ৰাম। তেওঁৰ সেই মোনাটো উঠোৱাৰ শক্তি নাছিল।কিন্তু এইয়া  জনা স্বত্বেও, কৰ্মচাৰীসকল আগবাঢ়ি অহা নাছিল।

যোৱা ৩০ জানুৱাৰীতএই  আমেৰিকান এয়াৰলাইনছৰ বিমানখন দিল্লীৰ পৰা নিউয়ৰ্কলৈ গৈ আছিল।আৰু দিল্লীৰ বিমান বন্দৰতে এৰি থৈ গৈছিল অভিযোগ উত্থাপন কৰা যাত্ৰীগৰাকীক৷ অৱশ্যে যাত্ৰীগৰাকীয়ে বিমান কৰ্তৃপক্ষৰ  সৈতে যোগাযোগ কৰাত টিকটৰ কিছু মূল্য ঘূৰাই দিছিল৷

ভুক্তভোগী মীনাক্ষী কিছুদিনৰ বাবে  ভাৰতলৈ আহিছিল। সেই সময়ত তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল৷তেওঁৰ এটা  অস্ত্ৰোপচাৰো কৰা হৈছিল। ৩০ জানুৱাৰীত আমেৰিকালৈ উভতি আহিছিল অসুস্থ মীনাক্ষী। আমেৰিকান এয়াৰলাইনছৰ এখন বিমানৰ পৰা অফলোড হোৱাৰ পিছত, তেওঁ আন এটা কোম্পানীৰ বিমানত টিকট কিনিব লগা হৈছিল। মীনাক্ষীয়ে বিমান কোম্পানীটোৰ পৰা সন্মুখীন হোৱা সমস্যাৰ বিষয়ে বিমান কৰ্তৃক টেগ কৰি অৱগত কৰিছিল৷ কিন্তু বিমান কৰ্মচাৰীৰ ওপৰত বৰ্তমানলৈকে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই বিমান কোম্পানীটোৱে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ