--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ এবাৰ যাত্ৰীক  হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হ’ল আমেৰিকান এয়াৰলাইনছৰ বিৰুদ্ধে৷ 
জানিব পৰা মতে, যাত্ৰীগৰাকীয়ে অসুস্থতাৰ বাবে এয়াৰলাইন কৰ্মচাৰীৰ নিৰ্দেশনা অনুসৰণ কৰিব পৰা নাছিল। অভিযোগ কৰা হৈছে যে আমেৰিকান এয়াৰলাইনছে কোনো সহায় অবিহনে দিল্লী বিমানবন্দৰত এগৰাকী যাত্ৰীক  বিমান বন্দৰতে এৰি থৈ আহিছিল। বিমানখন নতুন দিল্লীৰ পৰা নিউয়ৰ্কলৈ গৈ আছিল। এই ঘটনাটো ৩০ জানুৱাৰীত সংঘটিত হৈছিল।

যাত্ৰীগৰাকীৰ  নাম মীনাক্ষী সেনগুপ্তা। তেওঁ আমেৰিকাত বাস কৰে। তেওঁ আমেৰিকান এয়াৰলাইনছৰ বিৰুদ্ধে এটা অভিযোগ দাখিল কৰিছে। বিমান বন্দৰৰ কৰ্মচাৰীক শাৰিৰীক অসুস্থতাৰ বিষয়ে অৱগত কৰাৰ পিছতো তেওঁক  আসনৰ ওপৰত থকা কেবিনত বেগটো উঠোৱাত সহায় কৰা নাছিল। যাত্ৰীগৰাকীৰ মোনাটোৰ ওজন আছিল প্ৰায় আঢ়ৈ কিলোগ্ৰাম। তেওঁৰ সেই মোনাটো উঠোৱাৰ শক্তি নাছিল।কিন্তু এইয়া  জনা স্বত্বেও, কৰ্মচাৰীসকল আগবাঢ়ি অহা নাছিল।

যোৱা ৩০ জানুৱাৰীতএই  আমেৰিকান এয়াৰলাইনছৰ বিমানখন দিল্লীৰ পৰা নিউয়ৰ্কলৈ গৈ আছিল।আৰু দিল্লীৰ বিমান বন্দৰতে এৰি থৈ গৈছিল অভিযোগ উত্থাপন কৰা যাত্ৰীগৰাকীক৷ অৱশ্যে যাত্ৰীগৰাকীয়ে বিমান কৰ্তৃপক্ষৰ  সৈতে যোগাযোগ কৰাত টিকটৰ কিছু মূল্য ঘূৰাই দিছিল৷

ভুক্তভোগী মীনাক্ষী কিছুদিনৰ বাবে  ভাৰতলৈ আহিছিল। সেই সময়ত তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল৷তেওঁৰ এটা  অস্ত্ৰোপচাৰো কৰা হৈছিল। ৩০ জানুৱাৰীত আমেৰিকালৈ উভতি আহিছিল অসুস্থ মীনাক্ষী। আমেৰিকান এয়াৰলাইনছৰ এখন বিমানৰ পৰা অফলোড হোৱাৰ পিছত, তেওঁ আন এটা কোম্পানীৰ বিমানত টিকট কিনিব লগা হৈছিল। মীনাক্ষীয়ে বিমান কোম্পানীটোৰ পৰা সন্মুখীন হোৱা সমস্যাৰ বিষয়ে বিমান কৰ্তৃক টেগ কৰি অৱগত কৰিছিল৷ কিন্তু বিমান কৰ্মচাৰীৰ ওপৰত বৰ্তমানলৈকে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই বিমান কোম্পানীটোৱে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ