--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে ডিগ্ৰী লাভৰ বাবে সংগ্ৰাম কৰে। স্নাতক হোৱাৰ পিছত অধিক উচ্চ শিক্ষিত হোৱাটো অধিক কঠিন হৈ পৰে। কিন্তু এই দেশত এজন ব্যক্তি আছিল যিয়ে ৪২ খন ভিন্ন বিশ্ববিদ্যালয়ৰ পৰা পঢ়া-শুনা কৰিছিল। ২০টা ভিন্ন বিষয়ত ডিগ্ৰী আছিল। তেওঁ ভাৰতৰ ভিতৰতে সৰ্বাধিক শিক্ষিত ব্যক্তি।

তেওঁ হৈছে শ্ৰীকান্ত জিচকাৰ। দেশৰ ভিতৰতে সৰ্বাধিক শিক্ষিত ব্যক্তি হোৱাৰ উপৰিও ২৬ বছৰ বয়সতে বিধায়ক হৈ পৰে শ্ৰীকান্ত। শ্ৰীকান্তৰ জন্ম হৈছিল ১৯৫৪ চনৰ ১৪ ছেপ্টেম্বৰত নাগপুৰৰ এটা মাৰাঠা পৰিয়ালত। দ্বাদশ মান সম্পূৰ্ণ কৰাৰ পাছত প্ৰথমে এম বি বি এছ আৰু পিছত নাগপুৰৰ এখন মেডিকেল কলেজৰ পৰা এমডি কৰে।

চিকিৎসা বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সফলতাৰে সম্পূৰ্ণ কৰাৰ পাছত শ্ৰীকান্তই আইন বিষয়তো অধ্যয়ন কৰে। আইন বিষয়ত স্নাতক হোৱাৰ পিছত তেওঁ আন্তঃৰাষ্ট্ৰীয় আইনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। আইন বিষয়ত পঢ়া-শুনা সমাপ্ত কৰাৰ পাছত শ্ৰীকান্তৰ অধিক শিক্ষাৰ হেঁপাহৰ বাবে ব্যৱসায় প্ৰশাসনৰ বিষয়ে অধ্যয়ন কৰাৰ সিদ্ধান্ত লৈছিল।

বিজনেছ এডমিনিষ্ট্ৰেচনত ডিগ্ৰী লাভ কৰি শ্ৰীকান্তই সাংবাদিকতাত স্নাতক ডিগ্ৰী লাভ কৰে। শ্ৰীকান্তই সংস্কৃত ভাষাতো ডক্টৰেট অৱ লিটাৰেচাৰ (D'Litt) লাভ কৰিছিল।প্ৰায়বোৰ ডিগ্ৰী পৰীক্ষাতে শ্ৰীকান্তই প্ৰথম স্থান লাভ কৰিছিল। তদুপৰি তেওঁ কেইবাটাও সোণৰ পদক লাভ কৰে। 

ভাৰতৰ অন্যতম কঠিন প্ৰৱেশ পৰীক্ষা ইউপিএছচি শ্ৰীকান্তই ক্লিয়াৰ কৰিছিল । শ্ৰীকান্তই দুবাৰ পৰীক্ষাত বহি দুবাৰকৈ উত্তীৰ্ণ হ’ল। শ্ৰীকান্ত প্ৰথমে আইপিএছ আৰু পিছলৈ আইএএছ হৈছিল। কিন্তু দুয়োটা ক্ষেত্ৰতে মাজভাগতে এৰি ৰাজনীতিত প্ৰৱেশ কৰিবলৈ তেওঁ এই সিদ্ধান্ত লৈছিল।

কলা বিভাগৰ বিভিন্ন ক্ষেত্ৰতো সফলতা লাভ কৰিছিল শ্ৰীকান্তই। চিত্ৰকলা, ফটোগ্ৰাফী আৰু অভিনয়তো একাধিক ডিগ্ৰী লাভ কৰিছে। ১৯৮০ চনত শ্ৰীকান্তই মহাৰাষ্ট্ৰ বিধানসভাত কংগ্ৰেছৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। সেই সময়ত তেওঁৰ বয়স আছিল ২৬ বছৰ। তেওঁ সেই সময়ত দেশৰ আটাইতকৈ কনিষ্ঠ বিধায়কও হৈ পৰিছিল। পিছলৈ শ্ৰীকান্তই মহাৰাষ্ট্ৰৰ প্ৰভাৱশালী মন্ত্ৰী হিচাপেও পৰিচিত হ’বলৈ আৰম্ভ কৰে।

শিশুৰ মাজত শিক্ষাৰ পোহৰ বিয়পোৱাৰ উদ্দেশ্যে শ্ৰীকান্তই নাগপুৰত এখন বিদ্যালয় খুলিছিল। এই বিদ্যালয়খনত ভাৰতৰ অন্যতম বৃহৎ পুথিভঁৰাল আছে। কিতাপৰ সংখ্যা প্ৰায় ৫২ হাজাৰ।২০০৪ চনৰ ২ জুনত এক গাড়ী দুৰ্ঘটনাত শ্ৰীকান্তৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫১ বছৰ।

চিকিৎসা আৰু আইন অধ্যয়নৰ উপৰিও শ্ৰীকান্তই সমাজবিজ্ঞান, অৰ্থনীতি, সংস্কৃত, বুৰঞ্জী, ইংৰাজী সাহিত্য, দৰ্শন, ৰাজনীতি বিজ্ঞান, মনোবিজ্ঞান, সাংবাদিকতা আদি বিষয়তো ডিগ্ৰী লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু