--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে ডিগ্ৰী লাভৰ বাবে সংগ্ৰাম কৰে। স্নাতক হোৱাৰ পিছত অধিক উচ্চ শিক্ষিত হোৱাটো অধিক কঠিন হৈ পৰে। কিন্তু এই দেশত এজন ব্যক্তি আছিল যিয়ে ৪২ খন ভিন্ন বিশ্ববিদ্যালয়ৰ পৰা পঢ়া-শুনা কৰিছিল। ২০টা ভিন্ন বিষয়ত ডিগ্ৰী আছিল। তেওঁ ভাৰতৰ ভিতৰতে সৰ্বাধিক শিক্ষিত ব্যক্তি।

তেওঁ হৈছে শ্ৰীকান্ত জিচকাৰ। দেশৰ ভিতৰতে সৰ্বাধিক শিক্ষিত ব্যক্তি হোৱাৰ উপৰিও ২৬ বছৰ বয়সতে বিধায়ক হৈ পৰে শ্ৰীকান্ত। শ্ৰীকান্তৰ জন্ম হৈছিল ১৯৫৪ চনৰ ১৪ ছেপ্টেম্বৰত নাগপুৰৰ এটা মাৰাঠা পৰিয়ালত। দ্বাদশ মান সম্পূৰ্ণ কৰাৰ পাছত প্ৰথমে এম বি বি এছ আৰু পিছত নাগপুৰৰ এখন মেডিকেল কলেজৰ পৰা এমডি কৰে।

চিকিৎসা বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সফলতাৰে সম্পূৰ্ণ কৰাৰ পাছত শ্ৰীকান্তই আইন বিষয়তো অধ্যয়ন কৰে। আইন বিষয়ত স্নাতক হোৱাৰ পিছত তেওঁ আন্তঃৰাষ্ট্ৰীয় আইনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। আইন বিষয়ত পঢ়া-শুনা সমাপ্ত কৰাৰ পাছত শ্ৰীকান্তৰ অধিক শিক্ষাৰ হেঁপাহৰ বাবে ব্যৱসায় প্ৰশাসনৰ বিষয়ে অধ্যয়ন কৰাৰ সিদ্ধান্ত লৈছিল।

বিজনেছ এডমিনিষ্ট্ৰেচনত ডিগ্ৰী লাভ কৰি শ্ৰীকান্তই সাংবাদিকতাত স্নাতক ডিগ্ৰী লাভ কৰে। শ্ৰীকান্তই সংস্কৃত ভাষাতো ডক্টৰেট অৱ লিটাৰেচাৰ (D'Litt) লাভ কৰিছিল।প্ৰায়বোৰ ডিগ্ৰী পৰীক্ষাতে শ্ৰীকান্তই প্ৰথম স্থান লাভ কৰিছিল। তদুপৰি তেওঁ কেইবাটাও সোণৰ পদক লাভ কৰে। 

ভাৰতৰ অন্যতম কঠিন প্ৰৱেশ পৰীক্ষা ইউপিএছচি শ্ৰীকান্তই ক্লিয়াৰ কৰিছিল । শ্ৰীকান্তই দুবাৰ পৰীক্ষাত বহি দুবাৰকৈ উত্তীৰ্ণ হ’ল। শ্ৰীকান্ত প্ৰথমে আইপিএছ আৰু পিছলৈ আইএএছ হৈছিল। কিন্তু দুয়োটা ক্ষেত্ৰতে মাজভাগতে এৰি ৰাজনীতিত প্ৰৱেশ কৰিবলৈ তেওঁ এই সিদ্ধান্ত লৈছিল।

কলা বিভাগৰ বিভিন্ন ক্ষেত্ৰতো সফলতা লাভ কৰিছিল শ্ৰীকান্তই। চিত্ৰকলা, ফটোগ্ৰাফী আৰু অভিনয়তো একাধিক ডিগ্ৰী লাভ কৰিছে। ১৯৮০ চনত শ্ৰীকান্তই মহাৰাষ্ট্ৰ বিধানসভাত কংগ্ৰেছৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। সেই সময়ত তেওঁৰ বয়স আছিল ২৬ বছৰ। তেওঁ সেই সময়ত দেশৰ আটাইতকৈ কনিষ্ঠ বিধায়কও হৈ পৰিছিল। পিছলৈ শ্ৰীকান্তই মহাৰাষ্ট্ৰৰ প্ৰভাৱশালী মন্ত্ৰী হিচাপেও পৰিচিত হ’বলৈ আৰম্ভ কৰে।

শিশুৰ মাজত শিক্ষাৰ পোহৰ বিয়পোৱাৰ উদ্দেশ্যে শ্ৰীকান্তই নাগপুৰত এখন বিদ্যালয় খুলিছিল। এই বিদ্যালয়খনত ভাৰতৰ অন্যতম বৃহৎ পুথিভঁৰাল আছে। কিতাপৰ সংখ্যা প্ৰায় ৫২ হাজাৰ।২০০৪ চনৰ ২ জুনত এক গাড়ী দুৰ্ঘটনাত শ্ৰীকান্তৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫১ বছৰ।

চিকিৎসা আৰু আইন অধ্যয়নৰ উপৰিও শ্ৰীকান্তই সমাজবিজ্ঞান, অৰ্থনীতি, সংস্কৃত, বুৰঞ্জী, ইংৰাজী সাহিত্য, দৰ্শন, ৰাজনীতি বিজ্ঞান, মনোবিজ্ঞান, সাংবাদিকতা আদি বিষয়তো ডিগ্ৰী লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী