--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বাংগালোৰ তথ্য প্ৰযুক্তি কোম্পানী সমূহে ৩০  আগষ্টত  সন্মুখীন হৈছিল এক বৃহৎ লোকচানৰ৷ বহুকেইটা কোম্পানীৰ কৰ্মচাৰী সকল প্ৰায় পাঁচ ঘন্টা ধৰি তীব্ৰ যানজঁটত আৱদ্ধ থকাৰ বাবেই এই লোকচান হয়৷লোকচানৰ ফলত  ২২৫ কোটি টকা  হেৰুৱাইছিল বাংগালোৰৰ বহুকেইটা কৰ্মচাৰীয়ে৷  এই বিষয়টো অৱগত কৰিবলৈ আউটাৰ ৰিং ৰোড কোম্পানী এছ'চিয়েশ্যনে মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইলৈ এখন  পত্ৰও  লিখে৷ 

অ' আৰ আৰৰ দুৰ্বল আন্তঃগাঁথনি এতিয়া সংকটজনক  স্তৰত উপনীত হৈছে বুলিও পত্ৰখনত উল্লেখ কৰা হয়৷  কৃষ্ণৰাজপুৰমৰ পৰা আৰম্ভ কৰি বাংগালুৰুৰ কেন্দ্ৰীয় ৰেচম পৰিষদ অঞ্চললৈকে আউটাৰ ৰিং ৰোডত প্ৰায়  আধা নিযুতৰো অধিক লোক কৰ্মৰত হৈ আছে ৷

১৭ কিলোমিটাৰ প্ৰসাৰিত হৈ থকা অঞ্চলটোৱে এক মিলিয়নতকৈও অধিক লোকক প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তি প্ৰদান কৰিছে আৰু ৰাজ্যখনৰ অৰ্থনীতিত ইয়াৰ এক ডাঙৰ অৱদান আছে। তৎস্বত্বেও চৰকাৰে   নিৰ্দিষ্ট ক্ষেত্ৰৰ আন্তঃগাঁথনিৰ বিকাশৰ ওপৰত কোনো গুৰুত্ব দিয়া নাই। 

 পৰিস্থিতি একেই থাকিলে কোম্পানী সমূহে বিকল্প  স্থান বিচাৰিব পাৰে বুলিও উল্লেখ কৰা হৈছে৷ 
অৱশ্যে  মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই বাংগালুৰুৰ আউটাৰ ৰিং ৰোডৰ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰে আৰু শীঘ্ৰেই সকলো নাগৰিক সমস্যা সমাধান কৰাৰ আশ্বাস দিয়ে। লগতে তেওঁ সংশ্লিষ্ট  বিষয়াসকলক  নলাৰ পানী আৱদ্ধ কৰি ৰখা আৱৰ্জনাসমূহ আঁতৰাবলৈ আৰু অবৈধ বসতি থকা ঠাই সমূহ খালী কৰিবলৈ  নিৰ্দেশ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু