--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বাংগালোৰ তথ্য প্ৰযুক্তি কোম্পানী সমূহে ৩০  আগষ্টত  সন্মুখীন হৈছিল এক বৃহৎ লোকচানৰ৷ বহুকেইটা কোম্পানীৰ কৰ্মচাৰী সকল প্ৰায় পাঁচ ঘন্টা ধৰি তীব্ৰ যানজঁটত আৱদ্ধ থকাৰ বাবেই এই লোকচান হয়৷লোকচানৰ ফলত  ২২৫ কোটি টকা  হেৰুৱাইছিল বাংগালোৰৰ বহুকেইটা কৰ্মচাৰীয়ে৷  এই বিষয়টো অৱগত কৰিবলৈ আউটাৰ ৰিং ৰোড কোম্পানী এছ'চিয়েশ্যনে মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইলৈ এখন  পত্ৰও  লিখে৷ 

অ' আৰ আৰৰ দুৰ্বল আন্তঃগাঁথনি এতিয়া সংকটজনক  স্তৰত উপনীত হৈছে বুলিও পত্ৰখনত উল্লেখ কৰা হয়৷  কৃষ্ণৰাজপুৰমৰ পৰা আৰম্ভ কৰি বাংগালুৰুৰ কেন্দ্ৰীয় ৰেচম পৰিষদ অঞ্চললৈকে আউটাৰ ৰিং ৰোডত প্ৰায়  আধা নিযুতৰো অধিক লোক কৰ্মৰত হৈ আছে ৷

১৭ কিলোমিটাৰ প্ৰসাৰিত হৈ থকা অঞ্চলটোৱে এক মিলিয়নতকৈও অধিক লোকক প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তি প্ৰদান কৰিছে আৰু ৰাজ্যখনৰ অৰ্থনীতিত ইয়াৰ এক ডাঙৰ অৱদান আছে। তৎস্বত্বেও চৰকাৰে   নিৰ্দিষ্ট ক্ষেত্ৰৰ আন্তঃগাঁথনিৰ বিকাশৰ ওপৰত কোনো গুৰুত্ব দিয়া নাই। 

 পৰিস্থিতি একেই থাকিলে কোম্পানী সমূহে বিকল্প  স্থান বিচাৰিব পাৰে বুলিও উল্লেখ কৰা হৈছে৷ 
অৱশ্যে  মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই বাংগালুৰুৰ আউটাৰ ৰিং ৰোডৰ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰে আৰু শীঘ্ৰেই সকলো নাগৰিক সমস্যা সমাধান কৰাৰ আশ্বাস দিয়ে। লগতে তেওঁ সংশ্লিষ্ট  বিষয়াসকলক  নলাৰ পানী আৱদ্ধ কৰি ৰখা আৱৰ্জনাসমূহ আঁতৰাবলৈ আৰু অবৈধ বসতি থকা ঠাই সমূহ খালী কৰিবলৈ  নিৰ্দেশ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী