--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
এজন সাধাৰণ মানুহৰ অসাধাৰণ তথা এক অদ্ভুদ কাণ্ড৷তেওঁ ২৬ বছৰ ধৰি মুখৰ ভিতৰতে লালন কৰিছে জলফাইৰ বীজ! ভাতৃ তৃতীয়াৰ  দিনটোত   ভনীয়েকক এনেদৰে মুখত জলফাই গুটি লালন কৰাৰ  অদ্ভুদ প্ৰতিশ্ৰুতি দিছিল ব্যক্তি গৰাকীয়ে৷ 

প্ৰথম অৱস্থাত  বীজটো  মুখত ৰখাৰ ফলত, মুখৰ ভিতৰভাগ কাটি পেলাবলৈ বাধ্য  হৈছিল ব্যক্তি গৰাকী৷ কিন্তু বৰ্তমান এইয়া যেন  এটা অভ্যাস হৈ পৰিছে। দিন আৰু ৰাতি কোনো সময়তে তেওঁ  মুখৰ পৰা জলফাই  বীজটো  উলিয়াই নিদিয়ে।

তেওঁ ভাতৃ তৃতীয়াৰ  দিনটোত তেওঁৰ ভনীয়েকক প্ৰতিশ্ৰুতি দিছিল। আৰু তেতিয়াৰে  পৰা, তেওঁ ভগ্নীৰ স্মৃতিত  ২৬  বছৰ ধৰি তেওঁৰ মুখত জলফাইৰ  গুটিটো লৈ ফুৰাইছে । শুনি আচৰিত লাগে, কিন্তু এইটো সঁচা। মুখত এই গুটিটো লৈয়েই  তেওঁ খোৱাৰ পৰা শোৱালৈকে সকলোবোৰ কাৰ্য সমাপন  কৰিছিল।আৰু আজি  ভনীয়েক নাথাকিলেও ভনীয়েকৰ স্মৃতি এনেদৰেই সজীৱ কৰি ৰাখিবলৈ চেষ্টা কৰিছে ব্যক্তিজনে৷ 

এই ব্যক্তিজন হৈছে অশোকনগৰ কচুয়া ম'ৰ অঞ্চলৰ বাসিন্দা জয়দেৱ বিশ্বাস ৷বিদ্যুৎ বিতৰণ কোম্পানীৰ এজন প্ৰাক্তন কৰ্মচাৰী, ৬৮  বছৰীয়া জয়দেৱ বিশ্বাস।১৯৯৬ চনত, ভাতৃ তৃতীয়াৰ দিনটোত জয়দেৱে  ভাত  খাই থাকোতে ভনীয়েকে কৌতূহলী হৈ প্ৰশ্ন কৰিছিল যে, "যেতিয়া মই বনোৱা  জলফাইৰ চাটনিটো ইমান প্ৰিয় হয় , তেতিয়া তুমি কিমান দিন এই জলফাই গুটিটো  মুখত ৰাখিব পাৰিবা?”

তেতিয়াৰে পৰা এনেদৰেই আছে জয়দেৱ৷  ভগ্নী অগ্নিবীনাই ২৪ জানুৱাৰী, ২০১২ তাৰিখে আত্মহত্যা কৰিছিল। ভনীয়েকৰ স্মৃতি জীয়াই ৰাখিবলৈ, তেওঁ  আজিও তাইৰ মুখত জলফাইৰ গুটিটো লৈ ফুৰাইছে৷ এইক্ষেত্ৰত জয়দেৱে কয় যে,  "মই মোৰ ভন্টীৰ এই স্মৃতিৰে গোটেই জীৱন জীয়াই থাকিব বিচাৰো।”

প্ৰথম বীজবোৰ মুখত ৰখাৰ ফলত, মুখৰ ভিতৰভাগ কাটি পেলোৱা হৈছিল। কিন্তু এতিয়া এইটো এটা অভ্যাসহৈ পৰিছে। ইয়াৰোপৰি এই গুটিটো চাবলৈ বহু লোকে ভিৰ কৰেহি জয়দেৱৰ চোতালত৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক