--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
এজন সাধাৰণ মানুহৰ অসাধাৰণ তথা এক অদ্ভুদ কাণ্ড৷তেওঁ ২৬ বছৰ ধৰি মুখৰ ভিতৰতে লালন কৰিছে জলফাইৰ বীজ! ভাতৃ তৃতীয়াৰ  দিনটোত   ভনীয়েকক এনেদৰে মুখত জলফাই গুটি লালন কৰাৰ  অদ্ভুদ প্ৰতিশ্ৰুতি দিছিল ব্যক্তি গৰাকীয়ে৷ 

প্ৰথম অৱস্থাত  বীজটো  মুখত ৰখাৰ ফলত, মুখৰ ভিতৰভাগ কাটি পেলাবলৈ বাধ্য  হৈছিল ব্যক্তি গৰাকী৷ কিন্তু বৰ্তমান এইয়া যেন  এটা অভ্যাস হৈ পৰিছে। দিন আৰু ৰাতি কোনো সময়তে তেওঁ  মুখৰ পৰা জলফাই  বীজটো  উলিয়াই নিদিয়ে।

তেওঁ ভাতৃ তৃতীয়াৰ  দিনটোত তেওঁৰ ভনীয়েকক প্ৰতিশ্ৰুতি দিছিল। আৰু তেতিয়াৰে  পৰা, তেওঁ ভগ্নীৰ স্মৃতিত  ২৬  বছৰ ধৰি তেওঁৰ মুখত জলফাইৰ  গুটিটো লৈ ফুৰাইছে । শুনি আচৰিত লাগে, কিন্তু এইটো সঁচা। মুখত এই গুটিটো লৈয়েই  তেওঁ খোৱাৰ পৰা শোৱালৈকে সকলোবোৰ কাৰ্য সমাপন  কৰিছিল।আৰু আজি  ভনীয়েক নাথাকিলেও ভনীয়েকৰ স্মৃতি এনেদৰেই সজীৱ কৰি ৰাখিবলৈ চেষ্টা কৰিছে ব্যক্তিজনে৷ 

এই ব্যক্তিজন হৈছে অশোকনগৰ কচুয়া ম'ৰ অঞ্চলৰ বাসিন্দা জয়দেৱ বিশ্বাস ৷বিদ্যুৎ বিতৰণ কোম্পানীৰ এজন প্ৰাক্তন কৰ্মচাৰী, ৬৮  বছৰীয়া জয়দেৱ বিশ্বাস।১৯৯৬ চনত, ভাতৃ তৃতীয়াৰ দিনটোত জয়দেৱে  ভাত  খাই থাকোতে ভনীয়েকে কৌতূহলী হৈ প্ৰশ্ন কৰিছিল যে, "যেতিয়া মই বনোৱা  জলফাইৰ চাটনিটো ইমান প্ৰিয় হয় , তেতিয়া তুমি কিমান দিন এই জলফাই গুটিটো  মুখত ৰাখিব পাৰিবা?”

তেতিয়াৰে পৰা এনেদৰেই আছে জয়দেৱ৷  ভগ্নী অগ্নিবীনাই ২৪ জানুৱাৰী, ২০১২ তাৰিখে আত্মহত্যা কৰিছিল। ভনীয়েকৰ স্মৃতি জীয়াই ৰাখিবলৈ, তেওঁ  আজিও তাইৰ মুখত জলফাইৰ গুটিটো লৈ ফুৰাইছে৷ এইক্ষেত্ৰত জয়দেৱে কয় যে,  "মই মোৰ ভন্টীৰ এই স্মৃতিৰে গোটেই জীৱন জীয়াই থাকিব বিচাৰো।”

প্ৰথম বীজবোৰ মুখত ৰখাৰ ফলত, মুখৰ ভিতৰভাগ কাটি পেলোৱা হৈছিল। কিন্তু এতিয়া এইটো এটা অভ্যাসহৈ পৰিছে। ইয়াৰোপৰি এই গুটিটো চাবলৈ বহু লোকে ভিৰ কৰেহি জয়দেৱৰ চোতালত৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু