--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব ক্ষুধা সূচ্যাংকত ভাৰতৰ স্থান পাকিস্তানতকৈ পিছত হোৱাৰ কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ সময়তে এইবাৰ 'গেলপ আইন - শৃংখলা সূচক' নামৰ এটা সংসথাই বিশ্বৰ  ১২১ খন দেশত চলোৱা এটা জৰীপত নিৰাপত্তাৰ ক্ষেত্ৰত  পাকিস্তান ভাৰততকৈ ওপৰত থকা দেশ বুলি প্ৰকাশ কৰিছে।  শেহতীয়া জৰীপ প্ৰতিবেদনত কৰা এই  দাবী অৱশ্যে মানি ল’ব বিচৰা নাই  মোদীৰ চৰকাৰে।

পৃথিৱীৰ আটাইতকৈ সুৰক্ষিত দেশ কোন খন ? এই প্ৰশ্নৰ  উত্তৰ বিচাৰিয়েই  'গেলপ আইন -শৃংখলা সূচক' নামৰ এটা সংস্থাটোৱে  ১২১ খন দেশত এটা জৰীপ চলাইছিল।  আৰু সেই জৰীপত সংস্থাটোৱে নিৰাপত্তাৰ ক্ষেত্ৰত পাকিস্তানক ভাৰততকৈ আগুৱাই থকা দেশ বুলি কৈছে। 

জৰীপকৰ্তা সংস্থাটোৱে  ১২১ খন দেশৰ প্ৰায় ১.৫ লাখ লোকৰ মতামত গ্ৰহণ কৰিছে বুলি দাবী কৰিছে। তেওঁলোকক সোধা হৈছিল যে তেওঁলোকে নিশা চহৰৰ ৰাস্তাত সুৰক্ষিতভাৱে খোজ কাঢ়িব পাৰিবনে, বা দেশৰ আইন-শৃংখলা আৰু আৰক্ষী প্ৰশাসনৰ ওপৰত তেওঁলোকৰ কিমান বিশ্বাস আছে? সেই প্ৰশ্ন সমূহৰ উত্তৰৰ আধাৰত দেশবোৰক ১ ৰ পৰা ১০০ স্থানৰ মাজত ৰখা হৈছে। 

ছিংগাপুৰ ৯৬ স্থানৰ  সৈতে তালিকাৰ শীৰ্ষত আছে। তাজিকিস্তান, নৰৱে, চুইজাৰলেণ্ড আৰু ইণ্ডোনেছিয়াও শীৰ্ষ পাঁচ খন দেশৰ ভিতৰত  ভিতৰত আছে। ইফালে ভাৰত ৮০ সংখ্যক স্থানৰ  সৈতে ৬০ সংখ্যক স্থানত আছে। আনহাতে পাকিস্তানে ৮২ নম্বৰৰ  সৈতে ৪২ সংখ্যক  স্থানত আছে। । আমেৰিকা যুক্তৰাষ্ট্ৰ, ইটালী আৰু জাৰ্মানী ৪১ সংখ্যক স্থানত আছে। 

ব্ৰিটেইন তথা ৰাছিয়া ভাৰত আৰু পাকিস্তানৰ  স্থানৰ  তলত আছে। ইপিনে এই প্ৰতিবেদনৰ গ্ৰহণযোগ্যতা সম্পৰ্কে ইতিমধ্যে বিভিন্ন মহলত প্ৰশ্ন উত্থাপন  হৈছে। বিশেষকৈ, নৰেন্দ্ৰ মোদীৰ  চৰকাৰে স্পষ্ট কৰি দিছে যে ভাৰতে এই সত্যটো মানি ল'বলৈ অনিচ্ছুক যে দেশ খন পাকিস্তানৰ নিৰাপত্তাতকৈ  পিছ পৰি আছে।

কেন্দ্ৰই আনকি জৰীপৰ প্ৰকৃত উদ্দেশ্যৰ বিষয়তো প্ৰশ্ন উত্থাপন কৰিছে। এগৰাকী চৰকাৰী মুখপাত্ৰই প্ৰতিবেদন খনৰ বিষয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় "পৰ্যবেক্ষকসকলে পাকিস্তানত সন্ত্ৰাসবাদী সংগঠন দেখা নাছিল নেকি? তেওঁলোকে খাইবাৰ পাখতুনখোৱা আৰু আফগানিস্তানৰ সীমান্তৱৰ্তী বেলুচিস্তানত নিৰন্তৰ ৰক্তপাত দেখা পোৱা নাই নেকি? " 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু