--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব ক্ষুধা সূচ্যাংকত ভাৰতৰ স্থান পাকিস্তানতকৈ পিছত হোৱাৰ কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ সময়তে এইবাৰ 'গেলপ আইন - শৃংখলা সূচক' নামৰ এটা সংসথাই বিশ্বৰ  ১২১ খন দেশত চলোৱা এটা জৰীপত নিৰাপত্তাৰ ক্ষেত্ৰত  পাকিস্তান ভাৰততকৈ ওপৰত থকা দেশ বুলি প্ৰকাশ কৰিছে।  শেহতীয়া জৰীপ প্ৰতিবেদনত কৰা এই  দাবী অৱশ্যে মানি ল’ব বিচৰা নাই  মোদীৰ চৰকাৰে।

পৃথিৱীৰ আটাইতকৈ সুৰক্ষিত দেশ কোন খন ? এই প্ৰশ্নৰ  উত্তৰ বিচাৰিয়েই  'গেলপ আইন -শৃংখলা সূচক' নামৰ এটা সংস্থাটোৱে  ১২১ খন দেশত এটা জৰীপ চলাইছিল।  আৰু সেই জৰীপত সংস্থাটোৱে নিৰাপত্তাৰ ক্ষেত্ৰত পাকিস্তানক ভাৰততকৈ আগুৱাই থকা দেশ বুলি কৈছে। 

জৰীপকৰ্তা সংস্থাটোৱে  ১২১ খন দেশৰ প্ৰায় ১.৫ লাখ লোকৰ মতামত গ্ৰহণ কৰিছে বুলি দাবী কৰিছে। তেওঁলোকক সোধা হৈছিল যে তেওঁলোকে নিশা চহৰৰ ৰাস্তাত সুৰক্ষিতভাৱে খোজ কাঢ়িব পাৰিবনে, বা দেশৰ আইন-শৃংখলা আৰু আৰক্ষী প্ৰশাসনৰ ওপৰত তেওঁলোকৰ কিমান বিশ্বাস আছে? সেই প্ৰশ্ন সমূহৰ উত্তৰৰ আধাৰত দেশবোৰক ১ ৰ পৰা ১০০ স্থানৰ মাজত ৰখা হৈছে। 

ছিংগাপুৰ ৯৬ স্থানৰ  সৈতে তালিকাৰ শীৰ্ষত আছে। তাজিকিস্তান, নৰৱে, চুইজাৰলেণ্ড আৰু ইণ্ডোনেছিয়াও শীৰ্ষ পাঁচ খন দেশৰ ভিতৰত  ভিতৰত আছে। ইফালে ভাৰত ৮০ সংখ্যক স্থানৰ  সৈতে ৬০ সংখ্যক স্থানত আছে। আনহাতে পাকিস্তানে ৮২ নম্বৰৰ  সৈতে ৪২ সংখ্যক  স্থানত আছে। । আমেৰিকা যুক্তৰাষ্ট্ৰ, ইটালী আৰু জাৰ্মানী ৪১ সংখ্যক স্থানত আছে। 

ব্ৰিটেইন তথা ৰাছিয়া ভাৰত আৰু পাকিস্তানৰ  স্থানৰ  তলত আছে। ইপিনে এই প্ৰতিবেদনৰ গ্ৰহণযোগ্যতা সম্পৰ্কে ইতিমধ্যে বিভিন্ন মহলত প্ৰশ্ন উত্থাপন  হৈছে। বিশেষকৈ, নৰেন্দ্ৰ মোদীৰ  চৰকাৰে স্পষ্ট কৰি দিছে যে ভাৰতে এই সত্যটো মানি ল'বলৈ অনিচ্ছুক যে দেশ খন পাকিস্তানৰ নিৰাপত্তাতকৈ  পিছ পৰি আছে।

কেন্দ্ৰই আনকি জৰীপৰ প্ৰকৃত উদ্দেশ্যৰ বিষয়তো প্ৰশ্ন উত্থাপন কৰিছে। এগৰাকী চৰকাৰী মুখপাত্ৰই প্ৰতিবেদন খনৰ বিষয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় "পৰ্যবেক্ষকসকলে পাকিস্তানত সন্ত্ৰাসবাদী সংগঠন দেখা নাছিল নেকি? তেওঁলোকে খাইবাৰ পাখতুনখোৱা আৰু আফগানিস্তানৰ সীমান্তৱৰ্তী বেলুচিস্তানত নিৰন্তৰ ৰক্তপাত দেখা পোৱা নাই নেকি? " 










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক