--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুত্ৰ-কন্যা একে বুলি কয়, কিন্তু বাস্তৱ জীৱনত বহু লোকে এই কথা গ্ৰহণ নকৰে। কিন্তু ৰাজস্থানৰ এখন গাঁও য’ত পুত্ৰ-কন্যাৰ সমানে অধিকাৰ আছে। আজিও এই গাঁওখন আটাইতকৈ সেউজীয়া গাঁও হিচাপে গণ্য কৰা হয়, কাৰণ কন্যা সন্তান জন্ম হ’লে ৰোপণ কৰা হয় ১১১জোপাকৈ গছপুলি। জানিব পৰা মতে ২০০৫ চনত শ্যামসুন্দৰ পালিৱাল ৰাজস্থানৰ ৰাজসামন্দ জিলাৰ পিপ্লাণ্ট্ৰি গাঁৱৰ সৰপঞ্চ আছিল। তেওঁৰ কন্যা নাম আছিল কিৰণ। সমাজত এটা ভাল বাৰ্তা দিবলৈ সৰ্পঞ্চ পালিৱালে কন্যা কিৰণৰ নামত ‘কিৰণ নিধি যোজনা’ আৰম্ভ কৰে। এই আঁচনিৰ অধীনত প্ৰতিগৰাকী কন্যাৰ জন্মৰ লগে লগে ১১১জোপাকৈ গছপুলি ৰোপণ কৰা হয় আৰু লগতে ২১ হাজাৰ টকা কন্যাৰ নামত ২০ বছৰৰ বাবে বেংকত জমা কৰা হয়। এই আঁচনিখন এতিয়া পিপ্লাণ্ট্ৰি গাঁৱৰ প্ৰতিজন গাঁওবাসীৰ বাবে এক আচাৰ-অনুষ্ঠানৰ অংশ হৈ পৰিছে। আজিও ইয়াত কন্যা সন্তান জন্মৰ সময়ত ১১১জোপা গছপুলি ৰোপণৰ পৰম্পৰা অব্যাহত আছে।

 গছপুলি ৰোপণৰ এই পৰম্পৰাৰ বাবে আজি পিপ্লাণ্ট্ৰি গাঁওখন সম্পূৰ্ণ সেউজীয়া হৈ পৰিছে। এতিয়ালৈকে এই গাঁৱত কন্যা জন্মৰ লগে লগে তিনি লাখৰো অধিক পুলি ৰোপণ কৰা হৈছে। এই গাঁৱৰ প্ৰতিগৰাকী কন্যাই স্কুললৈ যায়। এই গাঁৱত এটাও নাৰী ভ্ৰুণহত্যাৰ সংঘটিত নহয়। বাল্য বিবাহ আৰু যৌতুক ব্যৱস্থা নিয়ন্ত্ৰণলৈ অনা হৈছে। প্ৰায় ২৫ লাখ এলোভেৰা গছ ৰোপণ কৰা হৈছে যাতে মহিলা আৰু পুৰুষে শ্বেম্পু, ৰস আৰু জেল তৈয়াৰ কৰি কৰ্মসংস্থাপন লাভ কৰিব পাৰে।

 পৰ্যটন গাঁও হিচাপে বিকশিত হৈছে-

যেতিয়াই আন কোনো দেশৰ পৰা পৰ্যটকে এই গাঁওখন চাবলৈ আহে তেতিয়াই তেওঁলোকৰ আগমনৰ লগে লগে এজোপা গছৰো ৰোপণ কৰা হয়। পিপ্লাণ্ট্ৰি গাঁৱৰ কাহিনীৰে বহু গ্ৰন্থ ৰচনা কৰা হৈছে। বছৰ বছৰ আগতে নিৰ্জন যেন লগা এই গাঁওখন এতিয়া সেউজীয়াৰে ভৰি পৰিছে। লাহে লাহে পিপ্লাণ্ট্ৰি গাঁওখন পৰ্যটন গাঁও হিচাপে গঢ় লৈ উঠিছে। মুকলিত শৌচমুক্ত হোৱাৰ বাবে ২০০৭ চনতো গাঁওখনে স্বচ্ছতাৰ বঁটা লাভ কৰিছিল। ২০২১ চনত এই গাঁৱৰ প্ৰাক্তন সৰ্পঞ্চ শ্যামসুন্দৰ পালিৱালকো পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছে। এতিয়া গাঁওখন লাহে লাহে জৈৱিক কৃষিৰ দিশতো অগ্ৰসৰ হৈছে।

 কন্যা সন্তান জন্মৰ লগে লগে ১১১জোপা গছপুলি ৰোপণৰ পৰম্পৰাৰ বাবে পিপ্লাণ্ট্ৰি গাঁৱৰ পৰিৱেশ উন্নত হৈ পৰিছে। কন্যাই গছ-গছনিক ভাতৃ হিচাপে গণ্য কৰে আৰু প্ৰতিটো ৰক্ষাবন্ধনত গছ-গছনিবোৰত ৰাখী বান্ধে। গাঁৱৰ মানুহে সকলো গছ-গছনিৰ সেৱা একেলগে কৰে। স্বচ্ছ, সুন্দৰ আৰু পৰিষ্কাৰ পৰিৱেশৰ লগতে কন্যা সন্তানৰ বাবে সুৰক্ষিত এই গাঁওখনে ভাৰতক গৌৰৱান্বিত কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement