--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুত্ৰ-কন্যা একে বুলি কয়, কিন্তু বাস্তৱ জীৱনত বহু লোকে এই কথা গ্ৰহণ নকৰে। কিন্তু ৰাজস্থানৰ এখন গাঁও য’ত পুত্ৰ-কন্যাৰ সমানে অধিকাৰ আছে। আজিও এই গাঁওখন আটাইতকৈ সেউজীয়া গাঁও হিচাপে গণ্য কৰা হয়, কাৰণ কন্যা সন্তান জন্ম হ’লে ৰোপণ কৰা হয় ১১১জোপাকৈ গছপুলি। জানিব পৰা মতে ২০০৫ চনত শ্যামসুন্দৰ পালিৱাল ৰাজস্থানৰ ৰাজসামন্দ জিলাৰ পিপ্লাণ্ট্ৰি গাঁৱৰ সৰপঞ্চ আছিল। তেওঁৰ কন্যা নাম আছিল কিৰণ। সমাজত এটা ভাল বাৰ্তা দিবলৈ সৰ্পঞ্চ পালিৱালে কন্যা কিৰণৰ নামত ‘কিৰণ নিধি যোজনা’ আৰম্ভ কৰে। এই আঁচনিৰ অধীনত প্ৰতিগৰাকী কন্যাৰ জন্মৰ লগে লগে ১১১জোপাকৈ গছপুলি ৰোপণ কৰা হয় আৰু লগতে ২১ হাজাৰ টকা কন্যাৰ নামত ২০ বছৰৰ বাবে বেংকত জমা কৰা হয়। এই আঁচনিখন এতিয়া পিপ্লাণ্ট্ৰি গাঁৱৰ প্ৰতিজন গাঁওবাসীৰ বাবে এক আচাৰ-অনুষ্ঠানৰ অংশ হৈ পৰিছে। আজিও ইয়াত কন্যা সন্তান জন্মৰ সময়ত ১১১জোপা গছপুলি ৰোপণৰ পৰম্পৰা অব্যাহত আছে।

 গছপুলি ৰোপণৰ এই পৰম্পৰাৰ বাবে আজি পিপ্লাণ্ট্ৰি গাঁওখন সম্পূৰ্ণ সেউজীয়া হৈ পৰিছে। এতিয়ালৈকে এই গাঁৱত কন্যা জন্মৰ লগে লগে তিনি লাখৰো অধিক পুলি ৰোপণ কৰা হৈছে। এই গাঁৱৰ প্ৰতিগৰাকী কন্যাই স্কুললৈ যায়। এই গাঁৱত এটাও নাৰী ভ্ৰুণহত্যাৰ সংঘটিত নহয়। বাল্য বিবাহ আৰু যৌতুক ব্যৱস্থা নিয়ন্ত্ৰণলৈ অনা হৈছে। প্ৰায় ২৫ লাখ এলোভেৰা গছ ৰোপণ কৰা হৈছে যাতে মহিলা আৰু পুৰুষে শ্বেম্পু, ৰস আৰু জেল তৈয়াৰ কৰি কৰ্মসংস্থাপন লাভ কৰিব পাৰে।

 পৰ্যটন গাঁও হিচাপে বিকশিত হৈছে-

যেতিয়াই আন কোনো দেশৰ পৰা পৰ্যটকে এই গাঁওখন চাবলৈ আহে তেতিয়াই তেওঁলোকৰ আগমনৰ লগে লগে এজোপা গছৰো ৰোপণ কৰা হয়। পিপ্লাণ্ট্ৰি গাঁৱৰ কাহিনীৰে বহু গ্ৰন্থ ৰচনা কৰা হৈছে। বছৰ বছৰ আগতে নিৰ্জন যেন লগা এই গাঁওখন এতিয়া সেউজীয়াৰে ভৰি পৰিছে। লাহে লাহে পিপ্লাণ্ট্ৰি গাঁওখন পৰ্যটন গাঁও হিচাপে গঢ় লৈ উঠিছে। মুকলিত শৌচমুক্ত হোৱাৰ বাবে ২০০৭ চনতো গাঁওখনে স্বচ্ছতাৰ বঁটা লাভ কৰিছিল। ২০২১ চনত এই গাঁৱৰ প্ৰাক্তন সৰ্পঞ্চ শ্যামসুন্দৰ পালিৱালকো পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছে। এতিয়া গাঁওখন লাহে লাহে জৈৱিক কৃষিৰ দিশতো অগ্ৰসৰ হৈছে।

 কন্যা সন্তান জন্মৰ লগে লগে ১১১জোপা গছপুলি ৰোপণৰ পৰম্পৰাৰ বাবে পিপ্লাণ্ট্ৰি গাঁৱৰ পৰিৱেশ উন্নত হৈ পৰিছে। কন্যাই গছ-গছনিক ভাতৃ হিচাপে গণ্য কৰে আৰু প্ৰতিটো ৰক্ষাবন্ধনত গছ-গছনিবোৰত ৰাখী বান্ধে। গাঁৱৰ মানুহে সকলো গছ-গছনিৰ সেৱা একেলগে কৰে। স্বচ্ছ, সুন্দৰ আৰু পৰিষ্কাৰ পৰিৱেশৰ লগতে কন্যা সন্তানৰ বাবে সুৰক্ষিত এই গাঁওখনে ভাৰতক গৌৰৱান্বিত কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ