--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত স্বদেশত ভৰি থ’লে  কেএলঅ’ প্ৰধান জীৱন সিংহই৷ পৃথক কমতাপুৰ ৰাজ্য গঠনৰ প্ৰস্তাৱ লৈ জীৱন সিংহই দিল্লীলৈ যাত্ৰী কৰা বুলি বিশেষ সূত্ৰই প্ৰকাীশ কৰিছে৷ দিল্লীত কেন্দ্ৰীয়  চৰকাৰৰ সৈতে আলোচনাৰ পিছতে পৃথক কমতাপুৰৰ ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা থকা বুলি সূত্ৰটোৱে আশা প্ৰকাশ কৰিছে৷ সূত্ৰটোৰ মতে হয়তো ২৬ জানুৱাৰীৰ আগতেই পৃথক কমতাপুৰৰ ঘোষণা হ’ব পাৰে৷ গৃহ মন্ত্ৰালয়ে  সকলো প্ৰক্ৰিয়া সম্পূৰ্ন কৰিছে বুলিও সূত্ৰটোৱে দাবী কৰিছে৷ 

জানিব পৰা মতে তিনিখন ৰাজ্যৰ কেইবাখনো জিলা অন্তৰ্ভুক্ত হ'ব পাৰে কমতাপুৰত ৷ কমতাপুৰত অসমৰ দুখন জিলা অন্তৰ্ভক্ত হোৱাৰ সম্ভাৱনা আছে  ৷ জানিব পৰা মতে ধুৱুৰী আৰু দক্ষিণ শালমাৰা জিলা কমতাপুৰত অন্তৰ্ভুক্ত  হ'ব পাৰে৷ একেদৰে পশ্চিম বংগৰ আঠখন জিলা থাকিব পাৰে প্ৰস্তাৱিত কমতাপুৰত ৷ সেই জিলা কেইখন হৈছে ক্ৰমে কোচবিহাৰ,  উত্তৰ দিনাজপুৰ, দক্ষিণ দিনাজপুৰ,  দাৰ্জিলিং,  জলপাইগুৰি,  আলিপুৰদুৱাৰ,  কালিম্পং আৰু মালদা জিলা ৷ কমতাপুৰত বিহাৰৰো থাকিব পাৰে দুখন জিলা৷ সেই জিলা দুখন হৈছে  পুনিয়া আৰু কিষানগঞ্জ৷ অৱশ্যে এই বিষয়ত বিস্তৃত আলোচনাৰ পিছতহে কি কি জিলা অন্তৰ্ভূক্ত কৰা হ’ব সেয়া চূড়ান্ত কৰা হ’ব বুলি সূত্ৰটোৱে কয়৷

 প্ৰকৃতাৰ্থত কমতপুৰ চৰকাৰে গঠন কৰিব নে নাই সেয়া সময় যোৱাৰ লগে লগে লগেহে স্পষ্ট  হ’ব৷ চৰকাৰী ঘোষণাৰ পিছতহে ওৰ পৰিব কমতাপুৰকলৈ চলি থকা জল্পনা-কল্পনাৰ৷ উল্লে্খ্য ইয়াৰ পূৰ্বেও অসমৰ কোচ ৰাজবংশী জনগোষ্টীক জনজাতিকৰণ কৰা হ’ব বুলি কংগ্ৰেছ, বিজেপি আদি দলসমূহে ডাঠি প্ৰতিশ্ৰুতি দিছিল যদিও সময়ত সেই সকলো প্ৰতিশ্ৰুতি ফুটুকাৰ ফেন হৈছিল৷ এইবাৰো সেয়ে বহুতে " দেখিলেহে লেখিম  " ধাৰণা লৈয়েই অপেক্ষা কৰি আছে৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক