--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত স্বদেশত ভৰি থ’লে  কেএলঅ’ প্ৰধান জীৱন সিংহই৷ পৃথক কমতাপুৰ ৰাজ্য গঠনৰ প্ৰস্তাৱ লৈ জীৱন সিংহই দিল্লীলৈ যাত্ৰী কৰা বুলি বিশেষ সূত্ৰই প্ৰকাীশ কৰিছে৷ দিল্লীত কেন্দ্ৰীয়  চৰকাৰৰ সৈতে আলোচনাৰ পিছতে পৃথক কমতাপুৰৰ ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা থকা বুলি সূত্ৰটোৱে আশা প্ৰকাশ কৰিছে৷ সূত্ৰটোৰ মতে হয়তো ২৬ জানুৱাৰীৰ আগতেই পৃথক কমতাপুৰৰ ঘোষণা হ’ব পাৰে৷ গৃহ মন্ত্ৰালয়ে  সকলো প্ৰক্ৰিয়া সম্পূৰ্ন কৰিছে বুলিও সূত্ৰটোৱে দাবী কৰিছে৷ 

জানিব পৰা মতে তিনিখন ৰাজ্যৰ কেইবাখনো জিলা অন্তৰ্ভুক্ত হ'ব পাৰে কমতাপুৰত ৷ কমতাপুৰত অসমৰ দুখন জিলা অন্তৰ্ভক্ত হোৱাৰ সম্ভাৱনা আছে  ৷ জানিব পৰা মতে ধুৱুৰী আৰু দক্ষিণ শালমাৰা জিলা কমতাপুৰত অন্তৰ্ভুক্ত  হ'ব পাৰে৷ একেদৰে পশ্চিম বংগৰ আঠখন জিলা থাকিব পাৰে প্ৰস্তাৱিত কমতাপুৰত ৷ সেই জিলা কেইখন হৈছে ক্ৰমে কোচবিহাৰ,  উত্তৰ দিনাজপুৰ, দক্ষিণ দিনাজপুৰ,  দাৰ্জিলিং,  জলপাইগুৰি,  আলিপুৰদুৱাৰ,  কালিম্পং আৰু মালদা জিলা ৷ কমতাপুৰত বিহাৰৰো থাকিব পাৰে দুখন জিলা৷ সেই জিলা দুখন হৈছে  পুনিয়া আৰু কিষানগঞ্জ৷ অৱশ্যে এই বিষয়ত বিস্তৃত আলোচনাৰ পিছতহে কি কি জিলা অন্তৰ্ভূক্ত কৰা হ’ব সেয়া চূড়ান্ত কৰা হ’ব বুলি সূত্ৰটোৱে কয়৷

 প্ৰকৃতাৰ্থত কমতপুৰ চৰকাৰে গঠন কৰিব নে নাই সেয়া সময় যোৱাৰ লগে লগে লগেহে স্পষ্ট  হ’ব৷ চৰকাৰী ঘোষণাৰ পিছতহে ওৰ পৰিব কমতাপুৰকলৈ চলি থকা জল্পনা-কল্পনাৰ৷ উল্লে্খ্য ইয়াৰ পূৰ্বেও অসমৰ কোচ ৰাজবংশী জনগোষ্টীক জনজাতিকৰণ কৰা হ’ব বুলি কংগ্ৰেছ, বিজেপি আদি দলসমূহে ডাঠি প্ৰতিশ্ৰুতি দিছিল যদিও সময়ত সেই সকলো প্ৰতিশ্ৰুতি ফুটুকাৰ ফেন হৈছিল৷ এইবাৰো সেয়ে বহুতে " দেখিলেহে লেখিম  " ধাৰণা লৈয়েই অপেক্ষা কৰি আছে৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু