--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডৰ ভেকচিনৰ মাৰাত্মক পাৰ্শ্বপ্ৰতিক্ৰিয়া থকাৰ কথা কেন্দ্ৰীয় চৰকাৰে মানি লোৱাৰ সময়তে আন এক প্ৰসংগই এতিয়া বেচ চৰ্চা লাভ কৰিছে৷ কোভিডৰ ভেকচিন গ্ৰণ কৰি ২০২১ বৰ্ষত মৃত্যুক সাৱটি লৈছিল এগৰাকী মহিলা চিকিৎসকে ৷ নাম তেওঁৰ ডাঃস্নেহাল লুনাৱত৷ চিকিৎসকগৰাকীৰ পিতৃয়ে ইতিমধ্যে কোভিড ভেকচিন কোভিশ্বিল্ডৰ নিৰ্মাতা আৰু চৰকাৰৰ বিৰুদ্ধে কন্যাৰ মৃত্যুৰ বাবে ১,০০০ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি বোম্বাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷  

বোম্বাই উচ্চ ন্যায়ালয়ে কেন্দ্ৰ, ভেকছিন নিৰ্মাতা চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া (এছআইআই) আৰু আনসকলক কভিশ্বিল্ড ভেকছিন গ্ৰহণ কৰাৰ পিছত লুনাৱতৰ  মৃত্যুৰ ক্ষতিপূৰণ দাবী কৰা ব্যক্তিগৰাকীয়ে  দাখিল কৰা আবেদনৰ বিষয়  উত্তৰ বিচাৰি জাননী জাৰি কৰিছে। স্নেহা লুনাৱতৰ পিতৃ দিলীপ লুনাৱতে অভিযোগ কৰা অনুসৰি  ভেকছিন প্ৰদান কৰাৰ পিছত তেওঁৰ কন্যা  ডাঃ স্নেহাল লুনাৱতৰ মৃত্যু ঘটে৷  ক্ষতিপূৰণ হিচাপে সেয়ে তেওঁ ১০০০ কোটি টকা বিচাৰিছে।  আবেদনকাৰীয়ে মাইক্ৰছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছৰ পৰাও এই বিষয়ত  সঁহাৰি বিচাৰিছে৷  ফাউণ্ডেচন - বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচনে চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ সৈতে অংশীদাৰীত্ব কৰি ভেকচিন প্ৰস্তুতৰ প্ৰক্ৰিয়াটো   ত্বৰান্বিত কৰিছিল। উচ্চ ন্যায়ালয়ে ইতিমধ্যে  মহাৰাষ্ট্ৰ চৰকাৰ, ভাৰতীয় ড্ৰাগ কণ্ট্ৰোলাৰ জেনেৰেল আৰু এইমছৰ সঞ্চালকৰ পৰাও সঁহাৰি বিচাৰিছে। 


ঔৰঙ্গাবাদৰ বাসিন্দা আবেদনকাৰীগৰাকীয়ে অভিযোগ কৰা অনুসৰি   তেওঁৰ কন্যা স্নেহা লুনাৱত নাছিকৰ এখন দন্ত চিকিৎসা মহাবিদ্যালয়ৰ প্ৰবক্তা আৰু এগৰাকী চিকিৎসক৷ তেওঁক ২০২১ চনৰ  ২৮ জানুৱাৰীত  নাছিকৰ তেওঁৰ মহাবিদ্যালয়ত কভিশ্বিল্ড ভেকছিন ল'বলৈ বাধ্য কৰোৱা হৈছিল৷ কেইদিনমান পিছত তেওঁ তীব্ৰ মূৰৰ বিষ আৰু বমিত আক্ৰান্ত হয়৷  অভিযোগ অনুসৰি  পৰৱৰ্তী সময়ত তেওঁক  চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও  চিকিৎসকে তেওঁক মগজুত ৰক্তক্ষৰণ হোৱা বুলি কয়৷   স্নেহালৰ ১ মাৰ্চ, ২০২১ তাৰিখে মৃত্যু হৈছিল৷  ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ বাবেই তেওঁৰ মৃত্যু হোৱা বুলি পৰৱৰ্তী সময়ত নেছনেল এডভাৰ্ছ ইভেণ্ট ফল’ৱিং ইমিউনাইজেছন কমিটিয়ে স্বীকাৰ কৰিছিল৷ কমিটিৰ মতে ভেকচিন গ্ৰহণৰ পিছত স্নেহাল লুনাৱতৰ থ্ৰম্বোটিক থ্ৰম্বোচাইটোপেনিয়া হৈছিল৷ ফলত তেওঁৰ মৃত্যু ঘটে৷ উল্লেখ্য ভেকচিন গ্ৰহণৰ পিছত  ভাৰতকে ধৰি বিশ্বৰ বহু দেশত বহু লোক থ্ৰম্বোটিক থ্ৰম্বোচাইটোপেনিয়াৰ চিকাৰ হৈছে৷ থ্ৰম্বোটিক থ্ৰম্বোচাইটোপেনিয়াত তেজ চলাচল কৰা সৰু নলিকাবোৰত তেজ গোট মাৰে৷ 

কন্যাৰ মৃত্যুৰ পিছতে পিতৃয়ে দাখিল কৰা আবেদন সন্দৰ্ভত এতিয়াও আদালতত গোচৰ চলি আছে৷ গোচৰটোৰ নিস্পত্তি এতিয়াও হোৱা নাই৷ উল্লেখ্য ভাৰত চৰকাৰে বহুতকে হলপূৰ্বক কোভিড ভেকচিন ল’বলৈ বাধ্য কৰিছিল বুলি অভিযোগ উঠি আহিছে৷ ভেকচিনৰ ভয়ত পলাই যোৱা লোকক আনকি আৰক্ষী লগাই ধৰাই আনিও ভেকচিন দিয়াৰ উদাহৰণ আছে৷ ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা এতিয়া পোহৰলৈ অহাৰ পিছতো চৰকাৰে কেৱল পাৰ্শ্বক্ৰিয়া আছে বুলি কৈয়েই হাত সাৱটি বহি আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক