--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডৰ ভেকচিনৰ মাৰাত্মক পাৰ্শ্বপ্ৰতিক্ৰিয়া থকাৰ কথা কেন্দ্ৰীয় চৰকাৰে মানি লোৱাৰ সময়তে আন এক প্ৰসংগই এতিয়া বেচ চৰ্চা লাভ কৰিছে৷ কোভিডৰ ভেকচিন গ্ৰণ কৰি ২০২১ বৰ্ষত মৃত্যুক সাৱটি লৈছিল এগৰাকী মহিলা চিকিৎসকে ৷ নাম তেওঁৰ ডাঃস্নেহাল লুনাৱত৷ চিকিৎসকগৰাকীৰ পিতৃয়ে ইতিমধ্যে কোভিড ভেকচিন কোভিশ্বিল্ডৰ নিৰ্মাতা আৰু চৰকাৰৰ বিৰুদ্ধে কন্যাৰ মৃত্যুৰ বাবে ১,০০০ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি বোম্বাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷  

বোম্বাই উচ্চ ন্যায়ালয়ে কেন্দ্ৰ, ভেকছিন নিৰ্মাতা চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া (এছআইআই) আৰু আনসকলক কভিশ্বিল্ড ভেকছিন গ্ৰহণ কৰাৰ পিছত লুনাৱতৰ  মৃত্যুৰ ক্ষতিপূৰণ দাবী কৰা ব্যক্তিগৰাকীয়ে  দাখিল কৰা আবেদনৰ বিষয়  উত্তৰ বিচাৰি জাননী জাৰি কৰিছে। স্নেহা লুনাৱতৰ পিতৃ দিলীপ লুনাৱতে অভিযোগ কৰা অনুসৰি  ভেকছিন প্ৰদান কৰাৰ পিছত তেওঁৰ কন্যা  ডাঃ স্নেহাল লুনাৱতৰ মৃত্যু ঘটে৷  ক্ষতিপূৰণ হিচাপে সেয়ে তেওঁ ১০০০ কোটি টকা বিচাৰিছে।  আবেদনকাৰীয়ে মাইক্ৰছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছৰ পৰাও এই বিষয়ত  সঁহাৰি বিচাৰিছে৷  ফাউণ্ডেচন - বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচনে চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ সৈতে অংশীদাৰীত্ব কৰি ভেকচিন প্ৰস্তুতৰ প্ৰক্ৰিয়াটো   ত্বৰান্বিত কৰিছিল। উচ্চ ন্যায়ালয়ে ইতিমধ্যে  মহাৰাষ্ট্ৰ চৰকাৰ, ভাৰতীয় ড্ৰাগ কণ্ট্ৰোলাৰ জেনেৰেল আৰু এইমছৰ সঞ্চালকৰ পৰাও সঁহাৰি বিচাৰিছে। 


ঔৰঙ্গাবাদৰ বাসিন্দা আবেদনকাৰীগৰাকীয়ে অভিযোগ কৰা অনুসৰি   তেওঁৰ কন্যা স্নেহা লুনাৱত নাছিকৰ এখন দন্ত চিকিৎসা মহাবিদ্যালয়ৰ প্ৰবক্তা আৰু এগৰাকী চিকিৎসক৷ তেওঁক ২০২১ চনৰ  ২৮ জানুৱাৰীত  নাছিকৰ তেওঁৰ মহাবিদ্যালয়ত কভিশ্বিল্ড ভেকছিন ল'বলৈ বাধ্য কৰোৱা হৈছিল৷ কেইদিনমান পিছত তেওঁ তীব্ৰ মূৰৰ বিষ আৰু বমিত আক্ৰান্ত হয়৷  অভিযোগ অনুসৰি  পৰৱৰ্তী সময়ত তেওঁক  চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও  চিকিৎসকে তেওঁক মগজুত ৰক্তক্ষৰণ হোৱা বুলি কয়৷   স্নেহালৰ ১ মাৰ্চ, ২০২১ তাৰিখে মৃত্যু হৈছিল৷  ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ বাবেই তেওঁৰ মৃত্যু হোৱা বুলি পৰৱৰ্তী সময়ত নেছনেল এডভাৰ্ছ ইভেণ্ট ফল’ৱিং ইমিউনাইজেছন কমিটিয়ে স্বীকাৰ কৰিছিল৷ কমিটিৰ মতে ভেকচিন গ্ৰহণৰ পিছত স্নেহাল লুনাৱতৰ থ্ৰম্বোটিক থ্ৰম্বোচাইটোপেনিয়া হৈছিল৷ ফলত তেওঁৰ মৃত্যু ঘটে৷ উল্লেখ্য ভেকচিন গ্ৰহণৰ পিছত  ভাৰতকে ধৰি বিশ্বৰ বহু দেশত বহু লোক থ্ৰম্বোটিক থ্ৰম্বোচাইটোপেনিয়াৰ চিকাৰ হৈছে৷ থ্ৰম্বোটিক থ্ৰম্বোচাইটোপেনিয়াত তেজ চলাচল কৰা সৰু নলিকাবোৰত তেজ গোট মাৰে৷ 

কন্যাৰ মৃত্যুৰ পিছতে পিতৃয়ে দাখিল কৰা আবেদন সন্দৰ্ভত এতিয়াও আদালতত গোচৰ চলি আছে৷ গোচৰটোৰ নিস্পত্তি এতিয়াও হোৱা নাই৷ উল্লেখ্য ভাৰত চৰকাৰে বহুতকে হলপূৰ্বক কোভিড ভেকচিন ল’বলৈ বাধ্য কৰিছিল বুলি অভিযোগ উঠি আহিছে৷ ভেকচিনৰ ভয়ত পলাই যোৱা লোকক আনকি আৰক্ষী লগাই ধৰাই আনিও ভেকচিন দিয়াৰ উদাহৰণ আছে৷ ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা এতিয়া পোহৰলৈ অহাৰ পিছতো চৰকাৰে কেৱল পাৰ্শ্বক্ৰিয়া আছে বুলি কৈয়েই হাত সাৱটি বহি আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু