--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ ৰাজ্য কৰ্ণাটকত চলিত বৰ্ষৰ মে’ মাহত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ এনে সময়তে বিজেপিকে ধৰি বিৰোধী কংগ্ৰেছ, আপ আদি সকলো দলেই ৰাজ্য খনত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে৷ কৰ্ণাটকত পুনৰ শাসন হস্তগত কৰাৰ বাবে কংগ্ৰেছে প্ৰাণপণে চেষ্টা অব্যাহত ৰাখিছে৷ এনে সময়তে কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কৰ্ণাটকত নানান প্ৰতিশ্ৰুতি দি ভোটাৰৰ মন আকৃষ্ট কৰাৰ চেষ্টা চলাইছে৷ 

ৰাজ্য খনৰ মহিলাসকলৰ বাবেঅভিলাসী  আঁচনিৰ কথা ঘোষণা কৰিছে প্ৰিয়ংকা গান্ধীয়ে। কৰ্ণাটকৰ এখন বিশাল সমাৱেশত আভাষণ দি কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা  প্ৰিয়ংকা গান্ধী ভাদ্ৰাই 'গৃহ লক্ষ্মী আঁচনি'ৰ অধীনত ৰাজ্য খনৰ পৰিয়ালৰ প্ৰতিগৰাকী মুৰব্বী মহিলাক মাহে ২,০০০ টকাকৈ প্ৰদান কৰাৰ  নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছে। 

তেওঁ কয় যে যদি ৰাজ্য খনত কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰে তেন্তে  পৰিয়ালৰ মুৰব্বী মহিলাসকলক মাহে প্ৰতি ২০০০ টকাকৈ দিয়া হ'ব ।   প্ৰিয়ংকা গান্ধী ভাদ্ৰাই  বাংগালুৰুত এক  সভাত এই ঘোষণা কৰে৷ উল্লেখ্য  কংগ্ৰেছে শাসনলৈ আহিলে কৰ্ণাটকৰ  প্ৰতিটো পৰিয়ালক প্ৰতি মাহে ২০০ ইউনিট বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰাৰো প্ৰতিশ্ৰতি দিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু