--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ ৰাজ্য কৰ্ণাটকত চলিত বৰ্ষৰ মে’ মাহত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ এনে সময়তে বিজেপিকে ধৰি বিৰোধী কংগ্ৰেছ, আপ আদি সকলো দলেই ৰাজ্য খনত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে৷ কৰ্ণাটকত পুনৰ শাসন হস্তগত কৰাৰ বাবে কংগ্ৰেছে প্ৰাণপণে চেষ্টা অব্যাহত ৰাখিছে৷ এনে সময়তে কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কৰ্ণাটকত নানান প্ৰতিশ্ৰুতি দি ভোটাৰৰ মন আকৃষ্ট কৰাৰ চেষ্টা চলাইছে৷ 

ৰাজ্য খনৰ মহিলাসকলৰ বাবেঅভিলাসী  আঁচনিৰ কথা ঘোষণা কৰিছে প্ৰিয়ংকা গান্ধীয়ে। কৰ্ণাটকৰ এখন বিশাল সমাৱেশত আভাষণ দি কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা  প্ৰিয়ংকা গান্ধী ভাদ্ৰাই 'গৃহ লক্ষ্মী আঁচনি'ৰ অধীনত ৰাজ্য খনৰ পৰিয়ালৰ প্ৰতিগৰাকী মুৰব্বী মহিলাক মাহে ২,০০০ টকাকৈ প্ৰদান কৰাৰ  নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছে। 

তেওঁ কয় যে যদি ৰাজ্য খনত কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰে তেন্তে  পৰিয়ালৰ মুৰব্বী মহিলাসকলক মাহে প্ৰতি ২০০০ টকাকৈ দিয়া হ'ব ।   প্ৰিয়ংকা গান্ধী ভাদ্ৰাই  বাংগালুৰুত এক  সভাত এই ঘোষণা কৰে৷ উল্লেখ্য  কংগ্ৰেছে শাসনলৈ আহিলে কৰ্ণাটকৰ  প্ৰতিটো পৰিয়ালক প্ৰতি মাহে ২০০ ইউনিট বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰাৰো প্ৰতিশ্ৰতি দিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement