--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়া খেলত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন দুজনৰ ভিতৰত অন্যতম আছিল শুবমান গিল। তেওঁ ৩৪ ৰান সংগ্ৰহ কৰি ইনিংছ মুকলি কৰে। কিন্তু দলৰ বাকী বেটছমেনৰ ব্যর্থতাৰ বাবে ভাৰতে খেলখনত পৰাস্ত হ’বলগীয়া হৈছিল৷ শুবমানে ৩৪ ৰান সংগ্ৰহ কৰি পাকিস্তানৰ অধিনায়ক বাবৰ আজমৰ বিশ্ব অভিলেখ ভংগ কৰে।

২৬খন এদিনীয়া খেলৰ অন্তত গীলে ১৩৫২ ৰান সংগ্ৰহৰ অভিলেখ গঢ়িছে। এই অভিলেখ ইমান দিনে বাবৰৰ হাতত আছিল। গীলৰ গড় ৰাণ ৬১.৪৫। 

আনহাতে ২৬খন মেচৰ পাছত বাবৰৰ ৰান আছিল ১৩২২। কেৱল সেয়াই নহয়, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়া খেলৰ পিছত গীলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫০০ ৰান অতিক্ৰম কৰে। ৬৫খন আন্তঃৰাষ্ট্ৰীয় মেচত তেওঁৰ ২৫২০ ৰান।

এই তালিকাত ইংলেণ্ডৰ জনাথন ট্ৰট তৃতীয় স্থানত আছে। ২৬ ইনিংছৰ পিছত তেওঁৰ ৰান ১৩০৩ ৰান। চাৰি নম্বৰ পাকিস্তানৰ ফখৰ জামান। তেওঁৰ ৰান  ১২৭৫ ৰান। পাঁচ নম্বৰ স্থানত আছে দক্ষিণ আফ্ৰিকাৰ ৰাছি ভান ডেৰ ডুচেন। ২৬ ইনিংছৰ অন্তত তেওঁ ১২৬৭ ৰান সংগ্ৰহ কৰে।

বাৰ্বাডোছৰ প্ৰথমখন এদিনীয়া খেলত ভাৰতে সহজ জয় লাভ কৰিছিল যদিও দ্বিতীয়খন খেলত পৰাস্ত হৈছিল ভাৰতে। বেটিং ব্যৰ্থতাত ডুব গৈছে দলটো। প্ৰথমে বেটিং কৰি ভাৰতে ১৮১ ৰাণত অল আউট হৈছিল। কেৱল ঈশানেহে অৰ্ধশতক অৰ্জন কৰে।

ইয়াৰ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে শ্বাই হোপৰ অৰ্ধশতকেৰে ৬ উইকেটত জয়লাভ কৰি শৃংখলাৰ সমতা স্থাপন কৰে। মঙলবাৰে তৃতীয়খন মেচ নিৰ্ণায়ক হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ