--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ সুনীল গাভাস্কাৰে আক্ষেপ কৰিছিল যে বৰ্তমানৰ টীম ইণ্ডিয়াৰ খেলুৱৈসকলে নিজৰ কঠিন দিনত ইজনে আনজনক সহায়ৰ বাবে কাষ চাপি নাযায়। প্ৰাক্তন অধিনায়ক কপিল দেৱেও একেধৰণৰ মন্তব্য কৰিছে।

'দ্যা উইক’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কপিল দেৱে এই বিষয়টোৰ ওপৰত কয় যে খেলুৱৈসকল নিজৰ ওপৰত আত্মবিশ্বাসী যদিও তেওঁলোকে সকলো জানে বুলি ভবাৰ নেতিবাচক মনোভাৱ আছে। 

কপিলে কয়- ''তেওঁলোক আত্মবিশ্বাসী। কিন্তু তেওঁলোকে ভাবে যে 'আপুনি কাকো একো সুধিব নালাগে'। আমি বিশ্বাস কৰোঁ  যে  এজন অভিজ্ঞ ব্যক্তিয়ে আপোনাক সহায় কৰিব পাৰে।’’

ইয়াৰ পিছতে ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে খেলুৱৈসকলৰ মাজলৈ অহা ধন আৰু অহংকাৰক লৈও মন্তব্য কৰে। ভাৰতীয় কিংবদন্তি সুনীল গাভাস্কাৰৰ দৰে খেলুৱৈৰ পৰা কিয় খেলুৱৈয়ে আদৰ্শগ্ৰহণ নকৰে বুলিও প্ৰশ্ন উত্থাপন কৰে। 

কপিলে কয়- "কেতিয়াবা বেছি টকা আহে, অহংকাৰ আহে। এই ক্ৰিকেটাৰসকলে ভাবিছে যে তেওঁলোকে সকলো জানে। সেইটোৱেই পাৰ্থক্য।’’

ইয়াৰ পূৰ্বে গাভাস্কাৰে খেলুৱৈসকলে তেওঁৰ ওচৰলৈ পৰামৰ্শ বিচাৰি নোযোৱাৰ বিষয়ে মন্তব্য কৰিছিল। তেওঁ আলোকপাত কৰে যে প্ৰাক্তন খেলুৱৈ ৰাহুল দ্ৰাবিড়, শচীন টেণ্ডুলকাৰ আৰু ভিভিএছ লক্ষ্মণে তেওঁৰ ওচৰলৈ সঘনাই পৰামৰ্শ বিচাৰিছিল যদিও বৰ্তমানৰ খেলুৱৈসকল আগবাঢ়ি নাহে।

গাভাস্কাৰে কৈছিল- "নাই, কোনো অহা নাই। ৰাহুল দ্ৰাবিড়, শচীন টেণ্ডুলকাৰ, আৰু ভিভিএছ লক্ষ্মণে মোৰ ওচৰলৈ নিয়মিতভাৱে আহিছিল। আৰু তেওঁলোকে মোৰ ওচৰলৈ এটা নিৰ্দিষ্ট সমস্যা লৈ আহিছিল আৰু আপুনি তেওঁলোকক কিবা এটা ক'ব পাৰিছিল যিটো আপুনি পৰ্যবেক্ষণ কৰিছিল।" ইণ্ডিয়ান এক্সপ্ৰেছক এই কথা কৈছিল গাভাস্কাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু