--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ সুনীল গাভাস্কাৰে আক্ষেপ কৰিছিল যে বৰ্তমানৰ টীম ইণ্ডিয়াৰ খেলুৱৈসকলে নিজৰ কঠিন দিনত ইজনে আনজনক সহায়ৰ বাবে কাষ চাপি নাযায়। প্ৰাক্তন অধিনায়ক কপিল দেৱেও একেধৰণৰ মন্তব্য কৰিছে।

'দ্যা উইক’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কপিল দেৱে এই বিষয়টোৰ ওপৰত কয় যে খেলুৱৈসকল নিজৰ ওপৰত আত্মবিশ্বাসী যদিও তেওঁলোকে সকলো জানে বুলি ভবাৰ নেতিবাচক মনোভাৱ আছে। 

কপিলে কয়- ''তেওঁলোক আত্মবিশ্বাসী। কিন্তু তেওঁলোকে ভাবে যে 'আপুনি কাকো একো সুধিব নালাগে'। আমি বিশ্বাস কৰোঁ  যে  এজন অভিজ্ঞ ব্যক্তিয়ে আপোনাক সহায় কৰিব পাৰে।’’

ইয়াৰ পিছতে ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে খেলুৱৈসকলৰ মাজলৈ অহা ধন আৰু অহংকাৰক লৈও মন্তব্য কৰে। ভাৰতীয় কিংবদন্তি সুনীল গাভাস্কাৰৰ দৰে খেলুৱৈৰ পৰা কিয় খেলুৱৈয়ে আদৰ্শগ্ৰহণ নকৰে বুলিও প্ৰশ্ন উত্থাপন কৰে। 

কপিলে কয়- "কেতিয়াবা বেছি টকা আহে, অহংকাৰ আহে। এই ক্ৰিকেটাৰসকলে ভাবিছে যে তেওঁলোকে সকলো জানে। সেইটোৱেই পাৰ্থক্য।’’

ইয়াৰ পূৰ্বে গাভাস্কাৰে খেলুৱৈসকলে তেওঁৰ ওচৰলৈ পৰামৰ্শ বিচাৰি নোযোৱাৰ বিষয়ে মন্তব্য কৰিছিল। তেওঁ আলোকপাত কৰে যে প্ৰাক্তন খেলুৱৈ ৰাহুল দ্ৰাবিড়, শচীন টেণ্ডুলকাৰ আৰু ভিভিএছ লক্ষ্মণে তেওঁৰ ওচৰলৈ সঘনাই পৰামৰ্শ বিচাৰিছিল যদিও বৰ্তমানৰ খেলুৱৈসকল আগবাঢ়ি নাহে।

গাভাস্কাৰে কৈছিল- "নাই, কোনো অহা নাই। ৰাহুল দ্ৰাবিড়, শচীন টেণ্ডুলকাৰ, আৰু ভিভিএছ লক্ষ্মণে মোৰ ওচৰলৈ নিয়মিতভাৱে আহিছিল। আৰু তেওঁলোকে মোৰ ওচৰলৈ এটা নিৰ্দিষ্ট সমস্যা লৈ আহিছিল আৰু আপুনি তেওঁলোকক কিবা এটা ক'ব পাৰিছিল যিটো আপুনি পৰ্যবেক্ষণ কৰিছিল।" ইণ্ডিয়ান এক্সপ্ৰেছক এই কথা কৈছিল গাভাস্কাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ