--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৬/১১ ৰ আক্ৰমণত কথমপিহে প্ৰাণৰক্ষা পৰিছিল দেশৰ ৰত্ন স্বৰূপ উদ্যোগপতি গৌতম আদানীৰ৷ এই কথা উদ্যোগপতিগৰাকীয়ে নিজেই প্ৰকাশ কৰিছে৷ ভাৰতৰ জনপ্ৰিয় টেলিভিছন অনুষ্ঠান 'আপ কি আদালত'ৰ নতুন খণ্ডটোত  ভাৰতৰ শীৰ্ষ  উদ্যোগপতি গৌতম আদানীয়ে ২৬/১১ ৰ আক্ৰমণৰ ভয়ংকৰ আক্ৰমণৰ কথা পুনৰ বাৰ মনত পেলায়৷ তেওঁ অনুষ্ঠানটোত   কেনেকৈ  তাজ হোটেলত প্ৰায় ১০ ঘণ্টাৰ ভয়ংকৰ আক্ৰমণৰ সাক্ষী হোৱাৰ পিছতো "এক নতুন জীৱন" লাভ কৰিছিল সেই বিষয়ে কয়৷ 

২০০৮ চনৰ নৱেম্বৰ মাহত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত আদানী তাজ হোটেলতে আছিল৷   পাকিস্তানৰ ইছলামিক  সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাই  মুম্বাইত  চাৰি দিন ধৰি  গুলী আৰু বোমাৰে আক্ৰমণ চলাইছিল। 

আদানীয়ে কয় "যেতিয়া সন্ত্ৰাসবাদীয়ে হোটেল তাজত আক্ৰমণ কৰিছিল তেতিয়া মই বন্ধুবৰ্গৰ সৈতে তাত এখন  বৈঠক কৰি আছিলো"সেই ভয়াৱহ  দিনটোৰ কথা মনত পেলাই আদানীয়ে ইণ্ডিয়া টিভিৰ এডিটৰ-ইন-চীফ  ৰজত শৰ্মাৰ সৈতে হোৱা  এক বিশেষ সাক্ষাৎকাৰত কয় যে তেওঁ হোটেল তাজত ডুবাইস্থিত বন্ধুবৰ্গৰ সৈতে এক ব্যৱসায়িক বৈঠকত ভাগ লৈছিল৷  সেই সময়তে তাজ হোটেলত সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰম্ভ হৈছিল৷ ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিজনৰ মতে তেওঁ সন্ত্ৰাসবাদীসকলক মুম্বাইৰ হোটেল তাজত আক্ৰমণ কৰাৰ সময়ত দেখিছিল।   

তেওঁ কয় "মই হোটেলৰ  বিল পৰিশোধ কৰাৰ পিছত হোটেলৰ পৰা ওলাই যাবলৈ ওলাইছিলো, তেতিয়াই  মোক  আন এখন বৈঠক হ’ব বুলি কোৱা হৈছিল৷   আমি ৰাতিৰ আহাৰ পৰিবেশন কৰা ৰেষ্টুৰেণ্টখনত বহিছিলো ।সেই সময়তে  মই গম পাইছিলো যে হোটেলখন সন্ত্ৰাসবাদীৰ আক্ৰমণৰহৈছে। কেইমিনিটমানৰ পিছত, হোটেলৰ কৰ্মচাৰীসকলে মোক পিছফালৰ দুৱাৰৰেৰে পাকঘৰলৈ লৈ গৈছিল। বহু সময় পিছত মোক নিৰাপ্তা বাহিনীয়ে উদ্ধাৰ কৰিছিল,"৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক