--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৬/১১ ৰ আক্ৰমণত কথমপিহে প্ৰাণৰক্ষা পৰিছিল দেশৰ ৰত্ন স্বৰূপ উদ্যোগপতি গৌতম আদানীৰ৷ এই কথা উদ্যোগপতিগৰাকীয়ে নিজেই প্ৰকাশ কৰিছে৷ ভাৰতৰ জনপ্ৰিয় টেলিভিছন অনুষ্ঠান 'আপ কি আদালত'ৰ নতুন খণ্ডটোত  ভাৰতৰ শীৰ্ষ  উদ্যোগপতি গৌতম আদানীয়ে ২৬/১১ ৰ আক্ৰমণৰ ভয়ংকৰ আক্ৰমণৰ কথা পুনৰ বাৰ মনত পেলায়৷ তেওঁ অনুষ্ঠানটোত   কেনেকৈ  তাজ হোটেলত প্ৰায় ১০ ঘণ্টাৰ ভয়ংকৰ আক্ৰমণৰ সাক্ষী হোৱাৰ পিছতো "এক নতুন জীৱন" লাভ কৰিছিল সেই বিষয়ে কয়৷ 

২০০৮ চনৰ নৱেম্বৰ মাহত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত আদানী তাজ হোটেলতে আছিল৷   পাকিস্তানৰ ইছলামিক  সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাই  মুম্বাইত  চাৰি দিন ধৰি  গুলী আৰু বোমাৰে আক্ৰমণ চলাইছিল। 

আদানীয়ে কয় "যেতিয়া সন্ত্ৰাসবাদীয়ে হোটেল তাজত আক্ৰমণ কৰিছিল তেতিয়া মই বন্ধুবৰ্গৰ সৈতে তাত এখন  বৈঠক কৰি আছিলো"সেই ভয়াৱহ  দিনটোৰ কথা মনত পেলাই আদানীয়ে ইণ্ডিয়া টিভিৰ এডিটৰ-ইন-চীফ  ৰজত শৰ্মাৰ সৈতে হোৱা  এক বিশেষ সাক্ষাৎকাৰত কয় যে তেওঁ হোটেল তাজত ডুবাইস্থিত বন্ধুবৰ্গৰ সৈতে এক ব্যৱসায়িক বৈঠকত ভাগ লৈছিল৷  সেই সময়তে তাজ হোটেলত সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰম্ভ হৈছিল৷ ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিজনৰ মতে তেওঁ সন্ত্ৰাসবাদীসকলক মুম্বাইৰ হোটেল তাজত আক্ৰমণ কৰাৰ সময়ত দেখিছিল।   

তেওঁ কয় "মই হোটেলৰ  বিল পৰিশোধ কৰাৰ পিছত হোটেলৰ পৰা ওলাই যাবলৈ ওলাইছিলো, তেতিয়াই  মোক  আন এখন বৈঠক হ’ব বুলি কোৱা হৈছিল৷   আমি ৰাতিৰ আহাৰ পৰিবেশন কৰা ৰেষ্টুৰেণ্টখনত বহিছিলো ।সেই সময়তে  মই গম পাইছিলো যে হোটেলখন সন্ত্ৰাসবাদীৰ আক্ৰমণৰহৈছে। কেইমিনিটমানৰ পিছত, হোটেলৰ কৰ্মচাৰীসকলে মোক পিছফালৰ দুৱাৰৰেৰে পাকঘৰলৈ লৈ গৈছিল। বহু সময় পিছত মোক নিৰাপ্তা বাহিনীয়ে উদ্ধাৰ কৰিছিল,"৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু