--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃসতৰ্ক হৈছে  এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষ৷ হয়তো বিমানত নিষিদ্ধ হ'ব পাৰে  সুৰাৰ পৰিবেশন ৷ মূলতঃ আন্তঃৰাষ্ট্ৰীয় বিমানত যাত্ৰীক সুৰা পৰিবেশন কৰা হয় যদিও সুৰাই নানান অথন্তৰ ঘটাবলৈ লোৱাত সতৰ্ক হৈছে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষ৷শংকৰ মিশ্ৰ নামৰ এগৰাকী যাত্ৰীয়ে নিউয়ৰ্ক-দিল্লীৰ মাজত চলাচল কৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমানত এগৰাকী মহিলা যাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰা ঘটনাই সমগ্ৰ বিশ্বতে চাঞ্চ্যলৰ সৃষ্টি কৰিছে। 

এনে ঘটনাৰ প্ৰতিক্ৰিয়াৰ মাজতে এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া উইলচন কেম্পবেলে এক বিবৃতিত কৈছে যে এয়াৰলাইনটোৱে প্ৰস্ৰাৱৰ ঘটনাৰ পিছত বিমানত যাত্ৰীসকলক সুৰা পৰিৱেশন কৰাৰ নীতি পৰ্যালোচনা কৰি আছে। শংকৰ মিশ্ৰই এয়াৰলাইনৰ বিমানত নিচাগ্ৰস্ত হৈ এগৰাকী মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে। বিমান সংস্থাটোৱে ঘটনাটো সঠিকভাৱে নিয়ন্ত্ৰণ নকৰাৰ বাবে বিমানখনৰ কৰ্মচাৰী আৰু পাইলটৰ বিৰুদ্ধেও  শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়। টাটা-মালিক এয়াৰলাইনৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে  ঘটনাটোৰ বাবে যাত্ৰীসকলৰ ওচৰত ক্ষমা বিচৰাৰ লগতে আ তদন্তত সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিছে। 

বিবৃতিটোত উইলছন কেম্পবেলে কয়, "এয়াৰ ইণ্ডিয়াৰ বিমানত এজন যাত্ৰীৰ নিন্দনীয় কাৰ্যকলৈ আমি  গভীৰভাৱে চিন্তিত। আমি এই অভিজ্ঞতাবোৰৰ বাবে দুঃখিত ।"ইপিনে এয়াৰ ইণ্ডিয়াৰ বিমানত সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগত অভিযুক্ত  শংকৰ মিশ্ৰক অৱশেষত বাংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। শংকৰৰ গ্ৰেপ্তাৰৰ খবৰ দিল্লী আৰক্ষীৰ বিষয়াসকলে আজি প্ৰকাশ কৰিছে। অভিযুক্ত যাত্ৰী শংকৰ মিশ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা বহুজাতিক বিত্তীয় প্ৰতিষ্ঠানৰ ভাৰতৰ ভাইচ প্ৰচিডেণ্ট   আছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীটোৱে তেওঁক কালি চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু