--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিনাদোষত জীৱনৰ প্ৰায় ২৮ টা মূল্যৱান বছৰ কাৰাগাৰৰ ভিতৰত হেৰুৱালে এগৰাকী ব্যক্তিয়ে। ব্যক্তিজনৰ বিৰুদ্ধে হত্যাকাণ্ডৰ অভিযোগ উত্থাপিত হৈছিল। এই অভিযোগ সদায়েই অস্বীকাৰ কৰি অহাৰ পিছতো ন্যায়ৰ পৰা বঞ্চিত হৈ আহিছিল তেওঁ। অৱশেষত মঙলবাৰে নিৰ্দোষ সাব্যস্ত হোৱাৰ পাছত মুকলি আকাশৰ তললৈ ওলাই আহে তেওঁ।

আমেৰিকা যুক্তৰাষ্ট্ৰনিবাসী ব্যক্তিগৰাকীৰ নাম লামাৰ জনছন। ৫০ বৰ্ষীয় কৃষ্ণাঙ্গ ব্যক্তি লামাৰক মঙলবাৰে মিছ’ৰী প্ৰদেশৰ ছেইণ্ট লুইছৰ আদালতে নিৰ্দোষী বুলি ৰায়দান কৰে। তাৰপিছতে বিগত ২৮ বছৰৰ বন্দীত্বকালৰ অৱসান ঘটে লামাৰ।

শুনানি গ্ৰহণ কৰি আদালতৰ ন্যায়াধীশ ডেভিদ মেছনে দুগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে। তেওঁলোকে নিজ ভাষ্যত জনছন নিৰ্দোষ বুলি স্পষ্ট আৰু বিশ্বাসযোগ্য প্ৰমাণ প্ৰদান কৰাৰ পিছত জনছন নিৰ্দোষী বুলি ৰায়দান কৰে।

উল্লেখ্য যে, ১৯৯৪ চনত মাৰ্কাছ বয়েড নামৰ এগৰাকী ব্যক্তিক হত্যা কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল লামাৰ জনছনক। সেই বৰ্ষৰে অক্টোবৰত জনছনৰ ঘৰৰ সন্মুখত দুই মুখাধাৰী আততায়ীয়ে মাৰ্কাছ বয়েডক গুলীয়াই হত্যা কৰিছিল।

আৰক্ষীয়ে হত্যাত জড়িত থকাৰ সন্দেহত জনছনক গ্ৰেপ্তাৰ কৰে। কিন্তু জনছনে আৰক্ষীৰ অভিযোগ নস্যাৎ কৰি নিজকে নিৰ্দোষী বুলি বাৰে বাৰে দাবী কৰে। এই আক্ৰমণ সংঘটিত হোৱাৰ সময়ত তেওঁ ঘৰত নাছিল বুলিও জনছনে উল্লেখ কৰিছিল যদিও তেওঁৰ ভাষ্য নাকচ কৰা হৈছিল।

অৱশ্যে এই গোচৰত অভিযুক্ত এগৰাকী কয়দীয়ে কেম্পবেল নামৰ আন এগৰাকী ব্যক্তিৰ সৈতে বয়েডক গুলীয়াইছিল বুলি স্বীকাৰ কৰে আৰু তেওঁৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কেম্পবেলেও দোষ স্বীকাৰ কৰাৰ পিছত আদালতে সাত বছৰৰ কাৰাদণ্ড বিহে।

ইফালে মঙলবাৰে আদালতে জনছনক নিৰ্দোষী ঘোষণা কৰি ৰায়দান কৰাৰ পিছতে আবেগবিহ্বল হৈ পৰে জনছন। শুনানিৰ সময়ত উপস্থিত থকা তেওঁৰ সমৰ্থকসকলেও আদালত প্ৰাঙ্গণতে আদালতৰ ৰায়ক আদৰণি জনাই সুখ প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে