--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিনাদোষত জীৱনৰ প্ৰায় ২৮ টা মূল্যৱান বছৰ কাৰাগাৰৰ ভিতৰত হেৰুৱালে এগৰাকী ব্যক্তিয়ে। ব্যক্তিজনৰ বিৰুদ্ধে হত্যাকাণ্ডৰ অভিযোগ উত্থাপিত হৈছিল। এই অভিযোগ সদায়েই অস্বীকাৰ কৰি অহাৰ পিছতো ন্যায়ৰ পৰা বঞ্চিত হৈ আহিছিল তেওঁ। অৱশেষত মঙলবাৰে নিৰ্দোষ সাব্যস্ত হোৱাৰ পাছত মুকলি আকাশৰ তললৈ ওলাই আহে তেওঁ।

আমেৰিকা যুক্তৰাষ্ট্ৰনিবাসী ব্যক্তিগৰাকীৰ নাম লামাৰ জনছন। ৫০ বৰ্ষীয় কৃষ্ণাঙ্গ ব্যক্তি লামাৰক মঙলবাৰে মিছ’ৰী প্ৰদেশৰ ছেইণ্ট লুইছৰ আদালতে নিৰ্দোষী বুলি ৰায়দান কৰে। তাৰপিছতে বিগত ২৮ বছৰৰ বন্দীত্বকালৰ অৱসান ঘটে লামাৰ।

শুনানি গ্ৰহণ কৰি আদালতৰ ন্যায়াধীশ ডেভিদ মেছনে দুগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে। তেওঁলোকে নিজ ভাষ্যত জনছন নিৰ্দোষ বুলি স্পষ্ট আৰু বিশ্বাসযোগ্য প্ৰমাণ প্ৰদান কৰাৰ পিছত জনছন নিৰ্দোষী বুলি ৰায়দান কৰে।

উল্লেখ্য যে, ১৯৯৪ চনত মাৰ্কাছ বয়েড নামৰ এগৰাকী ব্যক্তিক হত্যা কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল লামাৰ জনছনক। সেই বৰ্ষৰে অক্টোবৰত জনছনৰ ঘৰৰ সন্মুখত দুই মুখাধাৰী আততায়ীয়ে মাৰ্কাছ বয়েডক গুলীয়াই হত্যা কৰিছিল।

আৰক্ষীয়ে হত্যাত জড়িত থকাৰ সন্দেহত জনছনক গ্ৰেপ্তাৰ কৰে। কিন্তু জনছনে আৰক্ষীৰ অভিযোগ নস্যাৎ কৰি নিজকে নিৰ্দোষী বুলি বাৰে বাৰে দাবী কৰে। এই আক্ৰমণ সংঘটিত হোৱাৰ সময়ত তেওঁ ঘৰত নাছিল বুলিও জনছনে উল্লেখ কৰিছিল যদিও তেওঁৰ ভাষ্য নাকচ কৰা হৈছিল।

অৱশ্যে এই গোচৰত অভিযুক্ত এগৰাকী কয়দীয়ে কেম্পবেল নামৰ আন এগৰাকী ব্যক্তিৰ সৈতে বয়েডক গুলীয়াইছিল বুলি স্বীকাৰ কৰে আৰু তেওঁৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কেম্পবেলেও দোষ স্বীকাৰ কৰাৰ পিছত আদালতে সাত বছৰৰ কাৰাদণ্ড বিহে।

ইফালে মঙলবাৰে আদালতে জনছনক নিৰ্দোষী ঘোষণা কৰি ৰায়দান কৰাৰ পিছতে আবেগবিহ্বল হৈ পৰে জনছন। শুনানিৰ সময়ত উপস্থিত থকা তেওঁৰ সমৰ্থকসকলেও আদালত প্ৰাঙ্গণতে আদালতৰ ৰায়ক আদৰণি জনাই সুখ প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বকাপত হেটত্রিকসহ মেছিৰ ৮টা অভিলেখ
শান্তি চুক্তিত স্বাক্ষৰ আমেৰিকা-ইৰানৰ; মুকলি হ’ব হৰমুজ প্ৰণালী, স্বস্তিৰ নিঃশ্বাস বিশ্বৰ
ৰে’লৰ পৰা সন্ধানহীন গোসাইগাঁৱৰ বাসিন্দা সুভাষ পাল; দুৰ্বৃত্তৰ কবলত পৰাৰ সন্দেহ
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য