--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আফ্ৰিকাৰ দেশ ইকুৱেটৰিয়েল গিনিত একাংশ লোকে অন্ত্যেষ্টিক্ৰিয়াত অংশ লৈছিল, আৰু কিছুদিন পিছত ইয়াৰে ৯ জনৰ একে ৰোগৰ লক্ষণ দেখা গৈছিল আৰু তাৰ পাছত মৃত্যু হৈছিল।তাৰ পাছৰ পৰাই মাৰবাৰ্গ ভাইৰাছৰ সংক্ৰমণ এনেদৰে আৰম্ভ হৈছিল। অৱশ্যে ইকুৱেটৰিয়েল গিনিৰ স্বাস্থ্যমন্ত্ৰীয়ে জনোৱা মতে, যিখন গাঁৱত লোকৰ এই সংক্ৰমণ ধৰা পৰিছে, আপাততঃ তালৈ কোনো লোক যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। শেহতীয়া তথ্য অনুসৰি যিসকল লোক আক্ৰান্ত লোকৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিছে তেওঁলোকেও কোৱাৰেণ্টাইন অনুসৰণ কৰি আছে। বৰ্তমান ১৬ জন লোকক সন্দেহ কৰা হৈছে আৰু প্ৰায় ৪ হাজাৰ ৩ শ লোকক কোৱাৰেণ্টাইন কৰা হৈছে।

ভাইৰাছ সংক্ৰমণৰ ভয় কি সেয়া সমগ্ৰ বিশ্বক ক'ৰনাই ইতিমধ্যে জনাইছে। ২০১৯ চনৰ শেষৰ মাহৰ পৰা আৰম্ভ কৰি সমগ্ৰ বিশ্বক আগুৰি ধৰা এই ভাইৰাছৰ ভয় আৰু আফটাৰ ইফেক্ট এতিয়াও সম্পূৰ্ণৰূপে শেষ হোৱা নাই যে মাৰ্বাৰ্গ ভাইৰাছে আফ্ৰিকান দেশসমূহত হুলস্থুলৰ সৃষ্টি কৰিছে। 

মৃত্যুৰ হাৰ ৮৮ শতাংশ: মাৰ্বাৰ্গ ভাইৰাছৰ আটাইতকৈ ভয়ংকৰ কথাটো হ’ল ইয়াৰ দ্বাৰা আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ ৮৮ শতাংশ পৰ্যন্ত। অৰ্থাৎ ১০০ জনৰ ভিতৰত ৮৮ জনৰ প্ৰাণ ৰক্ষা কৰাটো প্ৰায় অসম্ভৱ। মাৰ্বাৰ্গ ভাইৰাছৰ সংক্ৰমণ আৰু ইয়াৰ লক্ষণসমূহৰ বিষয়ে কওঁতে কাউন্সিল অৱ চাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ (চি এছ আই আৰ)ৰ ইনষ্টিটিউট অৱ জিনমিক্স এণ্ড ইন্টিগ্ৰেটিভ বায়’লজীৰ জ্যেষ্ঠ বিজ্ঞানী ডাঃ জিতেন্দ্ৰ নাৰায়ণে কয় যে মাৰ্বাৰ্গ সেই একেটা ফিল’ভিৰিডে পৰিয়ালৰ ভাইৰাছ, যাৰ পৰা ইব’লা ভাইৰাছ আহিছে। আৰু ই প্ৰধানকৈ বাদুলিৰ জৰিয়তে বিয়পে।

মাৰ্বাৰ্গ ভাইৰাছৰ লক্ষণসমূহ কি কি?
উচ্চ জ্বৰ
ভয়ংকৰ মূৰৰ বিষ
বমিত তেজ ওলোৱা 
নাকৰ পৰা তেজ ওলোৱা
গাঁঠিৰ তীব্ৰ বিষ
অত্যন্ত ভাগৰ আৰু দুৰ্বলতা
বৰ্তমান ইয়াৰ কোনো ভেকচিন নাই

শেহতীয়া ভাইৰাছৰ সংক্ৰমণৰ কথা কওঁতে ডাঃ জিতেন্দ্ৰ নাৰায়ণে কয় যে যোৱা ১০ বছৰত এই ভাইৰাছৰ সংক্ৰমণৰ কেইটামান ঘটনাহে ৰিপৰ্ট কৰা হৈছিল। কিন্তু ২০০৪-০৫ চনত এংগোলাত ২৫২ জন লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছিল, ইয়াৰে ২২৭ জনৰ মৃত্যু হৈছিল। এই ভাইৰাছক ইব’লাৰ দৰে বিপজ্জনক বুলি গণ্য কৰা হয় আৰু ই অতি দ্ৰুতগতিত সংক্ৰমণ বিয়পাইছে। চিন্তাৰ বিষয় যে ইয়াৰ বাবে এতিয়ালৈকে কোনো ভেকচিন উপলব্ধ হোৱা নাই।

মাৰ্বাৰ্গ ভাইৰাছৰ চিকিৎসা কি?
মাৰ্বাৰ্গ ভাইৰাছৰ অনুসন্ধান আৰু চিকিৎসা সন্দৰ্ভত ডাঃ নাৰায়ণে কয় যে বহু ক্ষেত্ৰত এই ভাইৰাছৰ লক্ষণসমূহ মেলেৰিয়া, টাইফয়েড জ্বৰ, শ্বিগেল’ছিছ, মেনিনজাইটিছ, আৰু অন্যান্য সংক্ৰামক জ্বৰৰ পৰা পৃথক কৰাটো কঠিন হ’ব পাৰে, য’ত শৰীৰৰ পৰা ৰক্তক্ষৰণ আৰম্ভ হয়। সেইবাবেই এই ভাইৰাছ পৰীক্ষা কৰিবলৈ এন্টিজেন ডিটেকচন টেষ্ট, ছিৰাম নিউট্ৰেলাইজেচন টেষ্ট, আৰ টি-পিচিআৰ আৰু চেল কালচাৰ পদ্ধতি ব্যৱহাৰ কৰা হয়। নিশ্চিত হোৱাৰ পিছত লক্ষণৰ ভিত্তিত ঔষধ ব্যৱহাৰ কৰা হয় আৰু ৰোগীক তৰল খাদ্য, গ্লুক’জ আদি দি পানীলগা ৰোধ কৰাৰ প্ৰচেষ্টা চলোৱা হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ