--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীৰ সুৰা কেলেংকাৰিত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সম্প্ৰতি ইডিৰ জিম্মাত আছে। কালি পিএমএলএ আদালতে ২৮ মাৰ্চলৈ ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছিল অৰবিন্দ কেজৰিৱালক। 

আজি দুপৰীয়া দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী সুনীতা কেজৰিৱালে মিডিয়াৰ সন্মুখত পঢ়ি শুনাই ইডিৰ জিম্মাত থকা অৰবিন্দ কেজৰিৱালৰ এক বাৰ্তা। ৩ মিনিট ২১ ছেকেণ্ডৰ এটা ভিডিঅ’ৰ জৰিয়তে নিজকে লৌহমানৱ বুলি অভিহিত কৰে অৰবিন্দ কেজৰিৱালে। 

দৰাচলতে দিল্লীৰ সুৰা কেলেংকাৰিত গ্ৰেপ্তাৰ হোৱা ৩২সংখ্যক অভিযুক্ত হৈছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ নতুন সুৰা নীতিৰ  জৰিয়তে সুৰা মাফিয়াক মুনাফা দিবলৈ গৈ দিল্লী চৰকাৰে হেৰুৱাইছিল ২ হাজাৰ ৮৭৩ কোটি টকাৰ ৰাজহ। 

আনহাতে কেজৰিৱালৰ বিৰুদ্ধে ১০০ কোটি টকাৰ উৎকোচ গ্ৰহণৰো অভিযোগ  তদন্তকাৰী সংস্থা ইডিৰ। ইতিমধ্যে ইডিৰ জিম্মাত থকা কেজৰিৱালে কালি নিশা গ্ৰহণ কৰে নিজৰ ঘৰত প্ৰস্তুত কৰা খাদ্য। চিকিৎসাজনিত কাৰণত কেজৰিৱালক ঘৰুৱা খাদ্য গ্ৰহণৰ অনুমতি দিছিল আদালতে। একেদৰে, কেজৰিৱালক শীতাতপ নিয়ন্ত্ৰিত কোঠাত ৰখাৰো অনুমতি প্ৰদান কৰিছিল আদালতে। জিম্মাত থকাৰ সময়তে প্ৰতিদিনে সন্ধিয়া ৬ বজাৰ পৰা এঘণ্টাৰ বাবে পত্নী আৰু নিজৰ ব্যক্তিগত সচিবক লগ কৰাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। 

ইপিনে, আপ নেতা অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ পাছতেই অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। দিল্লী আপ চৰকাৰৰ মন্ত্ৰী আতিশী মাৰ্লেনাৰ দাবী– নিৰাপত্তাৰক্ষীয়ে ঘেৰি ৰাখিছে আপৰ মুখ্য কাৰ্যালয়। যাক লৈ নিৰ্বাচন আয়োগত অভিযোগ দাখিলৰ কথা উল্লেখ কৰে আপ নেত্ৰীগৰাকীয়ে। 

আনহাতে দিল্লীৰ বিভিন্ন স্থানত আপৰ নেতাসকলক আৰক্ষীয়ে বাধা প্ৰদানক লৈও সৰব হৈ পৰে আতিশী মাৰ্লেনা। তাৰ মাজতে শ্বহীদ দিৱস উপলক্ষে আজি দিল্লী শ্বহীদ ময়দানত আপৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় আতিশী, সৌৰভ ভৰদ্বাজ, গোপাল ৰয়, পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ সৈতে বহু সংখ্যক আপ নেতাই। কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰসংগত মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰে আপ নেতৃত্বই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু