--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীৰ সুৰা কেলেংকাৰিত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সম্প্ৰতি ইডিৰ জিম্মাত আছে। কালি পিএমএলএ আদালতে ২৮ মাৰ্চলৈ ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছিল অৰবিন্দ কেজৰিৱালক। 

আজি দুপৰীয়া দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী সুনীতা কেজৰিৱালে মিডিয়াৰ সন্মুখত পঢ়ি শুনাই ইডিৰ জিম্মাত থকা অৰবিন্দ কেজৰিৱালৰ এক বাৰ্তা। ৩ মিনিট ২১ ছেকেণ্ডৰ এটা ভিডিঅ’ৰ জৰিয়তে নিজকে লৌহমানৱ বুলি অভিহিত কৰে অৰবিন্দ কেজৰিৱালে। 

দৰাচলতে দিল্লীৰ সুৰা কেলেংকাৰিত গ্ৰেপ্তাৰ হোৱা ৩২সংখ্যক অভিযুক্ত হৈছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ নতুন সুৰা নীতিৰ  জৰিয়তে সুৰা মাফিয়াক মুনাফা দিবলৈ গৈ দিল্লী চৰকাৰে হেৰুৱাইছিল ২ হাজাৰ ৮৭৩ কোটি টকাৰ ৰাজহ। 

আনহাতে কেজৰিৱালৰ বিৰুদ্ধে ১০০ কোটি টকাৰ উৎকোচ গ্ৰহণৰো অভিযোগ  তদন্তকাৰী সংস্থা ইডিৰ। ইতিমধ্যে ইডিৰ জিম্মাত থকা কেজৰিৱালে কালি নিশা গ্ৰহণ কৰে নিজৰ ঘৰত প্ৰস্তুত কৰা খাদ্য। চিকিৎসাজনিত কাৰণত কেজৰিৱালক ঘৰুৱা খাদ্য গ্ৰহণৰ অনুমতি দিছিল আদালতে। একেদৰে, কেজৰিৱালক শীতাতপ নিয়ন্ত্ৰিত কোঠাত ৰখাৰো অনুমতি প্ৰদান কৰিছিল আদালতে। জিম্মাত থকাৰ সময়তে প্ৰতিদিনে সন্ধিয়া ৬ বজাৰ পৰা এঘণ্টাৰ বাবে পত্নী আৰু নিজৰ ব্যক্তিগত সচিবক লগ কৰাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। 

ইপিনে, আপ নেতা অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ পাছতেই অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। দিল্লী আপ চৰকাৰৰ মন্ত্ৰী আতিশী মাৰ্লেনাৰ দাবী– নিৰাপত্তাৰক্ষীয়ে ঘেৰি ৰাখিছে আপৰ মুখ্য কাৰ্যালয়। যাক লৈ নিৰ্বাচন আয়োগত অভিযোগ দাখিলৰ কথা উল্লেখ কৰে আপ নেত্ৰীগৰাকীয়ে। 

আনহাতে দিল্লীৰ বিভিন্ন স্থানত আপৰ নেতাসকলক আৰক্ষীয়ে বাধা প্ৰদানক লৈও সৰব হৈ পৰে আতিশী মাৰ্লেনা। তাৰ মাজতে শ্বহীদ দিৱস উপলক্ষে আজি দিল্লী শ্বহীদ ময়দানত আপৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় আতিশী, সৌৰভ ভৰদ্বাজ, গোপাল ৰয়, পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ সৈতে বহু সংখ্যক আপ নেতাই। কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰসংগত মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰে আপ নেতৃত্বই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ