--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ বাবে এতিয়া সংকটৰ সময়। ইছলামিক সন্ত্ৰাসবাদীয়ে ৰাছিয়াৰ সকলো নিৰাপত্তাবেহু, চোৰাংচোৱাৰ নিৰীক্ষণ অতিক্ৰম কৰি সংঘটিত কৰিছে ভয়ংকৰ কূটাঘাত। মস্কো কনচাৰ্ট হলত আক্ৰমণ চলাই ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছে ১১৫ গৰাকীৰো অধিক লোকক হত্যা কৰিছে। ঘটনাটোত আহত হৈছে শতাধিক লোক। এনে সময়তে ভাৰতৰ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণক তীব্ৰ গৰিহণা দিছে।

 প্ৰধানমন্ত্ৰীয়ে শনিবাৰে তেওঁৰ এক্স-হেণ্ডেলত বন্ধু দেশ ৰাছিয়াৰ প্ৰতি সহমৰ্মমিতা প্ৰকাশ কৰি  এটা পোষ্ট কৰিছে। মোদীয়ে তেওঁৰ বাৰ্তাত লিখিছে-   "মস্কোৰ মাজভাগত সংঘটিত এই ঘৃণনীয় সন্ত্ৰাসবাদী আক্ৰমণক আমি তীব্ৰ গৰিহণা দিছো। ভুক্তভোগী সকলৰ পৰিয়ালৰ প্ৰতি আমাৰ সমবেদনা জনাইছো। এই দুখৰ সময়ত ভাৰত ৰাছিয়াৰ চৰকাৰ আৰু ৰাছিয়াৰ জনসাধাৰণৰ সৈতে থিয় দিছে। আমি তেওঁলোকৰ প্ৰতি সহানুভূতিশীল।" উল্লেখ্য ভাৰতো সন্ত্ৰাসবাদৰ ভুক্তভোগী হৈছে। পাকিস্তানৰ সমৰ্থিত জেহাদী বাহিনীয়ে কেইবা দশক ধৰি সক্ৰিয় হৈ আছে। জম্মু-কাশ্মীৰক আইএছআইৰ পুতলা সংগঠন যেনে লস্কৰ-ই-তৈবা, জৈশ-ই-মহম্মদ আৰু হিজবুল মুজাহিদীনে বাৰে বাৰে ৰক্তপাত ঘটাই আহিছে।  আল কায়েদা আৰু ইছলামিক ষ্টেটও শেহতীয়া বছৰবোৰত দেশখনত সক্ৰিয় হৈ আছে। গতিকে ভাৰতে সন্ত্ৰাসবাদী আক্ৰমণৰ বেদনা আৰু ভয়াৱহতা দুয়োটাই জানে। সেই অভিজ্ঞতাৰ পৰাই  মোদীয়ে এই সংকটৰ সময়ত  বন্ধু দেশ ৰাছিয়াৰ প্ৰতি এই  বাৰ্তা দিছে।
 
ইফালে, মস্কো কনচাৰ্ট হলৰ আক্ৰমণত নিহতৰ সংখ্যা বৃদ্ধি পাইছে। এতিয়ালৈকে কমেও ১১৫  জন লোকে প্ৰাণ হেৰুৱাইছে। নিহতৰ সংখ্যা  আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় ইউনিয়নকে ধৰি আন দেশসমূহে এই ঘটনাক গৰিহণা দিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এই আক্ৰমণক "জঘন্য আৰু কাপুৰুষালি" বুলি অভিহিত কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওচৰত ইতিমধ্যে তথ্য আছিল যে সন্ত্ৰাসবাদীয়ে মস্কোত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে। এই মাহৰ আৰম্ভণিতে মস্কোত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে এই সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছিল। চুইডেনেও একেই সতৰ্কবাণী জাৰি কৰিছিল। শুকুৰবাৰে নিশা সন্ত্ৰাসবাদীয়ে  মস্কো চহৰৰ ওচৰৰ ক্ৰাকাছ মিউজিক হল নামৰ এটা প্ৰেক্ষাগৃহত আক্ৰমণ কৰিছিল। খবৰ অনুসৰি তিনিজন সন্ত্ৰাসবাদীয়ে দৰ্শক হিচাপে কনচাৰ্ট হলত প্ৰৱেশ কৰিছিল। 'পিকনিক' নামৰ এটা বেণ্ডৰ অনুষ্ঠান  উপভোগ কৰিবলৈ তাত  বহু লোক তাত সমবেত হৈছিল। কাৰ্যসূচী আৰম্ভ হোৱাৰ লগে লগে আক্ৰমণকাৰীসকলে নিৰ্বিচাৰে গুলীবৰ্ষণ আৰম্ভ কৰিছিল। গ্ৰেনেডো  নিক্ষেপ কৰা হৈছিল। এই আক্ৰমণ  কমেও ১৫ ৰ পৰা ২০ মিনিট চলিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ