--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ বাবে এতিয়া সংকটৰ সময়। ইছলামিক সন্ত্ৰাসবাদীয়ে ৰাছিয়াৰ সকলো নিৰাপত্তাবেহু, চোৰাংচোৱাৰ নিৰীক্ষণ অতিক্ৰম কৰি সংঘটিত কৰিছে ভয়ংকৰ কূটাঘাত। মস্কো কনচাৰ্ট হলত আক্ৰমণ চলাই ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছে ১১৫ গৰাকীৰো অধিক লোকক হত্যা কৰিছে। ঘটনাটোত আহত হৈছে শতাধিক লোক। এনে সময়তে ভাৰতৰ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণক তীব্ৰ গৰিহণা দিছে।

 প্ৰধানমন্ত্ৰীয়ে শনিবাৰে তেওঁৰ এক্স-হেণ্ডেলত বন্ধু দেশ ৰাছিয়াৰ প্ৰতি সহমৰ্মমিতা প্ৰকাশ কৰি  এটা পোষ্ট কৰিছে। মোদীয়ে তেওঁৰ বাৰ্তাত লিখিছে-   "মস্কোৰ মাজভাগত সংঘটিত এই ঘৃণনীয় সন্ত্ৰাসবাদী আক্ৰমণক আমি তীব্ৰ গৰিহণা দিছো। ভুক্তভোগী সকলৰ পৰিয়ালৰ প্ৰতি আমাৰ সমবেদনা জনাইছো। এই দুখৰ সময়ত ভাৰত ৰাছিয়াৰ চৰকাৰ আৰু ৰাছিয়াৰ জনসাধাৰণৰ সৈতে থিয় দিছে। আমি তেওঁলোকৰ প্ৰতি সহানুভূতিশীল।" উল্লেখ্য ভাৰতো সন্ত্ৰাসবাদৰ ভুক্তভোগী হৈছে। পাকিস্তানৰ সমৰ্থিত জেহাদী বাহিনীয়ে কেইবা দশক ধৰি সক্ৰিয় হৈ আছে। জম্মু-কাশ্মীৰক আইএছআইৰ পুতলা সংগঠন যেনে লস্কৰ-ই-তৈবা, জৈশ-ই-মহম্মদ আৰু হিজবুল মুজাহিদীনে বাৰে বাৰে ৰক্তপাত ঘটাই আহিছে।  আল কায়েদা আৰু ইছলামিক ষ্টেটও শেহতীয়া বছৰবোৰত দেশখনত সক্ৰিয় হৈ আছে। গতিকে ভাৰতে সন্ত্ৰাসবাদী আক্ৰমণৰ বেদনা আৰু ভয়াৱহতা দুয়োটাই জানে। সেই অভিজ্ঞতাৰ পৰাই  মোদীয়ে এই সংকটৰ সময়ত  বন্ধু দেশ ৰাছিয়াৰ প্ৰতি এই  বাৰ্তা দিছে।
 
ইফালে, মস্কো কনচাৰ্ট হলৰ আক্ৰমণত নিহতৰ সংখ্যা বৃদ্ধি পাইছে। এতিয়ালৈকে কমেও ১১৫  জন লোকে প্ৰাণ হেৰুৱাইছে। নিহতৰ সংখ্যা  আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় ইউনিয়নকে ধৰি আন দেশসমূহে এই ঘটনাক গৰিহণা দিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এই আক্ৰমণক "জঘন্য আৰু কাপুৰুষালি" বুলি অভিহিত কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওচৰত ইতিমধ্যে তথ্য আছিল যে সন্ত্ৰাসবাদীয়ে মস্কোত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে। এই মাহৰ আৰম্ভণিতে মস্কোত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে এই সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছিল। চুইডেনেও একেই সতৰ্কবাণী জাৰি কৰিছিল। শুকুৰবাৰে নিশা সন্ত্ৰাসবাদীয়ে  মস্কো চহৰৰ ওচৰৰ ক্ৰাকাছ মিউজিক হল নামৰ এটা প্ৰেক্ষাগৃহত আক্ৰমণ কৰিছিল। খবৰ অনুসৰি তিনিজন সন্ত্ৰাসবাদীয়ে দৰ্শক হিচাপে কনচাৰ্ট হলত প্ৰৱেশ কৰিছিল। 'পিকনিক' নামৰ এটা বেণ্ডৰ অনুষ্ঠান  উপভোগ কৰিবলৈ তাত  বহু লোক তাত সমবেত হৈছিল। কাৰ্যসূচী আৰম্ভ হোৱাৰ লগে লগে আক্ৰমণকাৰীসকলে নিৰ্বিচাৰে গুলীবৰ্ষণ আৰম্ভ কৰিছিল। গ্ৰেনেডো  নিক্ষেপ কৰা হৈছিল। এই আক্ৰমণ  কমেও ১৫ ৰ পৰা ২০ মিনিট চলিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ