--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুজাতিক খাদ্য নিৰ্মাতা নেচলে   বিশ্বৰ বহু  দেশৰ দৰে ভাৰততো অতি জনপ্ৰিয়। এই কোম্পানীয়ে প্ৰস্তুত কৰা  খাদ্যৰ ভিতৰত এটা হৈছে কেঁচুৱাৰ খাদ্য চেৰেলাক। কিন্তু এতিয়া জনা গৈছে যে তেওঁলোকে কিছুমান দেশত বিক্ৰী হোৱা তেওঁলোকৰ  বিখ্যাত কেঁচুৱা খাদ্য ব্ৰেণ্ডত চেনি মিহলি কৰা হয়। 

কিন্তু ব্ৰিটেইন, জাৰ্মানী, চুইজাৰলেণ্ডৰ দৰে উন্নত দেশত, কোম্পানীটোৱে  একেবিধ  সামগ্ৰীত চেনী মিহলি নকৰে। 'পাব্লিক আই' নামৰ এটা সংস্থাৰ  প্ৰতিবেদনত এনে দাবী কৰা হৈছে। বিশেষজ্ঞসকলৰ মতে নেচলেৰ দৰে কোম্পানীৰ দ্বাৰা তৈয়াৰ কৰা কেঁচুৱাৰ খাদ্যত চেনি যোগ দিয়াৰ এই প্ৰৱণতা বিপজ্জনক। ই  শিশুৰ ক্ষেত্ৰত মেদবহুলতাৰ দৰে সমস্যাৰ সৃষ্টি কৰে। নেচলেই এই অভিযোগ অস্বীকাৰ কৰা নাই। নেচলে ইণ্ডিয়াই যোৱা পাঁচ বছৰত চেনি ব্যৱহাৰ ৩০ শতাংশ হ্ৰাস কৰিছে বুলি প্ৰকাশ কৰিছে।

 প্ৰতিবেদনখনত  দাবী কৰা হৈছে যে ভাৰতত নেচলেৰ দ্বাৰা বিক্ৰী কৰা ১৫ প্ৰকাৰৰ চেৰেলাক  জাতীয় সামগ্ৰীত চেনি মিহলি কৰা হয়। শিশুক এবাৰত দিয়া চেৰেলাকত ৩ গ্ৰাম চেনি থাকে। আকৌ, ইথিওপিয়া আৰু থাইলেণ্ডৰ ক্ষেত্ৰত, পৰিমাণ ৬  গ্ৰামলৈ বৃদ্ধি  কৰা হৈছিল। কিন্তু জাৰ্মানী বা ব্ৰিটেইনৰ ক্ষেত্ৰত চেৰেলাকত  চেনি পোৱা হোৱা নাই। 

কেঁচুৱাৰ খাদ্যত চেনি  যোগ দিয়াৰ নেছলেৰ প্ৰৱণতা কিমান বিপজ্জনক? ব্ৰাজিলৰ এখন বিশ্ববিদ্যালয়ৰ পুষ্টি ৰঅধ্যাপক ৰড্ৰিগো ভিয়ানাই কয়, " কেঁচুৱাৰ  এনে   আহাৰত অতিৰিক্ত চেনি যোগ দিব নালাগে। এয়া অপ্ৰয়োজনীয় আৰু লগতে অত্যধিক আসক্তিযুক্ত। শিশুৱে মিঠাৰ  সৈতে বেছিকৈ  অভ্যস্ত হৈ পৰে। ফলস্বৰূপে, অধিক মিঠা খাদ্য  খাবলৈ বিচাৰিব পাৰে ।ফলত প্ৰাপ্তবয়স্ক জীৱনত উপনীত হোৱাৰ আগতে  তেওঁলোকৰ আহাৰৰ পুষ্টি শৃংখলা বিঘ্নিত হয় " । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু