--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুজাতিক খাদ্য নিৰ্মাতা নেচলে   বিশ্বৰ বহু  দেশৰ দৰে ভাৰততো অতি জনপ্ৰিয়। এই কোম্পানীয়ে প্ৰস্তুত কৰা  খাদ্যৰ ভিতৰত এটা হৈছে কেঁচুৱাৰ খাদ্য চেৰেলাক। কিন্তু এতিয়া জনা গৈছে যে তেওঁলোকে কিছুমান দেশত বিক্ৰী হোৱা তেওঁলোকৰ  বিখ্যাত কেঁচুৱা খাদ্য ব্ৰেণ্ডত চেনি মিহলি কৰা হয়। 

কিন্তু ব্ৰিটেইন, জাৰ্মানী, চুইজাৰলেণ্ডৰ দৰে উন্নত দেশত, কোম্পানীটোৱে  একেবিধ  সামগ্ৰীত চেনী মিহলি নকৰে। 'পাব্লিক আই' নামৰ এটা সংস্থাৰ  প্ৰতিবেদনত এনে দাবী কৰা হৈছে। বিশেষজ্ঞসকলৰ মতে নেচলেৰ দৰে কোম্পানীৰ দ্বাৰা তৈয়াৰ কৰা কেঁচুৱাৰ খাদ্যত চেনি যোগ দিয়াৰ এই প্ৰৱণতা বিপজ্জনক। ই  শিশুৰ ক্ষেত্ৰত মেদবহুলতাৰ দৰে সমস্যাৰ সৃষ্টি কৰে। নেচলেই এই অভিযোগ অস্বীকাৰ কৰা নাই। নেচলে ইণ্ডিয়াই যোৱা পাঁচ বছৰত চেনি ব্যৱহাৰ ৩০ শতাংশ হ্ৰাস কৰিছে বুলি প্ৰকাশ কৰিছে।

 প্ৰতিবেদনখনত  দাবী কৰা হৈছে যে ভাৰতত নেচলেৰ দ্বাৰা বিক্ৰী কৰা ১৫ প্ৰকাৰৰ চেৰেলাক  জাতীয় সামগ্ৰীত চেনি মিহলি কৰা হয়। শিশুক এবাৰত দিয়া চেৰেলাকত ৩ গ্ৰাম চেনি থাকে। আকৌ, ইথিওপিয়া আৰু থাইলেণ্ডৰ ক্ষেত্ৰত, পৰিমাণ ৬  গ্ৰামলৈ বৃদ্ধি  কৰা হৈছিল। কিন্তু জাৰ্মানী বা ব্ৰিটেইনৰ ক্ষেত্ৰত চেৰেলাকত  চেনি পোৱা হোৱা নাই। 

কেঁচুৱাৰ খাদ্যত চেনি  যোগ দিয়াৰ নেছলেৰ প্ৰৱণতা কিমান বিপজ্জনক? ব্ৰাজিলৰ এখন বিশ্ববিদ্যালয়ৰ পুষ্টি ৰঅধ্যাপক ৰড্ৰিগো ভিয়ানাই কয়, " কেঁচুৱাৰ  এনে   আহাৰত অতিৰিক্ত চেনি যোগ দিব নালাগে। এয়া অপ্ৰয়োজনীয় আৰু লগতে অত্যধিক আসক্তিযুক্ত। শিশুৱে মিঠাৰ  সৈতে বেছিকৈ  অভ্যস্ত হৈ পৰে। ফলস্বৰূপে, অধিক মিঠা খাদ্য  খাবলৈ বিচাৰিব পাৰে ।ফলত প্ৰাপ্তবয়স্ক জীৱনত উপনীত হোৱাৰ আগতে  তেওঁলোকৰ আহাৰৰ পুষ্টি শৃংখলা বিঘ্নিত হয় " । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ