--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে ছাৱাই মানছিং ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে শক্তিশালী বেটিং প্ৰদৰ্শন কৰে ৰাজস্থান ৰয়েলছে।  ২০ অভাৰত ৪ উইকেট হেৰুৱাই মুঠ ১৯৩ ৰান সংগ্ৰহ কৰে। অধিনায়ক সঞ্জু চেমছনে অপৰাজিত ৮২ ৰান কৰে। আনহাতে, ৰিয়ান পৰাগে মাত্ৰ ২৯টা ডেলিভাৰীত ৪৩ ৰান সংগ্ৰহ কৰি ইনিংছ সুস্থিৰ কৰি তুলিছিল। ষষ্ঠ অভাৰত ৪৯/২ ৰানত বেটিং কৰিবলৈ আহি পৰাগে অধিনায়কৰ স’তে ৯৩ ৰানৰ ষ্টেণ্ড স্থাপন কৰে।

ইনিংছটো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ২২ বছৰীয়া ৰিয়ানে। কয়, ''মোৰ মূল লক্ষ্য আছিল খেলখন গভীৰলৈ লৈ যোৱা। উইকেটটো অতি ফ্লেট হৈ আছিল আৰু স্পিনাৰসকলৰ সহায়ক হৈ আছিল।’’

শেহতীয়াকৈ ঘৰুৱা চিজনত দূৰ্দান্ত প্ৰদৰ্শন কৰিছে ৰিয়ানে। পৰাগে স্পষ্ট কৰি দিয়ে, ''মোৰ মানসিকতা আছিল সহজ, মই মোৰ ঘৰুৱা খেল খেলাৰ ধৰণেই মই মাত্ৰ যোৱা ১০ দিনত ভাল অনুশীলন কৰিলোঁ আৰু আজি কাৰ্যকৰী কৰিলোঁ।’’

ৰাজস্থানে মেচখনত প্ৰথমে বেটিং কৰিবলৈ বাছি লৈছিল আৰু জোছ বাটলাৰ আৰু যশস্বী জয়ছৱালে দ্ৰুত আৰম্ভণি দিছিল যদিও দুয়োজন অ’পেনাৰেই ক্ৰমে ১১ আৰু ২৪ ৰানত আউট হৈছিল। চেমছনৰ সৈতে অপৰাজিত হৈ থকা ধ্ৰুৱ জুৰেলে ২০ ৰানৰ অৱদান দি ৰাজস্থানক শক্তিশালী স্ক’ৰলৈ আগুৱাই লৈ যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ