--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে ছাৱাই মানছিং ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে শক্তিশালী বেটিং প্ৰদৰ্শন কৰে ৰাজস্থান ৰয়েলছে।  ২০ অভাৰত ৪ উইকেট হেৰুৱাই মুঠ ১৯৩ ৰান সংগ্ৰহ কৰে। অধিনায়ক সঞ্জু চেমছনে অপৰাজিত ৮২ ৰান কৰে। আনহাতে, ৰিয়ান পৰাগে মাত্ৰ ২৯টা ডেলিভাৰীত ৪৩ ৰান সংগ্ৰহ কৰি ইনিংছ সুস্থিৰ কৰি তুলিছিল। ষষ্ঠ অভাৰত ৪৯/২ ৰানত বেটিং কৰিবলৈ আহি পৰাগে অধিনায়কৰ স’তে ৯৩ ৰানৰ ষ্টেণ্ড স্থাপন কৰে।

ইনিংছটো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ২২ বছৰীয়া ৰিয়ানে। কয়, ''মোৰ মূল লক্ষ্য আছিল খেলখন গভীৰলৈ লৈ যোৱা। উইকেটটো অতি ফ্লেট হৈ আছিল আৰু স্পিনাৰসকলৰ সহায়ক হৈ আছিল।’’

শেহতীয়াকৈ ঘৰুৱা চিজনত দূৰ্দান্ত প্ৰদৰ্শন কৰিছে ৰিয়ানে। পৰাগে স্পষ্ট কৰি দিয়ে, ''মোৰ মানসিকতা আছিল সহজ, মই মোৰ ঘৰুৱা খেল খেলাৰ ধৰণেই মই মাত্ৰ যোৱা ১০ দিনত ভাল অনুশীলন কৰিলোঁ আৰু আজি কাৰ্যকৰী কৰিলোঁ।’’

ৰাজস্থানে মেচখনত প্ৰথমে বেটিং কৰিবলৈ বাছি লৈছিল আৰু জোছ বাটলাৰ আৰু যশস্বী জয়ছৱালে দ্ৰুত আৰম্ভণি দিছিল যদিও দুয়োজন অ’পেনাৰেই ক্ৰমে ১১ আৰু ২৪ ৰানত আউট হৈছিল। চেমছনৰ সৈতে অপৰাজিত হৈ থকা ধ্ৰুৱ জুৰেলে ২০ ৰানৰ অৱদান দি ৰাজস্থানক শক্তিশালী স্ক’ৰলৈ আগুৱাই লৈ যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু