--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰুৱা খেলপথাৰত লক্ষ্ণৌ ছুপাৰ জায়েন্টছক পৰাস্ত কৰিলে ৰাজস্থান ৰয়েলছ। জয়পুৰত অনুষ্ঠিত আই পি এলৰ প্ৰথমখন মেচত ৰাজস্থানে ২০ ৰানত জয়লাভ কৰে। সঞ্জু চেমছনৰ অৰ্ধশতকৰ বাবেই ৰাজস্থানে প্ৰথমে বেটিং কৰি ১৯৩/৪ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত কে এল ৰাহুল আৰু নিকোলাছ পুৰানে অৰ্ধশতক অৰ্জন কৰে যদিও লক্ষ্ণৌৰ ইনিংছ ১৭৩/৬ত শেষ হয়।

ৰাজস্থানৰ বিৰুদ্ধে ১৯৪ ৰান খেদি খেদি লক্ষ্ণৌৰ আৰম্ভণি বেয়া হয়। প্ৰথম অভাৰত কুইণ্টন ডি ককে (৪) উভতি যায়। দেৱদত্ত পৰীকল (০) আৰু আয়ুষ বদোনি (১)ও ব্যৰ্থ হয়। ১১ ৰানত ৩ উইকেট হেৰুৱাই হেঁচাত পৰিছিল লক্ষ্ণৌ। দলটোক পতনৰ পৰা ৰক্ষা কৰে অধিনায়ক কে এল ৰাহুল আৰু দীপক হুডাই। হুডাই ১৩টা বলত ২৬ ৰান সংগ্ৰহ কৰে।

ইয়াৰ পিছতে উপ-অধিনায়ক নিকোলাছ পুৰাণৰ সৈতে ৰাহুলে অগ্ৰগতি লাভ কৰে। ৪৪টা বলত ৫৮ ৰান সংগ্ৰহ কৰি আউট হয় ৰাহুল। ইয়াৰ পূৰ্বে এই যুটিটোৱে পঞ্চম উইকেটৰ বাবে ৮৫ ৰান সংযোজন কৰিছিল। ৰাহুলৰ উভতি অহাৰ পিছত মাৰ্কাছ ষ্টয়নিছ (৩)কো আউট কৰা হয়। লক্ষ্ণৌৰ তেতিয়াও পুৰণৰ ওপৰত বিশ্বাস আছিল। কিন্তু শেষত তেওঁ আশা কৰা ধৰণে খেলিব নোৱাৰিলে।

টছত জয়লাভ কৰি ৰাজস্থানে প্ৰথমে বেটিং কৰে। যোৱাবাৰ যশৱী আৰু জোছ বাটলাৰৰ মুকলি যুটিয়ে চকু কপালত তুলিছিল। এইবাৰো তেওঁলোকে ভাল আৰম্ভণি কৰিলে। কিন্তু নবীন উল-হকক তুলি লৈ বাটলাৰে ওলাই আহিল। পঞ্চম অভাৰত মহছিনে খানৰ বলত মিড উইকেটত ক্ৰুনাল পাণ্ডিয়াই ধৰা পেলায় যশস্বীক।

চতুৰ্থ উইকেটৰ বাবে সঞ্জুৰ সৈতে পৰাগৰ অংশীদাৰিত্বই ৰাজস্থানক আশাৰ সঞ্চাৰ কৰিছিল। লক্ষ্ণৌৰ বলাৰক পৰাস্ত কৰি এই যুটিটোৱে ৯৩ ৰান সংযোজন কৰে। পৰাগে এটা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত ২৯টা বলত ৪৩ ৰান সংগ্ৰহ কৰে। 

শেষলৈকে চেমচনে খেলিলে। তেওঁৰ ৮২ ৰানৰ ইনিংছত তিনিটা চাৰি আৰু ছয় ছয় আছিল। ভাৰতীয় টেষ্ট দলৰ নতুন ক্ৰিকেটাৰ ধ্ৰুৱ জুৰেলে ১২টা বলত ২০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ আছে। লক্ষ্ণৌৰ ক্ৰুনালে ভাল বল কৰে। চাৰি অভাৰত মাত্ৰ ১৯ ৰানহে দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ