--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰুৱা খেলপথাৰত লক্ষ্ণৌ ছুপাৰ জায়েন্টছক পৰাস্ত কৰিলে ৰাজস্থান ৰয়েলছ। জয়পুৰত অনুষ্ঠিত আই পি এলৰ প্ৰথমখন মেচত ৰাজস্থানে ২০ ৰানত জয়লাভ কৰে। সঞ্জু চেমছনৰ অৰ্ধশতকৰ বাবেই ৰাজস্থানে প্ৰথমে বেটিং কৰি ১৯৩/৪ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত কে এল ৰাহুল আৰু নিকোলাছ পুৰানে অৰ্ধশতক অৰ্জন কৰে যদিও লক্ষ্ণৌৰ ইনিংছ ১৭৩/৬ত শেষ হয়।

ৰাজস্থানৰ বিৰুদ্ধে ১৯৪ ৰান খেদি খেদি লক্ষ্ণৌৰ আৰম্ভণি বেয়া হয়। প্ৰথম অভাৰত কুইণ্টন ডি ককে (৪) উভতি যায়। দেৱদত্ত পৰীকল (০) আৰু আয়ুষ বদোনি (১)ও ব্যৰ্থ হয়। ১১ ৰানত ৩ উইকেট হেৰুৱাই হেঁচাত পৰিছিল লক্ষ্ণৌ। দলটোক পতনৰ পৰা ৰক্ষা কৰে অধিনায়ক কে এল ৰাহুল আৰু দীপক হুডাই। হুডাই ১৩টা বলত ২৬ ৰান সংগ্ৰহ কৰে।

ইয়াৰ পিছতে উপ-অধিনায়ক নিকোলাছ পুৰাণৰ সৈতে ৰাহুলে অগ্ৰগতি লাভ কৰে। ৪৪টা বলত ৫৮ ৰান সংগ্ৰহ কৰি আউট হয় ৰাহুল। ইয়াৰ পূৰ্বে এই যুটিটোৱে পঞ্চম উইকেটৰ বাবে ৮৫ ৰান সংযোজন কৰিছিল। ৰাহুলৰ উভতি অহাৰ পিছত মাৰ্কাছ ষ্টয়নিছ (৩)কো আউট কৰা হয়। লক্ষ্ণৌৰ তেতিয়াও পুৰণৰ ওপৰত বিশ্বাস আছিল। কিন্তু শেষত তেওঁ আশা কৰা ধৰণে খেলিব নোৱাৰিলে।

টছত জয়লাভ কৰি ৰাজস্থানে প্ৰথমে বেটিং কৰে। যোৱাবাৰ যশৱী আৰু জোছ বাটলাৰৰ মুকলি যুটিয়ে চকু কপালত তুলিছিল। এইবাৰো তেওঁলোকে ভাল আৰম্ভণি কৰিলে। কিন্তু নবীন উল-হকক তুলি লৈ বাটলাৰে ওলাই আহিল। পঞ্চম অভাৰত মহছিনে খানৰ বলত মিড উইকেটত ক্ৰুনাল পাণ্ডিয়াই ধৰা পেলায় যশস্বীক।

চতুৰ্থ উইকেটৰ বাবে সঞ্জুৰ সৈতে পৰাগৰ অংশীদাৰিত্বই ৰাজস্থানক আশাৰ সঞ্চাৰ কৰিছিল। লক্ষ্ণৌৰ বলাৰক পৰাস্ত কৰি এই যুটিটোৱে ৯৩ ৰান সংযোজন কৰে। পৰাগে এটা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত ২৯টা বলত ৪৩ ৰান সংগ্ৰহ কৰে। 

শেষলৈকে চেমচনে খেলিলে। তেওঁৰ ৮২ ৰানৰ ইনিংছত তিনিটা চাৰি আৰু ছয় ছয় আছিল। ভাৰতীয় টেষ্ট দলৰ নতুন ক্ৰিকেটাৰ ধ্ৰুৱ জুৰেলে ১২টা বলত ২০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ আছে। লক্ষ্ণৌৰ ক্ৰুনালে ভাল বল কৰে। চাৰি অভাৰত মাত্ৰ ১৯ ৰানহে দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু