--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২ দিনত বিজেপিৰ ২ গৰাকী সাংসদে এৰিলে গেৰুৱা শিবিৰ। হিছাৰ লোকসভা আসনৰ সাংসদ ব্রিজেন্দ্ৰ সিঙৰ পাছত এতিয়া চুৰু লোকসভা সমষ্টিৰ সাংসদ ৰাহুল কাছৱানে বিজেপি ত্যাগ কৰিছে। বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ পাছত দিল্লীত কংগ্ৰেছত যোগদান কৰে। ৰাহুল কাছৱানে দুবাৰকৈ বিজেপিৰ সাংসদ আৰু পিতৃ ৰামসিং কাছৱান তিনিবাৰ বিজেপিৰ সাংসদ আছিল। দৰাচলতে ভাৰতীয় জনতা পাৰ্টীয়ে শেহতীয়াকৈ লোকসভা নিৰ্বাচনৰ বাবে প্ৰথমখন তালিকা প্ৰকাশ কৰিছিল, য’ত বৰ্তমানেও থকা একাংশ সাংসদৰ টিকট কৰ্তন কৰা হৈছিল। টিকট বাতিল হোৱা অধিকাংশ সাংসদে দলৰ সিদ্ধান্ত মানি লৈছিল যদিও টিকট বাতিল হোৱাত ৰাহুল কাছৱানে বিদ্ৰোহ কৰিছিল।

চুৰুৰ সাংসদ কংগ্ৰেছত যোগদান সন্দৰ্ভত কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে কয় যে ৰাহুল কাছৱানক কংগ্ৰেছত যোগদান কৰাৰ বাবে মই আন্তৰিক অভিনন্দন জনাইছোঁ। সামন্তীয় চিন্তাধাৰাৰ বিৰুদ্ধে যুঁজ দিয়া ৰাহুল কাছৱানে কংগ্ৰেছ দলত যোগদান কৰাত মই সুখী। এনে মতাদৰ্শৰে যদি কংগ্ৰেছ দলত যোগদান কৰাৰ ধাৰা অব্যাহত থাকে তেতিয়া বিজেপিৰ কোনো কাম সমাধা নহ’ব।  


উল্লেখ্য যে চুৰু লোকসভা আসনৰ পৰা দুবাৰৰ সাংসদ কাছৱানৰ ঠাইত পেৰালিম্পিকৰ স্বৰ্ণ পদক বিজয়ী দেৱেন্দ্ৰ ঝাঝাৰিয়াক বিজেপিয়ে টিকট দিছে।এই ঘটনাৰ মাত্ৰ এদিন আগতে অৰ্থাৎ দেওবাৰে (১০ মাৰ্চ) হিছাৰ লোকসভাৰ আসনৰ পৰা বিজেপি সাংসদ হাৰিয়ানাৰ ব্রিজেন্দ্ৰ সিঙে দলৰ পৰা পদত্যাগ কৰিছিল। বিজেপি ত্যাগ কৰি সাংসদজনে কংগ্ৰেছত যোগদান কৰে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ উপস্থিতিত ব্রিজেন্দ্ৰ সিঙে কংগ্ৰেছত যোগদান কৰিছিল।ব্ৰিজেন্দ্ৰ সিঙে বিজেপিৰ পৰা পদত্যাগৰ তথ্য ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰিছিল। ব্ৰিজেন্দ্ৰ সিঙে কৈছিল যে ৰাজনৈতিক কাৰণত মই বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছো। মই দল (বিজেপি)ৰ লগতে প্ৰধানমন্ত্ৰী মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা আৰু অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকলে মোক হিছাৰৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ প্ৰদান কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ