--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৭৫ বছৰ বয়স হোৱাৰ পাছত কোনো লোকক প্ৰত্যক্ষ ৰাজনীতিত স্থান দিয়াৰ পক্ষত নাই নৰেন্দ্ৰ মোদী। কিন্তু ৮৩ বছৰ বয়সলৈকে প্ৰধানমন্ত্ৰী মোদীৰ আসনত থাকিব পাৰিব। আৰু সেই একেই চিন্তা মোদীৰ সোহাঁত স্বৰূপ অমিত শ্বাহৰ। বৃহস্পতিবাৰে সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত শ্বাহে দাবী কৰে যে আগন্তুক লোকসভা নিৰ্বাচনত মোদীয়ে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ অহাই নহয়, চতুৰ্থবাৰৰ বাবে প্ৰধানমন্ত্ৰীও হ’ব। শ্বাহৰ মতে, অহা ১০ বছৰলৈ মোদী প্ৰধানমন্ত্ৰী হৈ থাকিব।


সেই সাক্ষাৎকাৰত আগন্তুক ১০ বছৰত ভাৰতীয় ৰাজনীতিৰ দিশৰ সন্দৰ্ভত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কৈছিল- "আমাৰ দেশত যি গণতন্ত্ৰ চলি আছে সেয়া কামৰ ওপৰত নিৰ্ভৰশীল৷ সফলতাৰ ৰাজনীতিত মানুহে কাম দেখাৰ পাছত ভোট দিয়ে।'' অতীতক সমালোচনা কৰি শ্বাহে কয় যে, "আগতে দেশখনে জাতি আৰু ধৰ্মৰ ওপৰত ভিত্তি কৰি বিচাৰ কৰিছিল।ইয়াৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী মোদীয়ে সফলতামুখী ৰাজনীতিৰ পৰিবেশ সৃষ্টি কৰিছে। কোনে কি কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি দেশ ক্ষমতাত থাকিব।"


বিজেপিৰ ভৱিষ্যত সন্দৰ্ভত শ্বাহে কয় যে 'আমি যদি ভাল কাম কৰিব পাৰোঁ তেন্তে আমি ক্ষমতাত জীয়াই থাকিম। যদি আমি আমাৰ ভুল শুধৰাই দিব নোৱাৰো তেন্তে আমি জয়ী হ’ব নোৱাৰো।'' প্ৰশ্নটো আছিল পৰৱৰ্তী ১০ বছৰৰ ৰাজনীতিৰ বিষয়ে। সেই সূত্ৰৰ ভিত্তিত শ্বাহে কয় যে, "যি কাৰণত মানুহে আগন্তুক ১০ বছৰৰ কথা সুধিছে, মই ক'ব পাৰো যে অহা ১০ বছৰলৈ কেৱল মোদীহে প্ৰধানমন্ত্ৰী হ'ব। " কিন্তু বিজেপি শিবিৰত এই কথা শুনা গৈছিল যে এয়া মোদীৰ শেষ কাৰ্যকাল। এই কথা বিগত গুজৰাট বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ প্ৰচাৰত শুনা গৈছিল। কিন্তু সেই আলোচনা বিফল কৰিলে বিজেপিত ‘চাণক্য’ নামেৰে পৰিচিত শ্বাহে।


বৃহস্পতিবাৰৰ সাক্ষাৎকাৰত শ্বাহে বিৰোধীক সমালোচনা কৰি মোদী চৰকাৰৰ সফলতাৰ ওপৰত আলোকপাত কৰে। শ্বাহে কয়, "২০৪৭ চনত ভাৰত ক'ত উপনীত হ'ব মোদীজীয়েই পৰিকল্পনা কৰিছে।প্ৰধানমন্ত্ৰীয়ে দেশবাসীক উন্নত ভাৰতৰ সপোন দেখুৱাইছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু