--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৭৫ বছৰ বয়স হোৱাৰ পাছত কোনো লোকক প্ৰত্যক্ষ ৰাজনীতিত স্থান দিয়াৰ পক্ষত নাই নৰেন্দ্ৰ মোদী। কিন্তু ৮৩ বছৰ বয়সলৈকে প্ৰধানমন্ত্ৰী মোদীৰ আসনত থাকিব পাৰিব। আৰু সেই একেই চিন্তা মোদীৰ সোহাঁত স্বৰূপ অমিত শ্বাহৰ। বৃহস্পতিবাৰে সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত শ্বাহে দাবী কৰে যে আগন্তুক লোকসভা নিৰ্বাচনত মোদীয়ে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ অহাই নহয়, চতুৰ্থবাৰৰ বাবে প্ৰধানমন্ত্ৰীও হ’ব। শ্বাহৰ মতে, অহা ১০ বছৰলৈ মোদী প্ৰধানমন্ত্ৰী হৈ থাকিব।


সেই সাক্ষাৎকাৰত আগন্তুক ১০ বছৰত ভাৰতীয় ৰাজনীতিৰ দিশৰ সন্দৰ্ভত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কৈছিল- "আমাৰ দেশত যি গণতন্ত্ৰ চলি আছে সেয়া কামৰ ওপৰত নিৰ্ভৰশীল৷ সফলতাৰ ৰাজনীতিত মানুহে কাম দেখাৰ পাছত ভোট দিয়ে।'' অতীতক সমালোচনা কৰি শ্বাহে কয় যে, "আগতে দেশখনে জাতি আৰু ধৰ্মৰ ওপৰত ভিত্তি কৰি বিচাৰ কৰিছিল।ইয়াৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী মোদীয়ে সফলতামুখী ৰাজনীতিৰ পৰিবেশ সৃষ্টি কৰিছে। কোনে কি কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি দেশ ক্ষমতাত থাকিব।"


বিজেপিৰ ভৱিষ্যত সন্দৰ্ভত শ্বাহে কয় যে 'আমি যদি ভাল কাম কৰিব পাৰোঁ তেন্তে আমি ক্ষমতাত জীয়াই থাকিম। যদি আমি আমাৰ ভুল শুধৰাই দিব নোৱাৰো তেন্তে আমি জয়ী হ’ব নোৱাৰো।'' প্ৰশ্নটো আছিল পৰৱৰ্তী ১০ বছৰৰ ৰাজনীতিৰ বিষয়ে। সেই সূত্ৰৰ ভিত্তিত শ্বাহে কয় যে, "যি কাৰণত মানুহে আগন্তুক ১০ বছৰৰ কথা সুধিছে, মই ক'ব পাৰো যে অহা ১০ বছৰলৈ কেৱল মোদীহে প্ৰধানমন্ত্ৰী হ'ব। " কিন্তু বিজেপি শিবিৰত এই কথা শুনা গৈছিল যে এয়া মোদীৰ শেষ কাৰ্যকাল। এই কথা বিগত গুজৰাট বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ প্ৰচাৰত শুনা গৈছিল। কিন্তু সেই আলোচনা বিফল কৰিলে বিজেপিত ‘চাণক্য’ নামেৰে পৰিচিত শ্বাহে।


বৃহস্পতিবাৰৰ সাক্ষাৎকাৰত শ্বাহে বিৰোধীক সমালোচনা কৰি মোদী চৰকাৰৰ সফলতাৰ ওপৰত আলোকপাত কৰে। শ্বাহে কয়, "২০৪৭ চনত ভাৰত ক'ত উপনীত হ'ব মোদীজীয়েই পৰিকল্পনা কৰিছে।প্ৰধানমন্ত্ৰীয়ে দেশবাসীক উন্নত ভাৰতৰ সপোন দেখুৱাইছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক