--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক লোকসভা নিৰ্বাচনত ভোটবেংক হিচাপে গ্ৰহণ কৰাসকলৰ তালিকাৰ শীৰ্ষত আছে নাৰী শক্তি৷লোকসভা নিৰ্বাচনৰ কেইসপ্তাহমান পূৰ্বে এজন আত্মবিশ্বাসী প্ৰধানমন্ত্ৰী হিচাপে মোদীয়ে কয় যে - “মোৰ তৃতীয় কাৰ্যকালৰ চৰকাৰে নাৰী শক্তিৰ উত্থানৰ নতুন অধ্যায় লিখিব।”

নতুন দিল্লীৰ পুছাস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত আজি প্ৰধানমন্ত্ৰীয়ে ‘মহিলা—বিকশিত ভাৰত’ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ‘নমো ড্ৰ’ন দিদি’-এ দেশৰ ১০টা স্থানত একেলগে এই ড্ৰ’ন প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে মহিলাৰ হাতত ১০০০খন নমো ড্ৰ’ন প্ৰদান কৰে। একে সময়তে তেওঁ আত্মসহায়ক গোটসমূহক প্ৰায় ৮ হাজাৰ কোটি টকাৰ বেংক ঋণৰ কথা ঘোষণা কৰে।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰক লক্ষ্য কৰি মোদীয়ে কয় যে মহিলাৰ সংগ্ৰাম আৰু তেওঁলোকৰ জীৱন কেতিয়াও পূৰ্বৰ চৰকাৰসমূহৰ অগ্ৰাধিকাৰৰ ভিতৰত নাছিল। ক্ষমতালৈ অহাৰ পাছত বিজেপিয়ে নাৰীক বিভিন্ন আঁচনিৰ জৰিয়তে জীৱনৰ প্ৰতিটো পৰ্যায়তে সহায় কৰিছে। মোদীয়ে কয় যে তেওঁ দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী যিয়ে লালকিল্লাৰ পৰা মহিলা সবলীকৰণৰ আহ্বান জনাইছিল। দৈনন্দিন দুৰ্দশাৰ পৰা নাৰীক বচাবলৈ বিশেষ শৌচাগাৰ, চেনিটেৰী পেড,স্বাস্থ্যকৰ পাকঘৰ, পাইপৰ পানী যোগান ধৰা প্ৰথমজন প্ৰধানমন্ত্ৰী।

মোদীয়ে কয় যে বৰ্তমান আত্মসহায়ক গোটত মহিলাৰ সংখ্যাই ১০ কোটি অতিক্ৰম কৰিছে। আত্মসহায়ক গোটসমূহক সহায় কৰাৰ বাবে চৰকাৰে কৰা প্ৰচেষ্টাৰ কথা উল্লেখ কৰি তেওঁ কয় যে যোৱা ১০ বছৰত আমাৰ চৰকাৰে কেৱল আত্মসহায়ক গোটসমূহ সম্প্ৰসাৰণ কৰাই নহয়, বেংক একাউণ্ট খোলাৰ ক্ষেত্ৰতো ৯৮ শতাংশ সহায় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু