--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক লোকসভা নিৰ্বাচনত ভোটবেংক হিচাপে গ্ৰহণ কৰাসকলৰ তালিকাৰ শীৰ্ষত আছে নাৰী শক্তি৷লোকসভা নিৰ্বাচনৰ কেইসপ্তাহমান পূৰ্বে এজন আত্মবিশ্বাসী প্ৰধানমন্ত্ৰী হিচাপে মোদীয়ে কয় যে - “মোৰ তৃতীয় কাৰ্যকালৰ চৰকাৰে নাৰী শক্তিৰ উত্থানৰ নতুন অধ্যায় লিখিব।”

নতুন দিল্লীৰ পুছাস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত আজি প্ৰধানমন্ত্ৰীয়ে ‘মহিলা—বিকশিত ভাৰত’ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ‘নমো ড্ৰ’ন দিদি’-এ দেশৰ ১০টা স্থানত একেলগে এই ড্ৰ’ন প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে মহিলাৰ হাতত ১০০০খন নমো ড্ৰ’ন প্ৰদান কৰে। একে সময়তে তেওঁ আত্মসহায়ক গোটসমূহক প্ৰায় ৮ হাজাৰ কোটি টকাৰ বেংক ঋণৰ কথা ঘোষণা কৰে।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰক লক্ষ্য কৰি মোদীয়ে কয় যে মহিলাৰ সংগ্ৰাম আৰু তেওঁলোকৰ জীৱন কেতিয়াও পূৰ্বৰ চৰকাৰসমূহৰ অগ্ৰাধিকাৰৰ ভিতৰত নাছিল। ক্ষমতালৈ অহাৰ পাছত বিজেপিয়ে নাৰীক বিভিন্ন আঁচনিৰ জৰিয়তে জীৱনৰ প্ৰতিটো পৰ্যায়তে সহায় কৰিছে। মোদীয়ে কয় যে তেওঁ দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী যিয়ে লালকিল্লাৰ পৰা মহিলা সবলীকৰণৰ আহ্বান জনাইছিল। দৈনন্দিন দুৰ্দশাৰ পৰা নাৰীক বচাবলৈ বিশেষ শৌচাগাৰ, চেনিটেৰী পেড,স্বাস্থ্যকৰ পাকঘৰ, পাইপৰ পানী যোগান ধৰা প্ৰথমজন প্ৰধানমন্ত্ৰী।

মোদীয়ে কয় যে বৰ্তমান আত্মসহায়ক গোটত মহিলাৰ সংখ্যাই ১০ কোটি অতিক্ৰম কৰিছে। আত্মসহায়ক গোটসমূহক সহায় কৰাৰ বাবে চৰকাৰে কৰা প্ৰচেষ্টাৰ কথা উল্লেখ কৰি তেওঁ কয় যে যোৱা ১০ বছৰত আমাৰ চৰকাৰে কেৱল আত্মসহায়ক গোটসমূহ সম্প্ৰসাৰণ কৰাই নহয়, বেংক একাউণ্ট খোলাৰ ক্ষেত্ৰতো ৯৮ শতাংশ সহায় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক