--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এই সময়ত এছ এছ ৰাজামৌলি আৰু তেওঁৰ ছবি ‘আৰআৰআৰে’ সমগ্ৰ বিশ্বতে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ছবিখনে মুক্তিৰ সময়ত উপাৰ্জনৰ অভিলেখ গঢ়িবলৈ সক্ষম হোৱাই নহয়, আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিও আধিপত্য বিস্তাৰ কৰিছে। শেহতীয়াকৈ ‘আৰআৰআৰ’য়ে ‘নাতু নাটু’ গীতটোৰ বাবে গোল্ডেন গ্ল’ব বঁটা লাভ কৰাৰ লগতে এতিয়া ই অস্কাৰৰ দৌৰত নামি পৰিছে। ৰাজামৌলীৰ এই জয়ত সুখী পৰিচালক ৰাম গোপাল বাৰ্মা।  তেওঁ ৰাজামৌলীক প্ৰশংসা কৰিছিল যদিও ধেমালিতে তেওঁক ‘মৃত্যুৰ ভাবুকি’ দিছিল। ৰামগোপাল বাৰ্মাই দাবী কৰে যে তেওঁ এদল চিনেমা প্ৰযোজকৰ অংশ যিয়ে হতাশাৰ বাবে ৰাজমৌলীক হত্যা কৰাৰ সিদ্ধান্ত লয়।


ৰাম গোপাল বাৰ্মাৰ এই টুইটে ছচিয়েল মিডিয়াত উত্তাল কৰি তুলিছে। ৰাম গোপাল বৰ্মাইও কয় যে তেওঁ মদ্যপান কৰি এই টুইটটো কৰিছে। ৰাম গোপাল বাৰ্মাৰ এই কাৰ্যত ৰাইজ আচৰিত। শেহতীয়াকৈ আৰআৰআৰ ছবিৰ টুইটাৰ হেণ্ডেলত এটা ভিডিঅ’ শ্বেয়াৰ কৰা দেখা গৈছে, য’ত হলিউডৰ পৰিচালক জেমছ কেমেৰনে এছ এছ ৰাজামৌলীক ইয়াত যেতিয়াই ছবি নিৰ্মাণ কৰিব বিচাৰে তেতিয়াই তেওঁক জনাবলৈ কোৱা দেখা গৈছে। ৰাম গোপাল বাৰ্মাই নিজৰ টুইটাৰ হেণ্ডেলত এই ভিডিঅ’টো শ্বেয়াৰ কৰি ৰাজমৌলিক প্ৰশংসা কৰে।
ৰামগোপাল বৰ্মাই কয় যে দাদাচাহেব ফাল্কেৰ পৰা এতিয়ালৈকে ভাৰতীয় চিনেমাৰ ইতিহাসত কোনেও ভবা নাছিল যে কোনো ভাৰতীয় পৰিচালক কেতিয়াও এই মুহূৰ্তৰ সাক্ষী হ’ব। আনকি এছ এছ ৰাজামৌলীয়েও এই কথা ভবা নাছিল।

কিন্তু ইয়াৰ পাছতে ৰাম গোপাল বৰ্মাই এটা চাঞ্চল্যকৰ টুইট কৰিলে। ৰামগোপাল বৰ্মাই কয় যে তেওঁ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাৰ এটা দলৰ অংশ যিয়ে ৰাজামৌলিৰ বিৰুদ্ধে এটা গোট গঠন কৰি তেওঁক হত্যা কৰিব বিচাৰিছে। ৰামগোপাল বৰ্মাৰ মতে, মদ্যপানৰ অৱস্থাত তেওঁ এই গোপন কথা কৈছে। তেওঁ টুইট কৰি কয়, ‘এছএছ ৰাজমৌলি ছাৰে অনুগ্ৰহ কৰি আপোনাৰ নিৰাপত্তা বৃদ্ধি কৰক কাৰণ ভাৰতত এনেকুৱা এটা চলচ্চিত্ৰ নিৰ্মাতাৰ দল আছে যিয়ে বিৰক্তি আৰু ঈৰ্ষাত আপোনাৰ বিৰুদ্ধে এটা গোট গঠন কৰি আপোনাক হত্যা কৰিব বিচাৰিছে। মইও এই গোটৰ অংশ। 

ৰামগোপাল বাৰ্মাই হয়তো ধেমালিতে আৰু মদ্যপান কৰি এই টুইটটো কৰিছে, কিন্তু অনুৰাগীৰ মাজত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে। এতিয়া ৰাম গোপাল বৰ্মাৰ এই টুইটত এছ এছ ৰাজামৌলিয়ে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেয়া চাবলৈ আগ্ৰহী হ’ব। 

ইফালে'আৰআৰআৰ'ৰ অস্কাৰ মনোনয়নৰ কথা কবলৈ গলে ইয়াৰ গীত 'নাতু নাটু' অস্কাৰৰ শ্ৰেষ্ঠ মৌলিক গীতৰ শাখাৰ বাবে চৰ্টলিষ্ট হৈছিল। ২৪ জানুৱাৰীত ঘোষণা কৰা হ’ব অস্কাৰৰ মনোনয়ন। ২০২২ চনত ২৪ মাৰ্চত মুকলি কৰা হৈছিল আৰআৰআৰ। ৰাম চৰণ আৰু জুনিয়ৰ এন টি আৰ অভিনীত ছবিখনে বক্স অফিচত ১২০০ কোটিৰো অধিক উপাৰ্জন কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু