--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ বাবে এক ডাঙৰ  আঘাত। বিতৰ্কিত মন্তব্যৰ বাবে কালি কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক আদালতে দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ পিছতে ইয়াআজি তেওঁক  লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে। ফলত সাংসদ পদ খাৰিজ হ’ল ৰাহুল গান্ধীৰ ।ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰি লোকসভা সচিবালয়ে আজি জাৰি কৰা এক জাননীত কয় "কেৰালাৰ ৱায়ানাড সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰা লোকসভাৰ সদস্য  ৰাহুল গান্ধী  দোষী সাব্যস্ত হোৱাৰ তাৰিখ  অৰ্থাৎ ২৩  মাৰ্চ, ২০২৩ ৰ পৰা ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১০২(১)(ই)ৰ ধাৰা ৮ ৰ ধাৰা , জনপ্ৰতিনিধিত্ব আইন ১৯৫১ৰ ধাৰা অধীনত তেওঁৰ সাংসদ পদ খাৰিজ কৰা হৈছে" ।

উল্লেখ্য মোদী মন্তব্যকলৈ গুজৰাটৰ আদালতে ৰাহুল গান্ধীক কালি দুবছৰৰ কাৰাদণ্ড বিহিছিল৷  শাস্তি ঘোষণাৰ পিছতে  ৰাহুল গান্ধীক  ব্যক্তিগত বণ্ডত জামিনো প্ৰদান কৰা হৈছিল।   দুবছৰৰ কাৰাদণ্ড লাভ কৰাৰ  পিছত ৰাহুল গান্ধীয়ে  সাংসদৰ পদ হেৰুৱাব পাৰে বুলি আলোচনা হৈছিল। আজি সেয়াই সঁচা হ’ল।   উল্লেখ্য ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ  সময়ত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী  মোদীক উদ্দেশ্য  কৰি এটা বিশেষ মন্তব্য কৰিছিল। ২০১৯ ৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰ্ণাটকৰ কলাৰত এখন  ৰেলীত ভাগ লৈ তদানীন্তন কংগ্ৰেছ সভাপতিগৰাকীয়ে কৈছিল, "নীৰৱ মোদী, ললিত মোদী, নৰেন্দ্ৰ মোদী। 

তেওঁলোকৰ প্ৰত্যেকৰে নামত মোদী উপাধি কিয় আছে? সকলো চোৰৰ নামত মোদী উপাধি  কিয় থাকে?" ৷ৰাহুলৰ  এই মন্তব্যৰ পিছতে   বিহাৰৰ তদানীন্তন উপ মুখ্যমন্ত্ৰী সুশীল মোদী আৰু চুৰাটৰ বিজেপি বিধায়ক পূৰ্ণেশ মোদীয়ে ৰাহুলৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল।সেই মানহানিৰ গোচৰটো চাৰি বছৰ ধৰি চুৰাটৰ আদালতত চলিথকাৰ পিছত আদালতে কালি ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহিছিল।    ৰাহুলৰ অধিবক্তাই আদালতত দাবী কৰে, "ৰাহুলে ইচ্ছাকৃতভাৱে বা কাকো আঘাত কৰাৰ উদ্দেশ্যৰে এই কথাবোৰ কোৱা নাছিল, তেওঁ এজন সাংসদ। সেয়ে তেওঁৰ কম শাস্তি হওঁক।    অৱশ্যে, শাস্তি ঘোষণা কৰাৰ পিছত তেওঁক ৩০  দিনৰ বাবে জামিন দিয়া হৈছিল। ৰাহুলে এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰাৰ সুবিধা লাভ কৰিব৷  ৩০ দিনৰ জামিনৰ সময় উকলি গ’লে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰো কৰিব পাৰিব৷ 

গুজৰাটৰ আদালতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহিছে৷ অৱশ্যে শাস্তি ঘোষণাৰ পিছতে  তেওঁক ব্যক্তিগত বণ্ডত জামিনো দিয়া হয়  তাৎপৰ্যপূৰ্ণ কথা্যি হ’ল কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনে দুবছৰৰ কাৰাদণ্ড লাভ কৰাৰ  পিছত সাংসদৰ পদ হেৰুৱাব পাৰে।  

২০১৯ ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি এটা বিতৰ্কিত মন্তব্য কৰিছিল। গুজৰাটৰ এজন বিজেপি বিধায়কে তেওঁৰ বিৰুদ্ধে আদালতত মানহানিৰ গোচৰ ৰুজু কৰিছিল। গোচৰটোৰ শুনানি চাৰি বছৰ ধৰি চুৰাটত চলি আছিল ৷কংগ্ৰেছৰ সাংসদজনক বৃহস্পতিবাৰে আদালতে দোষী সাব্যস্ত কৰিছিল। তেওঁক দুবছৰৰ কাৰাদণ্ড বিহা হৈছে। অৱশ্যে, তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু হোৱাৰ পিছতে কংগ্ৰেছ সাংসদজনক জামিন দিয়া হয়। ২০১৯ ৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰ্ণাটকৰ কোলাৰত এক ৰেলীত তদানীন্তন কংগ্ৰেছ সভাপতিগৰাকীয়ে কৈছিল, "নীৰৱ মোদী, ললিত মোদী, নৰেন্দ্ৰ মোদী।" তেওঁলোকৰ প্ৰত্যেকৰে নামত মোদী উপাধি কিয় আছে? সকলো চোৰৰ নামত মোদী উপাধি  কিয় আছে?" ৷ 

এই মন্তব্য কৰি কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে সমগ্ৰ মোদী সম্প্ৰদায়ক অপমান কৰিছে বুলি আলোচনা হৈছিল। পাটনাত, বিহাৰৰ তদানীন্তন উপ মুখ্যমন্ত্ৰী সুশীল মোদী আৰু চুৰাটত বিজেপি বিধায়ক পূৰ্ণেশ মোদীয়ে ৰাহুলৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল।গোচৰটো চাৰি বছৰ ধৰি চুৰাটৰ আদালতত চলি আছে। কিন্তু বিষয়্যোত  ৰাহুলে নিজকে "নিৰ্দোষ" বুলি দাবী কৰি আহিছে। ৰাহুলৰ অধিবক্তাই আদালতত দাবী কৰে, "ৰাহুলে ইচ্ছাকৃতভাৱে বা কাকো আঘাত কৰাৰ উদ্দেশ্যৰে এই কথাবোৰ কোৱা নাছিল, তেওঁ এজন সাংসদ। 

সেয়ে তেওঁৰ কম শাস্তি হওঁক।    অৱশ্যে, শাস্তি ঘোষণা কৰাৰ পিছত তেওঁক ৩০  দিনৰ বাবে জামিন দিয়া হৈছিল। ৰাহুলে এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰাৰ সুবিধা লাভ কৰিব৷  ৩০ দিনৰ জামিনৰ সময় উকলি গ’লে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰো কৰিব পাৰিব৷ ফলত তেওঁ সাংসদ পদ হেৰুৱাব পাৰে বুলি বহুতে আশংকা কৰিছে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement