--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ বাবে এক ডাঙৰ  আঘাত। বিতৰ্কিত মন্তব্যৰ বাবে কালি কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক আদালতে দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ পিছতে ইয়াআজি তেওঁক  লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে। ফলত সাংসদ পদ খাৰিজ হ’ল ৰাহুল গান্ধীৰ ।ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰি লোকসভা সচিবালয়ে আজি জাৰি কৰা এক জাননীত কয় "কেৰালাৰ ৱায়ানাড সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰা লোকসভাৰ সদস্য  ৰাহুল গান্ধী  দোষী সাব্যস্ত হোৱাৰ তাৰিখ  অৰ্থাৎ ২৩  মাৰ্চ, ২০২৩ ৰ পৰা ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১০২(১)(ই)ৰ ধাৰা ৮ ৰ ধাৰা , জনপ্ৰতিনিধিত্ব আইন ১৯৫১ৰ ধাৰা অধীনত তেওঁৰ সাংসদ পদ খাৰিজ কৰা হৈছে" ।

উল্লেখ্য মোদী মন্তব্যকলৈ গুজৰাটৰ আদালতে ৰাহুল গান্ধীক কালি দুবছৰৰ কাৰাদণ্ড বিহিছিল৷  শাস্তি ঘোষণাৰ পিছতে  ৰাহুল গান্ধীক  ব্যক্তিগত বণ্ডত জামিনো প্ৰদান কৰা হৈছিল।   দুবছৰৰ কাৰাদণ্ড লাভ কৰাৰ  পিছত ৰাহুল গান্ধীয়ে  সাংসদৰ পদ হেৰুৱাব পাৰে বুলি আলোচনা হৈছিল। আজি সেয়াই সঁচা হ’ল।   উল্লেখ্য ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ  সময়ত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী  মোদীক উদ্দেশ্য  কৰি এটা বিশেষ মন্তব্য কৰিছিল। ২০১৯ ৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰ্ণাটকৰ কলাৰত এখন  ৰেলীত ভাগ লৈ তদানীন্তন কংগ্ৰেছ সভাপতিগৰাকীয়ে কৈছিল, "নীৰৱ মোদী, ললিত মোদী, নৰেন্দ্ৰ মোদী। 

তেওঁলোকৰ প্ৰত্যেকৰে নামত মোদী উপাধি কিয় আছে? সকলো চোৰৰ নামত মোদী উপাধি  কিয় থাকে?" ৷ৰাহুলৰ  এই মন্তব্যৰ পিছতে   বিহাৰৰ তদানীন্তন উপ মুখ্যমন্ত্ৰী সুশীল মোদী আৰু চুৰাটৰ বিজেপি বিধায়ক পূৰ্ণেশ মোদীয়ে ৰাহুলৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল।সেই মানহানিৰ গোচৰটো চাৰি বছৰ ধৰি চুৰাটৰ আদালতত চলিথকাৰ পিছত আদালতে কালি ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহিছিল।    ৰাহুলৰ অধিবক্তাই আদালতত দাবী কৰে, "ৰাহুলে ইচ্ছাকৃতভাৱে বা কাকো আঘাত কৰাৰ উদ্দেশ্যৰে এই কথাবোৰ কোৱা নাছিল, তেওঁ এজন সাংসদ। সেয়ে তেওঁৰ কম শাস্তি হওঁক।    অৱশ্যে, শাস্তি ঘোষণা কৰাৰ পিছত তেওঁক ৩০  দিনৰ বাবে জামিন দিয়া হৈছিল। ৰাহুলে এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰাৰ সুবিধা লাভ কৰিব৷  ৩০ দিনৰ জামিনৰ সময় উকলি গ’লে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰো কৰিব পাৰিব৷ 

গুজৰাটৰ আদালতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহিছে৷ অৱশ্যে শাস্তি ঘোষণাৰ পিছতে  তেওঁক ব্যক্তিগত বণ্ডত জামিনো দিয়া হয়  তাৎপৰ্যপূৰ্ণ কথা্যি হ’ল কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনে দুবছৰৰ কাৰাদণ্ড লাভ কৰাৰ  পিছত সাংসদৰ পদ হেৰুৱাব পাৰে।  

২০১৯ ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি এটা বিতৰ্কিত মন্তব্য কৰিছিল। গুজৰাটৰ এজন বিজেপি বিধায়কে তেওঁৰ বিৰুদ্ধে আদালতত মানহানিৰ গোচৰ ৰুজু কৰিছিল। গোচৰটোৰ শুনানি চাৰি বছৰ ধৰি চুৰাটত চলি আছিল ৷কংগ্ৰেছৰ সাংসদজনক বৃহস্পতিবাৰে আদালতে দোষী সাব্যস্ত কৰিছিল। তেওঁক দুবছৰৰ কাৰাদণ্ড বিহা হৈছে। অৱশ্যে, তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু হোৱাৰ পিছতে কংগ্ৰেছ সাংসদজনক জামিন দিয়া হয়। ২০১৯ ৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰ্ণাটকৰ কোলাৰত এক ৰেলীত তদানীন্তন কংগ্ৰেছ সভাপতিগৰাকীয়ে কৈছিল, "নীৰৱ মোদী, ললিত মোদী, নৰেন্দ্ৰ মোদী।" তেওঁলোকৰ প্ৰত্যেকৰে নামত মোদী উপাধি কিয় আছে? সকলো চোৰৰ নামত মোদী উপাধি  কিয় আছে?" ৷ 

এই মন্তব্য কৰি কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে সমগ্ৰ মোদী সম্প্ৰদায়ক অপমান কৰিছে বুলি আলোচনা হৈছিল। পাটনাত, বিহাৰৰ তদানীন্তন উপ মুখ্যমন্ত্ৰী সুশীল মোদী আৰু চুৰাটত বিজেপি বিধায়ক পূৰ্ণেশ মোদীয়ে ৰাহুলৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল।গোচৰটো চাৰি বছৰ ধৰি চুৰাটৰ আদালতত চলি আছে। কিন্তু বিষয়্যোত  ৰাহুলে নিজকে "নিৰ্দোষ" বুলি দাবী কৰি আহিছে। ৰাহুলৰ অধিবক্তাই আদালতত দাবী কৰে, "ৰাহুলে ইচ্ছাকৃতভাৱে বা কাকো আঘাত কৰাৰ উদ্দেশ্যৰে এই কথাবোৰ কোৱা নাছিল, তেওঁ এজন সাংসদ। 

সেয়ে তেওঁৰ কম শাস্তি হওঁক।    অৱশ্যে, শাস্তি ঘোষণা কৰাৰ পিছত তেওঁক ৩০  দিনৰ বাবে জামিন দিয়া হৈছিল। ৰাহুলে এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰাৰ সুবিধা লাভ কৰিব৷  ৩০ দিনৰ জামিনৰ সময় উকলি গ’লে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰো কৰিব পাৰিব৷ ফলত তেওঁ সাংসদ পদ হেৰুৱাব পাৰে বুলি বহুতে আশংকা কৰিছে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু