--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক আজি আদালতে দুবছৰৰ কাৰাদণ্ড বিহাৰ পিছত সংসদৰ সদস্য পদ খাৰিজ কৰা হয়। সচৰাচৰ ৰাষ্ট্ৰপতিয়ে নিৰ্বাচন আয়োগৰ সৈতে কথা সাংসদৰ পদ কৰ্তন কৰাৰ নিয়ম যদিও আজি লোকসভাৰ সচিবালয়েই ৰাহুল গান্ধীৰ সদস্য পদ কৰ্তন কৰে। ইপিনে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ সময়তে নতুন দিল্লীৰ বিজয় চ’কত বিৰোধীয়ে এক প্ৰতিবাদী সমদল উলিয়ায়। 

কিন্তু দিল্লী আৰক্ষীয়ে ১৪৪ ধাৰা জাৰি হৈ থকাৰ দোহাই দি প্ৰতিবাদী সমদলটোক বাধা দিয়ে। বিৰোধী দলসমূহৰ সাংসদসকলে সংসদত আদানি-হিন্দেনবাৰ্গ বিষয়ত যুটীয়া সংসদীয় সমিতিৰ (জেপিচি) তদন্তৰ দাবীত শাসকীয় চৰকাৰৰ বিৰুদ্ধে এই পদযাত্ৰা উলিয়াইছিল। চিপিআই, চিপিআই(এম), শিৱসেনা (উদ্ধৱ ঠাকৰে), জেডি(ইউ), আৰু আম আদমী পাৰ্টিৰ দৰে দলৰ কেইবাজনো বিৰোধী নেতাই 'আমি জেপিচি দাবী কৰো' আৰু 'চেভ এলআইচি'ৰ দৰে প্লেকাৰ্ড লৈ বিজয় চকলৈ যাত্ৰা কৰে । 

বিৰোধী দলৰ নেতসকলে আৰু  'বিপদত গণতন্ত্ৰ' বুলি প্লেকাৰ্ডো প্ৰদৰ্শন কৰে।ইপিনে আৰক্ষীয়ে বিৰোধী দলৰ  নেতাসকলক অঞ্চলটোত ১৪৪ ধাৰা জাৰি কৰা আছে বাবে প্ৰতিবাদ আৰু আন্দোলনৰ অনুমতি দিয়া নহ’ব বুলি জনাই দিয়ে। 

কংগ্ৰেছৰ মুৰব্বী   মল্লিকাৰ্জুন খাৰ্গেই কয় " আমি কেইবা মাহ ধৰি আদানিৰ কেলেংকাৰীৰ বিষয়ত  জেপিচিৰ গঠনৰ দাবীত যুঁজি আছো। তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছে কিন্তু বিজেপিয়ে ভয় খাইছে কিয়নো ।ইয়াত নিশ্চয় কিবা ৰহস্য আছে। আমি ইয়াৰ বাবে ঐক্যবদ্ধভাৱে যুঁজ দি থাকিম," । আপৰ সঞ্জয় সিঙে ৰাহুল  গান্ধীৰ সাসংদ পদ কৰ্তন কৰাকলৈ কয় যে   চৰকাৰে বিৰোধীৰ ওপৰত গোচৰ জাপি দি বিৰোধী শক্তিক নিঃশেষ কৰিব বিচাৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ