--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক আজি আদালতে দুবছৰৰ কাৰাদণ্ড বিহাৰ পিছত সংসদৰ সদস্য পদ খাৰিজ কৰা হয়। সচৰাচৰ ৰাষ্ট্ৰপতিয়ে নিৰ্বাচন আয়োগৰ সৈতে কথা সাংসদৰ পদ কৰ্তন কৰাৰ নিয়ম যদিও আজি লোকসভাৰ সচিবালয়েই ৰাহুল গান্ধীৰ সদস্য পদ কৰ্তন কৰে। ইপিনে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ সময়তে নতুন দিল্লীৰ বিজয় চ’কত বিৰোধীয়ে এক প্ৰতিবাদী সমদল উলিয়ায়। 

কিন্তু দিল্লী আৰক্ষীয়ে ১৪৪ ধাৰা জাৰি হৈ থকাৰ দোহাই দি প্ৰতিবাদী সমদলটোক বাধা দিয়ে। বিৰোধী দলসমূহৰ সাংসদসকলে সংসদত আদানি-হিন্দেনবাৰ্গ বিষয়ত যুটীয়া সংসদীয় সমিতিৰ (জেপিচি) তদন্তৰ দাবীত শাসকীয় চৰকাৰৰ বিৰুদ্ধে এই পদযাত্ৰা উলিয়াইছিল। চিপিআই, চিপিআই(এম), শিৱসেনা (উদ্ধৱ ঠাকৰে), জেডি(ইউ), আৰু আম আদমী পাৰ্টিৰ দৰে দলৰ কেইবাজনো বিৰোধী নেতাই 'আমি জেপিচি দাবী কৰো' আৰু 'চেভ এলআইচি'ৰ দৰে প্লেকাৰ্ড লৈ বিজয় চকলৈ যাত্ৰা কৰে । 

বিৰোধী দলৰ নেতসকলে আৰু  'বিপদত গণতন্ত্ৰ' বুলি প্লেকাৰ্ডো প্ৰদৰ্শন কৰে।ইপিনে আৰক্ষীয়ে বিৰোধী দলৰ  নেতাসকলক অঞ্চলটোত ১৪৪ ধাৰা জাৰি কৰা আছে বাবে প্ৰতিবাদ আৰু আন্দোলনৰ অনুমতি দিয়া নহ’ব বুলি জনাই দিয়ে। 

কংগ্ৰেছৰ মুৰব্বী   মল্লিকাৰ্জুন খাৰ্গেই কয় " আমি কেইবা মাহ ধৰি আদানিৰ কেলেংকাৰীৰ বিষয়ত  জেপিচিৰ গঠনৰ দাবীত যুঁজি আছো। তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছে কিন্তু বিজেপিয়ে ভয় খাইছে কিয়নো ।ইয়াত নিশ্চয় কিবা ৰহস্য আছে। আমি ইয়াৰ বাবে ঐক্যবদ্ধভাৱে যুঁজ দি থাকিম," । আপৰ সঞ্জয় সিঙে ৰাহুল  গান্ধীৰ সাসংদ পদ কৰ্তন কৰাকলৈ কয় যে   চৰকাৰে বিৰোধীৰ ওপৰত গোচৰ জাপি দি বিৰোধী শক্তিক নিঃশেষ কৰিব বিচাৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু