--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজনৈতিক ক্ষেত্ৰখনত এক গৰম খবৰ। ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ। ‘মোদী উপাধি’ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে খাৰিজ কৰা হ’ল ৰাহুল গান্ধীৰ সাংসদ পদ। কেৰালাৰ ৱাইনাদ সমষ্টিৰ সাংসদ ৰাহুল গান্ধী। লোকসভা সচিবালয়ে জাননীযোগে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ কথা ঘোষণা কৰে।

চুৰাটৰ এখন আদালতে বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ‘মোদী উপাধি’ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে ২০১৯ চনত তেওঁৰ বিৰুদ্ধে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰিছিল। ২ বছৰৰ বাবে ৰাহুল গান্ধীক কাৰাদণ্ডৰ ৰায় দিছিল আদালতে। অৱশ্যে আদালতৰ ৰায়ৰ পিছতে জামিন লাভ কৰিছিল ৰাহুল গান্ধীয়ে।

ৰাহুল গান্ধীৰ মন্তব্যৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) নেতা তথা বিধায়ক তথা গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোদীয়ে এটা অভিযোগ দাখিল কৰিছিল। ৱায়নাডৰ লোকসভাৰ সদস্য ৰাহুল গান্ধীয়ে ২০১৯ৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকৰ কোলাৰত এখন ৰাজহুৱা সভাত ‘মোদী’ উপাধিক লৈ এই মন্তব্য কৰিছিল।

সাংসদ পদ খাৰিজ হ’লেও নিজৰ সদস্যপদ ৰক্ষা কৰিবলৈ সকলো পথ বন্ধ হৈ যোৱা নাই ৰাহুল গান্ধীৰ। তেওঁ নিজক ৰক্ষাৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন কৰিব পাৰিব। যদি চুৰাট ছেছন ক’ৰ্টৰ ৰায়ত স্থগিতাদেশ জাৰি কৰা হয়, তেতিয়া তেওঁৰ সদস্যপদ থাকিব পাৰে। হাইক’ৰ্টে যদি স্থগিতাদেশ জাৰি নকৰে তেন্তে তেওঁ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব পাৰিব। যদি উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰে তেতিয়াও তেওঁৰ সদস্যপদ ৰক্ষা হ’ব পাৰে। কিন্তু যদিহে উচ্চতম ন্যায়ালয়ে তেওঁক ৰেহাই নিদিয়ে তেন্তে ৮ বছৰৰ বাবে কোনো নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰিব ৰাহুল গান্ধী।

উল্লেখ্য যে ২০১৯ ত ৰাহুল গান্ধীয়ে এখন নিৰ্বাচনী সভাত সকলো চোৰৰ উপাধি কিয় মোডী বুলি প্ৰশ্ন উত্থাপন কৰি বিতৰ্কৰ সূচনা কৰিছিল। তেওঁৰ এই মন্তব্য মোদী উপাধিৰ লোকসকলৰ বাবে অপমানতজনক বুলি অভিযোগ উত্থাপন কৰি চুৰাট আদালতৰ কাষ চাপিছিল প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক পূৰ্ণেন্দু মোদী। গুজৰাটৰ চুৰাট জিলাৰ সত্ৰ ন্যায়াধীশে কংগ্ৰেছ সাংসদগৰাকীক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰি ২ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে ১৫ হাজাৰ টকাৰ জৰিমণা বিহিছিল।

অৱশ্যে একেখন আদালতে ৰাহুলক ১ মাহৰ জামিন প্ৰদান কৰিছে। ইয়াৰ পাছতে তেওঁৰ সাংসদ পদক লৈ জল্পনা-কল্পনা চলিছিল। কিয়নো এজন জনপ্ৰতিনিধিক দুই বা তাতোধিক বছৰৰ বাবে কাৰাদণ্ড দিলে তেওঁৰ পদ তাৎক্ষণিকভাৱে খাৰিজ কৰা হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ