--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজনৈতিক ক্ষেত্ৰখনত এক গৰম খবৰ। ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ। ‘মোদী উপাধি’ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে খাৰিজ কৰা হ’ল ৰাহুল গান্ধীৰ সাংসদ পদ। কেৰালাৰ ৱাইনাদ সমষ্টিৰ সাংসদ ৰাহুল গান্ধী। লোকসভা সচিবালয়ে জাননীযোগে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ কথা ঘোষণা কৰে।

চুৰাটৰ এখন আদালতে বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ‘মোদী উপাধি’ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে ২০১৯ চনত তেওঁৰ বিৰুদ্ধে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰিছিল। ২ বছৰৰ বাবে ৰাহুল গান্ধীক কাৰাদণ্ডৰ ৰায় দিছিল আদালতে। অৱশ্যে আদালতৰ ৰায়ৰ পিছতে জামিন লাভ কৰিছিল ৰাহুল গান্ধীয়ে।

ৰাহুল গান্ধীৰ মন্তব্যৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) নেতা তথা বিধায়ক তথা গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোদীয়ে এটা অভিযোগ দাখিল কৰিছিল। ৱায়নাডৰ লোকসভাৰ সদস্য ৰাহুল গান্ধীয়ে ২০১৯ৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকৰ কোলাৰত এখন ৰাজহুৱা সভাত ‘মোদী’ উপাধিক লৈ এই মন্তব্য কৰিছিল।

সাংসদ পদ খাৰিজ হ’লেও নিজৰ সদস্যপদ ৰক্ষা কৰিবলৈ সকলো পথ বন্ধ হৈ যোৱা নাই ৰাহুল গান্ধীৰ। তেওঁ নিজক ৰক্ষাৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন কৰিব পাৰিব। যদি চুৰাট ছেছন ক’ৰ্টৰ ৰায়ত স্থগিতাদেশ জাৰি কৰা হয়, তেতিয়া তেওঁৰ সদস্যপদ থাকিব পাৰে। হাইক’ৰ্টে যদি স্থগিতাদেশ জাৰি নকৰে তেন্তে তেওঁ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব পাৰিব। যদি উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰে তেতিয়াও তেওঁৰ সদস্যপদ ৰক্ষা হ’ব পাৰে। কিন্তু যদিহে উচ্চতম ন্যায়ালয়ে তেওঁক ৰেহাই নিদিয়ে তেন্তে ৮ বছৰৰ বাবে কোনো নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰিব ৰাহুল গান্ধী।

উল্লেখ্য যে ২০১৯ ত ৰাহুল গান্ধীয়ে এখন নিৰ্বাচনী সভাত সকলো চোৰৰ উপাধি কিয় মোডী বুলি প্ৰশ্ন উত্থাপন কৰি বিতৰ্কৰ সূচনা কৰিছিল। তেওঁৰ এই মন্তব্য মোদী উপাধিৰ লোকসকলৰ বাবে অপমানতজনক বুলি অভিযোগ উত্থাপন কৰি চুৰাট আদালতৰ কাষ চাপিছিল প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক পূৰ্ণেন্দু মোদী। গুজৰাটৰ চুৰাট জিলাৰ সত্ৰ ন্যায়াধীশে কংগ্ৰেছ সাংসদগৰাকীক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰি ২ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে ১৫ হাজাৰ টকাৰ জৰিমণা বিহিছিল।

অৱশ্যে একেখন আদালতে ৰাহুলক ১ মাহৰ জামিন প্ৰদান কৰিছে। ইয়াৰ পাছতে তেওঁৰ সাংসদ পদক লৈ জল্পনা-কল্পনা চলিছিল। কিয়নো এজন জনপ্ৰতিনিধিক দুই বা তাতোধিক বছৰৰ বাবে কাৰাদণ্ড দিলে তেওঁৰ পদ তাৎক্ষণিকভাৱে খাৰিজ কৰা হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ