--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ হত্যাৰ ভাবুকি পাইছে বলীউডৰ অভিনেতা চলমান খানে৷  বৰ্তমান অভিনেতাগৰাকীয়ে তেওঁৰ আহিবলগীয়া ছবি কিচি কা ভাই, কিচি কি জানৰ প্ৰচাৰত ব্যস্ত হৈ আছে। কিন্তু বলীউডৰ  ভাইজানৰ 'জান' এতিয়া  বিপদত । লৰেন্স বিষ্ণুৱে তেওঁকবাৰে বাৰে  হত্যা কৰাৰ ভাবুকি দি আহিছে । একে সময়তে যোধপুৰৰ পৰা মুম্বাই আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ এটা ভাবুকিপূৰ্ণ ফোন আহিছে৷

ফোনকলটোত  ৩০ এপ্ৰিলত চলমানৰ জীৱনৰ অন্তিম দিন বুলি কোৱা হৈছে। সেইদিনা ভাইজানক  হত্যা কৰা হ'ব! আৰু এই কথা অভিনেতাজনক জনোৱা উচিত বুলি ফোনকলচটোত কোনো অজ্ঞাত ব্যক্তিয়ে আৰক্ষীক কৈছে৷ 

সোমবাৰে নিশা, মুম্বাই আৰক্ষীয়ে এনে কল পোৱাৰ পিছতে  আচৰিত হৈ  পৰে। ফোনকলটো পোৱাৰ পিছতে আৰক্ষীয়ে চলমানৰ ঘৰৰ সন্মুখত নিৰাপত্তা বৃদ্ধি কৰিছে। উল্লেখ্য চলমান খানে নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ বিদেশৰ পৰা বুলেট প্রুফ গাড়ী ক্ৰয় কৰিছে৷ তেওঁ চৰকাৰৰ পৰাও ৱাই শ্ৰেণীৰ সুৰক্ষা লাভ কৰি আছে। ভাবুকিপূৰ্ণ ফোনকল পোৱাৰ পিছত অভিনেতাগৰাকীৰ  নিৰাপত্তা আৰু  অধিক শক্তিশালী কৰা হৈছে।আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভাবুকি দিয়া  ফোনটো যোধপুৰৰ পৰা আহিছিল। ফোনটোৰ আনটো ফালে থকা ব্যক্তিজনে নিজকে গোৰক্ষক  ৰকি ভাই বুলি পৰিচয় দিছিল। 

মুম্বাই আৰক্ষীয়ে  ফোন কৰা  ব্যক্তিজনক বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে।উল্লেখ্য গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ পৰা ভাবুকি পোৱাৰ পিছত চলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। কেৱল এবাৰেই নহয়, অভিনেতাজনক ইমেইল আৰু চিঠিৰ জৰিয়তে একাধিকবাৰ ভাবুকি দিয়া হৈছে। তেতিয়াৰে  পৰা তেওঁৰ নিৰাপত্তা অধিক কঠোৰ কৰা হৈছে। তেওঁৰ সুৰক্ষা এতিয়া তেওঁৰ পৰিয়ালৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈ পৰিছে। ইয়াৰ বাহিৰেও তেওঁৰ  সঙ্গী হৈ পৰিছে তেওঁৰ নিৰাপত্তাৰক্ষী শ্বেৰা। ইয়াৰ মাজতে, এইবাৰ চলমানৰ ঘৰলৈ এটি  নতুন সামগ্ৰী আহিল। নিৰাপত্তাৰ দিশটো বিবেচনা কৰিয়েই চলমান খানে নতুনকৈ এখন বুলেটপ্ৰুফ গাড়ী কিনিছে৷ 

 গাড়ী খন হৈছে নিছান পেট্ৰ'ল এছইউভি ।এই গাড়ীখন এতিয়াও ভাৰতীয় বজাৰলৈ অহা নাই। কিন্তু এই গাড়ীখন ইতিমধ্যে পূব এছিয়াৰ বজাৰত উপলব্ধ হৈছে । ভাইজানে ইতিমধ্যে এই গাড়ীখনত উঠিয়েই তেওঁৰ আহিবলগীয়া ছবি 'কিচি কা ভাই কিচি কা জান'ৰ প্ৰচাৰ কৰি আছে। ভাৰতীয় মুদ্ৰাত গাড়ীখনৰ মূল্য প্ৰায় ৪৫.৮৯ লাখ টকা।











FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন