--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ হত্যাৰ ভাবুকি পাইছে বলীউডৰ অভিনেতা চলমান খানে৷  বৰ্তমান অভিনেতাগৰাকীয়ে তেওঁৰ আহিবলগীয়া ছবি কিচি কা ভাই, কিচি কি জানৰ প্ৰচাৰত ব্যস্ত হৈ আছে। কিন্তু বলীউডৰ  ভাইজানৰ 'জান' এতিয়া  বিপদত । লৰেন্স বিষ্ণুৱে তেওঁকবাৰে বাৰে  হত্যা কৰাৰ ভাবুকি দি আহিছে । একে সময়তে যোধপুৰৰ পৰা মুম্বাই আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ এটা ভাবুকিপূৰ্ণ ফোন আহিছে৷

ফোনকলটোত  ৩০ এপ্ৰিলত চলমানৰ জীৱনৰ অন্তিম দিন বুলি কোৱা হৈছে। সেইদিনা ভাইজানক  হত্যা কৰা হ'ব! আৰু এই কথা অভিনেতাজনক জনোৱা উচিত বুলি ফোনকলচটোত কোনো অজ্ঞাত ব্যক্তিয়ে আৰক্ষীক কৈছে৷ 

সোমবাৰে নিশা, মুম্বাই আৰক্ষীয়ে এনে কল পোৱাৰ পিছতে  আচৰিত হৈ  পৰে। ফোনকলটো পোৱাৰ পিছতে আৰক্ষীয়ে চলমানৰ ঘৰৰ সন্মুখত নিৰাপত্তা বৃদ্ধি কৰিছে। উল্লেখ্য চলমান খানে নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ বিদেশৰ পৰা বুলেট প্রুফ গাড়ী ক্ৰয় কৰিছে৷ তেওঁ চৰকাৰৰ পৰাও ৱাই শ্ৰেণীৰ সুৰক্ষা লাভ কৰি আছে। ভাবুকিপূৰ্ণ ফোনকল পোৱাৰ পিছত অভিনেতাগৰাকীৰ  নিৰাপত্তা আৰু  অধিক শক্তিশালী কৰা হৈছে।আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভাবুকি দিয়া  ফোনটো যোধপুৰৰ পৰা আহিছিল। ফোনটোৰ আনটো ফালে থকা ব্যক্তিজনে নিজকে গোৰক্ষক  ৰকি ভাই বুলি পৰিচয় দিছিল। 

মুম্বাই আৰক্ষীয়ে  ফোন কৰা  ব্যক্তিজনক বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে।উল্লেখ্য গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ পৰা ভাবুকি পোৱাৰ পিছত চলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। কেৱল এবাৰেই নহয়, অভিনেতাজনক ইমেইল আৰু চিঠিৰ জৰিয়তে একাধিকবাৰ ভাবুকি দিয়া হৈছে। তেতিয়াৰে  পৰা তেওঁৰ নিৰাপত্তা অধিক কঠোৰ কৰা হৈছে। তেওঁৰ সুৰক্ষা এতিয়া তেওঁৰ পৰিয়ালৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈ পৰিছে। ইয়াৰ বাহিৰেও তেওঁৰ  সঙ্গী হৈ পৰিছে তেওঁৰ নিৰাপত্তাৰক্ষী শ্বেৰা। ইয়াৰ মাজতে, এইবাৰ চলমানৰ ঘৰলৈ এটি  নতুন সামগ্ৰী আহিল। নিৰাপত্তাৰ দিশটো বিবেচনা কৰিয়েই চলমান খানে নতুনকৈ এখন বুলেটপ্ৰুফ গাড়ী কিনিছে৷ 

 গাড়ী খন হৈছে নিছান পেট্ৰ'ল এছইউভি ।এই গাড়ীখন এতিয়াও ভাৰতীয় বজাৰলৈ অহা নাই। কিন্তু এই গাড়ীখন ইতিমধ্যে পূব এছিয়াৰ বজাৰত উপলব্ধ হৈছে । ভাইজানে ইতিমধ্যে এই গাড়ীখনত উঠিয়েই তেওঁৰ আহিবলগীয়া ছবি 'কিচি কা ভাই কিচি কা জান'ৰ প্ৰচাৰ কৰি আছে। ভাৰতীয় মুদ্ৰাত গাড়ীখনৰ মূল্য প্ৰায় ৪৫.৮৯ লাখ টকা।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ