--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ কাশ্মীৰৰ বাৰামুল্লা জিলাৰ পট্টান অঞ্চলত নিষিদ্ধ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী মডিউল জম্মু-কাশ্মীৰ আৰক্ষীয়ে আটক কৰিছে। এগৰাকী মহিলাসহ দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দুয়োজনেই অভাৰ গ্ৰাউণ্ড ৱৰ্কাৰ হিচাপে কাম কৰি আছিল।

আৰক্ষীৰ মতে, দুয়োজনেই লস্কৰ-ই-তৈবাৰ আত্মগোপন আৰু অস্ত্ৰ পঠিওৱাৰ কাম কৰিছিল। বাৰামুল্লা আৰক্ষীয়ে জনোৱা মতে, আত্মগোপন স্থানৰ উপস্থিতি আৰু ইয়াৰ নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে এই অভিযান আৰম্ভ কৰিছিল।

বাৰামুল্লাৰ পট্টান অঞ্চলত অনুসন্ধান অভিযানৰ সময়ত এই সন্ত্ৰাসবাদী মডিউলৰ আত্মগোপনস্থলীটো উদ্ধাৰ কৰা হৈছে। লস্কৰ সংগঠনৰ দুয়োজন সন্ত্ৰাসবাদী সহযোগীৰ জেৰাৰ সময়ত নিৰাপত্তা বাহিনীয়ে অস্ত্ৰ-শস্ত্ৰৰ ডাম্পৰ তথ্য লাভ কৰে। পিছত তেওঁৰ ভাষ্যৰ ভিত্তিত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হয়।

ধৃত দুয়োজন লোকৰ হাতত আছে এটা পিষ্টল, দুটা পিষ্টল মেগজিন, পিষ্টলৰ গুলী, পাঁচটা আই ই ডি আৰু এটা ৰিম’ট কণ্ট্ৰ’লড আই ই ডি, যাৰ ওজন প্ৰায় ২ কেজি। জম্মু-কাশ্মীৰ আৰক্ষীয়ে ধৃত লস্কৰৰ কৰ্মীক পাৰ মহল্লা পট্টানৰ বাসিন্দা ফাৰুক আহমেদ পাৰা আৰু সোপোৰৰ চিংকিপোৰাৰ বাসিন্দা ছাইমা বছিৰ বুলি চিনাক্ত কৰিছে।

আৰক্ষীয়ে অধিক জেৰাৰ সময়ত প্ৰকাশ কৰে যে দুয়োজনে লস্কৰ-ই-তৈবাৰ সক্ৰিয় সন্ত্ৰাসবাদী আবিদ কায়ুম ল’নৰ ৱুছান পট্টানৰ সৈতে সন্ত্ৰাসবাদী সহযোগী হিচাপে কাম কৰিছিল। আৰক্ষী থানা পট্টনত অস্ত্ৰ আৰু ইউ এল এ(পি) আইনৰ ধাৰাত গোচৰ ৰুজু কৰি দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছে। এই গোচৰত অধিক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে কাৰণ গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদী দুয়োটাই নিৰাপত্তা বাহিনীক কিছু গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন