--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ কাশ্মীৰৰ বাৰামুল্লা জিলাৰ পট্টান অঞ্চলত নিষিদ্ধ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী মডিউল জম্মু-কাশ্মীৰ আৰক্ষীয়ে আটক কৰিছে। এগৰাকী মহিলাসহ দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দুয়োজনেই অভাৰ গ্ৰাউণ্ড ৱৰ্কাৰ হিচাপে কাম কৰি আছিল।

আৰক্ষীৰ মতে, দুয়োজনেই লস্কৰ-ই-তৈবাৰ আত্মগোপন আৰু অস্ত্ৰ পঠিওৱাৰ কাম কৰিছিল। বাৰামুল্লা আৰক্ষীয়ে জনোৱা মতে, আত্মগোপন স্থানৰ উপস্থিতি আৰু ইয়াৰ নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে এই অভিযান আৰম্ভ কৰিছিল।

বাৰামুল্লাৰ পট্টান অঞ্চলত অনুসন্ধান অভিযানৰ সময়ত এই সন্ত্ৰাসবাদী মডিউলৰ আত্মগোপনস্থলীটো উদ্ধাৰ কৰা হৈছে। লস্কৰ সংগঠনৰ দুয়োজন সন্ত্ৰাসবাদী সহযোগীৰ জেৰাৰ সময়ত নিৰাপত্তা বাহিনীয়ে অস্ত্ৰ-শস্ত্ৰৰ ডাম্পৰ তথ্য লাভ কৰে। পিছত তেওঁৰ ভাষ্যৰ ভিত্তিত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হয়।

ধৃত দুয়োজন লোকৰ হাতত আছে এটা পিষ্টল, দুটা পিষ্টল মেগজিন, পিষ্টলৰ গুলী, পাঁচটা আই ই ডি আৰু এটা ৰিম’ট কণ্ট্ৰ’লড আই ই ডি, যাৰ ওজন প্ৰায় ২ কেজি। জম্মু-কাশ্মীৰ আৰক্ষীয়ে ধৃত লস্কৰৰ কৰ্মীক পাৰ মহল্লা পট্টানৰ বাসিন্দা ফাৰুক আহমেদ পাৰা আৰু সোপোৰৰ চিংকিপোৰাৰ বাসিন্দা ছাইমা বছিৰ বুলি চিনাক্ত কৰিছে।

আৰক্ষীয়ে অধিক জেৰাৰ সময়ত প্ৰকাশ কৰে যে দুয়োজনে লস্কৰ-ই-তৈবাৰ সক্ৰিয় সন্ত্ৰাসবাদী আবিদ কায়ুম ল’নৰ ৱুছান পট্টানৰ সৈতে সন্ত্ৰাসবাদী সহযোগী হিচাপে কাম কৰিছিল। আৰক্ষী থানা পট্টনত অস্ত্ৰ আৰু ইউ এল এ(পি) আইনৰ ধাৰাত গোচৰ ৰুজু কৰি দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছে। এই গোচৰত অধিক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে কাৰণ গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদী দুয়োটাই নিৰাপত্তা বাহিনীক কিছু গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ