--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদানী গ্ৰুপৰ এটা কোম্পানীয়ে অৰ্জন কৰিছে এক নতুন মাইলৰ খুঁটি। ৭১টা কোম্পানী পিছ পেলাই আদানীৰ এই কোম্পানীটোৱে ভাৰতৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে। কোম্পানীটোৱে এই স্থান লাভ কৰিছে তেওঁলোকৰ ভাল প্ৰদৰ্শন, আৰ্থিক স্থিতিশীলতা আৰু বাহ্যিক পৰিৱেশৰ বাবে। মন্ত্ৰালয়ে জাৰি কৰা বাৰ্ষিক ৰেটিং আৰু ৰেংকিঙৰ ১১ সংখ্যক সংস্কৰণত এই আদানী কোম্পানীয়ে গ্ৰেড এ+ আৰু ১০০ৰ ভিতৰত ৯৯.৬ উচ্চ পঞ্জীয়নভুক্ত স্ক’ৰেৰে প্ৰথম ৰেংক লাভ কৰিছে।

দেশৰ ৭১টা বিদ্যুৎ যোগান কোম্পানীয়ে বিভিন্ন স্থানত বিদ্যুৎ বিতৰণ কৰে। ইফালে, বিদ্যুৎ যোগান আৰু উপযোগিতাৰ মূল্যায়নৰ ভিত্তিত আদানীৰ মুম্বাইস্থিত বিদ্যুৎ বিতৰণ কোম্পানী আদানী ইলেকট্ৰিচিটি মুম্বাই লিমিটেডে দেশৰ ভিতৰতে এক নম্বৰ স্থান লাভ কৰিছে।

২০১৯-২০২০ চনৰ পৰা ২০২২-২০২৩ চনলৈকে বিদ্যুৎ বিতৰণৰ যোৱা তিনিটা বিত্তীয় বৰ্ষৰ ভিত্তিত মেককিনজী এণ্ড কোম্পানীয়ে মূল্যায়ন কৰা অনুসৰি আদানী ইলেক্ট্ৰিক চিটি মুম্বাই লিমিটেডে সকলো বিতৰণ কোম্পানীৰে ভিতৰত সৰ্বনিম্ন শুল্ক বৃদ্ধিৰ কথা ঘোষণা কৰিছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ইয়াৰ দ্বাৰা কোম্পানীটোৰ আৰ্থিক দায়িত্ব আৰু পৰিচালনাৰ প্ৰতিফলন ঘটিছে।

শীৰ্ষ ৫ ৰ ভিতৰত একমাত্ৰ ব্যক্তিগত প্ৰতিষ্ঠান আদানী ইলেক্ট্ৰিচিটি মুম্বাই লিমিটেড। কোনো ধৰণৰ ঋণাত্মক স্ক’ৰ নোপোৱা ১৫ খন ডিস্কমৰ ভিতৰত অন্যতম হৈছে আদানী ইলেক্ট্ৰিচিটি। অহা কেইবছৰমানৰ ভিতৰত নতুন শক্তিৰ উৎপাদন আৰু বিতৰণ দুগুণ কৰাৰ পৰিকল্পনা কৰিছে কোম্পানীটোৱে।

পঞ্জীয়নভুক্ত ৰেটিং আৰু ৰেংকিং বছৰি পাৱাৰ ফাইনেন্স কৰ্পৰেশ্যন লিমিটেডে জাৰি কৰে। সমগ্ৰ ভাৰতবৰ্ষৰ ৪৫টা ৰাজ্যিক বিতৰণ কোম্পানী, ১৪টা ব্যক্তিগত ডিস্কম আৰু ১২টা বিদ্যুৎ বিভাগকে ধৰি মুঠ ৭১টা বিদ্যুৎ বিতৰণ উপযোগীতা এই বিস্তৃত মূল্যায়নত সামৰি লোৱা হৈছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ইন্ধনৰ সংকট অব্যাহত; সলনি হোৱা নাই চিলিণ্ডাৰ বুকিঙৰ নির্দেশনা
১ জুলাইৰ পৰা বলৱৎ হ’ব ‘ভি বি-জি ৰাম জি’
দেশ বচাও, ইন্ধন বচাও! মোদীৰ ‘হাফ কনভয় মডেল’ক লৈ দেশজুৰি চৰ্চা
ইৰানৰ শান্তি প্ৰস্তাৱ প্রত্যাখ্যান ড’নাল্ড ট্রাম্পৰ
গণিত অলিম্পিয়াডত দেশৰ ভিতৰত শীৰ্ষ স্থান দখল ডিব্ৰুগড়ৰ নিখিলেশ গগৈৰ
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই