--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদানী গ্ৰুপৰ এটা কোম্পানীয়ে অৰ্জন কৰিছে এক নতুন মাইলৰ খুঁটি। ৭১টা কোম্পানী পিছ পেলাই আদানীৰ এই কোম্পানীটোৱে ভাৰতৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে। কোম্পানীটোৱে এই স্থান লাভ কৰিছে তেওঁলোকৰ ভাল প্ৰদৰ্শন, আৰ্থিক স্থিতিশীলতা আৰু বাহ্যিক পৰিৱেশৰ বাবে। মন্ত্ৰালয়ে জাৰি কৰা বাৰ্ষিক ৰেটিং আৰু ৰেংকিঙৰ ১১ সংখ্যক সংস্কৰণত এই আদানী কোম্পানীয়ে গ্ৰেড এ+ আৰু ১০০ৰ ভিতৰত ৯৯.৬ উচ্চ পঞ্জীয়নভুক্ত স্ক’ৰেৰে প্ৰথম ৰেংক লাভ কৰিছে।

দেশৰ ৭১টা বিদ্যুৎ যোগান কোম্পানীয়ে বিভিন্ন স্থানত বিদ্যুৎ বিতৰণ কৰে। ইফালে, বিদ্যুৎ যোগান আৰু উপযোগিতাৰ মূল্যায়নৰ ভিত্তিত আদানীৰ মুম্বাইস্থিত বিদ্যুৎ বিতৰণ কোম্পানী আদানী ইলেকট্ৰিচিটি মুম্বাই লিমিটেডে দেশৰ ভিতৰতে এক নম্বৰ স্থান লাভ কৰিছে।

২০১৯-২০২০ চনৰ পৰা ২০২২-২০২৩ চনলৈকে বিদ্যুৎ বিতৰণৰ যোৱা তিনিটা বিত্তীয় বৰ্ষৰ ভিত্তিত মেককিনজী এণ্ড কোম্পানীয়ে মূল্যায়ন কৰা অনুসৰি আদানী ইলেক্ট্ৰিক চিটি মুম্বাই লিমিটেডে সকলো বিতৰণ কোম্পানীৰে ভিতৰত সৰ্বনিম্ন শুল্ক বৃদ্ধিৰ কথা ঘোষণা কৰিছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ইয়াৰ দ্বাৰা কোম্পানীটোৰ আৰ্থিক দায়িত্ব আৰু পৰিচালনাৰ প্ৰতিফলন ঘটিছে।

শীৰ্ষ ৫ ৰ ভিতৰত একমাত্ৰ ব্যক্তিগত প্ৰতিষ্ঠান আদানী ইলেক্ট্ৰিচিটি মুম্বাই লিমিটেড। কোনো ধৰণৰ ঋণাত্মক স্ক’ৰ নোপোৱা ১৫ খন ডিস্কমৰ ভিতৰত অন্যতম হৈছে আদানী ইলেক্ট্ৰিচিটি। অহা কেইবছৰমানৰ ভিতৰত নতুন শক্তিৰ উৎপাদন আৰু বিতৰণ দুগুণ কৰাৰ পৰিকল্পনা কৰিছে কোম্পানীটোৱে।

পঞ্জীয়নভুক্ত ৰেটিং আৰু ৰেংকিং বছৰি পাৱাৰ ফাইনেন্স কৰ্পৰেশ্যন লিমিটেডে জাৰি কৰে। সমগ্ৰ ভাৰতবৰ্ষৰ ৪৫টা ৰাজ্যিক বিতৰণ কোম্পানী, ১৪টা ব্যক্তিগত ডিস্কম আৰু ১২টা বিদ্যুৎ বিভাগকে ধৰি মুঠ ৭১টা বিদ্যুৎ বিতৰণ উপযোগীতা এই বিস্তৃত মূল্যায়নত সামৰি লোৱা হৈছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত