--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰানসীত পি এম কিষান নিধি প্ৰকল্পৰ অধীনত কৃষকৰ বাবে মোকলাই দিলে  ২০ হাজাৰ কোটি টকা ৷ অসমকে ধৰি দেশৰ সকলো ৰাজ্যতে প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানৰ সমান্তৰালকৈ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে একেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷   আজি কৃষকসকলক প্ৰদান কৰা হয়  পি এম কিষাণ সন্মান নিধি আঁচনিৰ ১৭ সংখ্যক কিস্তি৷ 

দেশৰ প্ৰায় ৯ কোটি ২৬ লাখ হিতাধিকাৰী কৃষকে বেংক একাউণ্টত লাভ কৰিব ধন৷মহানগৰীৰ কলাক্ষেত্ৰতো অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়৷ অসমৰ ১৭ লাখ ৪৯ হাজাৰ কৃষকৰ বেংক একাউণ্টত লাভ কৰিব মুঠ ৩৮১ কোটি টকা৷ আজি বিয়লি ৫ বজাত উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰে এই কাৰ্যসূচী৷ৱেব কাষ্টিং যোগে কাৰ্যসূচীত অংশ গ্ৰহণ কৰে  অসমকে ধৰি আন ৰাজ্যয়ো৷ অনুষ্ঠানৰ উপলক্ষে কলাক্ষেত্ৰত উপস্থিত থাকে অসমৰ  কৃষি মন্ত্ৰী অতুল বৰা৷ উল্লেখ্য ২০১৪ আৰু ২০১৯ চনত বিজেপিয়ে উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, পঞ্জাৱ আৰু হাৰিয়ানাত বিৰোধীক প্ৰায় নিঃশেষ কৰি পেলাইছিল। সেই চাৰিখন ৰাজ্যই ২০২৪ চনৰ লোকসভা নিৰ্বাচনত গেৰুৱা শিবিৰক নিৰাশ কৰিছে।  এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ চকীত বহি বাৰাণসী ভ্ৰমণৰ সময়তে  প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী কিষাণ নিধি প্ৰকল্পৰ ১৭তম কিস্তি আবণ্টন দিয়ে। ইফালে নির্বাচনত হোৱা জোকাৰণিৰ পাছত ৩০ জুনত মোদীয়ে প্রথমটো ‘মন কি বাত’ কার্যসূচী অনুষ্ঠিত কৰিব৷

 কেন্দ্ৰীয় পৰিসংখ্যা অনুসৰি পি এম কিষান নিধি আঁচনিৰ অধীনত দেশৰ ১১ কোটি কৃষক পৰিয়ালে এই পৰ্যন্ত মুঠ ৩.০৪ লাখ কোটি টকা লাভ কৰিছে। মঙলবাৰে বিশ্বনাথ ধামত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ‘কৃষি সখী অভিসৰণ কাৰ্যসূচী’ৰ অধীনত ৩০ হাজাৰ আত্মনিৰ্ভৰশীল মহিলাক প্ৰমাণ পত্ৰ প্ৰদানৰ কথাও ঘোষণা কৰে। কে এছ চি পি প্ৰকল্পৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ মহিলাসকলক স্বাৱলম্বী হ’বলৈ প্ৰশিক্ষণ দিয়া হয়। এই আঁচনিৰ এটা শাখা হৈছে ‘লাখপতি দিদি’।
প্ৰধানমন্ত্ৰীয়ে বাৰাণসীবাসীক সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰে। যোগীৰ মতে, মোদীয়ে নিজৰ কৰ্মৰ দ্বাৰা সমগ্ৰ বিশ্বতে ভাৰতক এক নতুন পৰিচয় দিছে।
উল্লেখ্য শ্যামপ্ৰসাদ মুখাৰ্জীৰ ভূমিকাক স্মৰণ কৰি ২৩ জুনৰ পৰা ৬ জুলাইলৈ বিজেপিয়ে গছপুলি ৰোপণ কৰিব। চৰকাৰৰ উদ্যোগত অহা ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হ’ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু