--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনেৰ পৰ্ছে দুৰ্ঘটনাৰ যেন পুনৰাবৃত্তি ঘটিল। এইবাৰ ঘটনাৰ স্থান চেন্নাই।  ৰাজ্যসভাৰ সাংসদ বীৰা মুস্তান ৰাওৰ কন্যা মাধুৰীয়ে চেন্নাইত পথৰ দাঁতিত শুই থকা এজন লোকক গাড়ীৰে মহতিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।  ইফালে অভিযুক্ত মাধুৰীয়ে  গ্ৰেপ্তাৰ হোৱাৰ পিছতে লগে লগে  জামিনো লাভ কৰে। সমগ্ৰ ঘটনাটোক লৈ এতিয়া  বিতৰ্কৰ সৃষ্টি হৈছে। 
 
অভিযোগ অনুসৰি যোৱা  ৱাই এছ আৰ কংগ্ৰেছ নেতা ৰাওৰ কন্যা মাধুৰীয়ে নিশা বি এম ডব্লিউ গাড়ী চলাই গৈছিল। তেওঁৰ লগত আছিল  এগৰাকী বান্ধৱী ।  মাধুৰীয়ে  সূৰ্য্য নামৰ পথৰ কাষত শুই থকা ২৪ বছৰীয়া এজন শিল্পীৰ ওপৰেৰে  গাড়ী খন চলাই নিছিল। চেন্নাইৰ বসন্তনগৰৰ পদপথত শুই  আছিল সূৰ্য্য। তেওঁ মদ্যপান কৰা বুলি কোৱা হৈছে। দুৰ্ঘটনাটোৰ পিছতে গাড়ীখনৰ চাৰিওফালে মানুহৰ ভিৰ হয়। তেতিয়ালৈকে অৱশ্যে  মাধুৰীয়ে  পলাই যাবলৈ সক্ষম হয়। মাধুৰীৰ বান্ধীগৰাকীয়ে তাত গোট খোৱা লোকৰ সৈতে  কিছু সময় কাজিয়া কৰি তাৰ পৰা আঁতৰি  যায় । স্থানীয় ৰাইজে সূৰ্য্যক চিকিৎসালয়ত ভৰ্তি কৰোৱায় যদিও তেওঁৰ মৃত্যু হয়।

জানিব পৰা মতে আঠ মাহ আগতে সূৰ্য্যই বিয়া পাতিছিল। তেওঁৰ দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে আত্মীয়-স্বজন আৰু কলনীৰ বাসিন্দাসকলে থানাত ভিৰ কৰে।  আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি গাড়ীখন কাৰ সেয়া নিশ্চিত কৰিব পাৰে। জনতাৰ  প্ৰতিবাদৰ মাজতে মাধুৰীক আৰক্ষীয়ে  গ্ৰেপ্তাৰ কৰে কিন্তু কিছু সময় পিছতেই তেওঁক জামিনত মুক্তি দিয়া হয়।

পুনেৰ কোৰেগাও পাৰ্কতো একেধৰণৰ  ঘটনাই  সংঘটিত হৈছিল। বিপৰীত দিশৰ পৰা অহা মটৰবাইক এখনত খুন্দা মাৰিছিল এখন বিলাসী গাড়ীয়ে। । দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে নাবালক চালকজনক গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশ্যে ১৪ ঘণ্টাৰ ভিতৰতে ১৭ বছৰীয়া নাবালকটিক  একাধিক চৰ্তত জামিন মঞ্জুৰ কৰা হৈছিল। কেৱল কিবি কিবা অলপ কথা কাগজত লিখি দি  তেওঁ জামিন পাইছিল। কিন্তু বিষয়টোকলৈ তীব্ৰ বিতৰ্কৰ হোৱাত নাবালক চালকজনৰ  সেই জামিন বাতিল কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ