--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনেৰ পৰ্ছে দুৰ্ঘটনাৰ যেন পুনৰাবৃত্তি ঘটিল। এইবাৰ ঘটনাৰ স্থান চেন্নাই।  ৰাজ্যসভাৰ সাংসদ বীৰা মুস্তান ৰাওৰ কন্যা মাধুৰীয়ে চেন্নাইত পথৰ দাঁতিত শুই থকা এজন লোকক গাড়ীৰে মহতিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।  ইফালে অভিযুক্ত মাধুৰীয়ে  গ্ৰেপ্তাৰ হোৱাৰ পিছতে লগে লগে  জামিনো লাভ কৰে। সমগ্ৰ ঘটনাটোক লৈ এতিয়া  বিতৰ্কৰ সৃষ্টি হৈছে। 
 
অভিযোগ অনুসৰি যোৱা  ৱাই এছ আৰ কংগ্ৰেছ নেতা ৰাওৰ কন্যা মাধুৰীয়ে নিশা বি এম ডব্লিউ গাড়ী চলাই গৈছিল। তেওঁৰ লগত আছিল  এগৰাকী বান্ধৱী ।  মাধুৰীয়ে  সূৰ্য্য নামৰ পথৰ কাষত শুই থকা ২৪ বছৰীয়া এজন শিল্পীৰ ওপৰেৰে  গাড়ী খন চলাই নিছিল। চেন্নাইৰ বসন্তনগৰৰ পদপথত শুই  আছিল সূৰ্য্য। তেওঁ মদ্যপান কৰা বুলি কোৱা হৈছে। দুৰ্ঘটনাটোৰ পিছতে গাড়ীখনৰ চাৰিওফালে মানুহৰ ভিৰ হয়। তেতিয়ালৈকে অৱশ্যে  মাধুৰীয়ে  পলাই যাবলৈ সক্ষম হয়। মাধুৰীৰ বান্ধীগৰাকীয়ে তাত গোট খোৱা লোকৰ সৈতে  কিছু সময় কাজিয়া কৰি তাৰ পৰা আঁতৰি  যায় । স্থানীয় ৰাইজে সূৰ্য্যক চিকিৎসালয়ত ভৰ্তি কৰোৱায় যদিও তেওঁৰ মৃত্যু হয়।

জানিব পৰা মতে আঠ মাহ আগতে সূৰ্য্যই বিয়া পাতিছিল। তেওঁৰ দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে আত্মীয়-স্বজন আৰু কলনীৰ বাসিন্দাসকলে থানাত ভিৰ কৰে।  আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি গাড়ীখন কাৰ সেয়া নিশ্চিত কৰিব পাৰে। জনতাৰ  প্ৰতিবাদৰ মাজতে মাধুৰীক আৰক্ষীয়ে  গ্ৰেপ্তাৰ কৰে কিন্তু কিছু সময় পিছতেই তেওঁক জামিনত মুক্তি দিয়া হয়।

পুনেৰ কোৰেগাও পাৰ্কতো একেধৰণৰ  ঘটনাই  সংঘটিত হৈছিল। বিপৰীত দিশৰ পৰা অহা মটৰবাইক এখনত খুন্দা মাৰিছিল এখন বিলাসী গাড়ীয়ে। । দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে নাবালক চালকজনক গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশ্যে ১৪ ঘণ্টাৰ ভিতৰতে ১৭ বছৰীয়া নাবালকটিক  একাধিক চৰ্তত জামিন মঞ্জুৰ কৰা হৈছিল। কেৱল কিবি কিবা অলপ কথা কাগজত লিখি দি  তেওঁ জামিন পাইছিল। কিন্তু বিষয়টোকলৈ তীব্ৰ বিতৰ্কৰ হোৱাত নাবালক চালকজনৰ  সেই জামিন বাতিল কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন