--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীক শক্তি প্ৰদান কৰি থকা সূৰ্য এদিন দিনতে হঠাতে কিছু সময়ৰ বাবে হেৰাই গৈছিল। সূৰ্য অবিহনে পৃথিৱীৰ অস্বিত্বৰ কথা ভাবিবও নোৱাৰি যদিও ৩,০০০ বছৰ আগতে তেনে এক ঘটনাই ঘটিছিল। হয়, ৩,০০০ বছৰ পূৰ্বে কোনোবা এটা দিনত হঠাতে সূৰ্য নাইকিয়া হৈ পৰিছিল। ঘোৰ আন্ধাৰে ঢাকি ধৰিছিল পৃথিৱীৰ বিশাল  এলেকা। মাটিৰ তলত পোত গৈ থকা এক প্ৰাচীন সম্পদৰ পৰা এই তথ্য এতিয়া পোহৰলৈ আহিছে। তিনি হাজাৰ বছৰৰ আগতে বৰ্তমানৰ চিৰিয়াত দিনটোৰ মাজভাগত সূৰ্য হঠাতে ম্লান হৈ অদৃশ্য হৈ পৰিছিল। 

ভাস্কৰৰ অবৰ্তমানত দিনতে অন্ধকাৰে ছানি ধৰিছিল সমগ্ৰ এলেকা। তাত বাস কৰা মানুহ আতংকিত হৈ পৰিছিল। এই ঘটনাক সেই সময়ত বহুতে  এক আসন্ন ধ্বংসৰ সংকেত বুলি ধাৰণা কৰিছিল। প্ৰাচীন চিৰিয়াত  সূৰ্য নিৰুদ্দেশ হোৱাৰ ঘটনাটোক এটা অশুভ লক্ষণ হিচাপে বিবেচনা কৰা হৈছিল আৰু এই ঘটনাকলৈ বহু দিনলৈ চৰ্চা চলিছিল। বহু শতাব্দীৰ পিছত আমি এতিয়া  জানিব পাৰিছে  যে  প্ৰাচীন চিৰিয়াত দৰাচলতে  সেই দিনটোত কি ঘটিছিল। এই প্ৰসংগতে ক’ব পাৰি যে ২০২৪  চনৰ ৮ এপ্ৰিলত  আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছু অংশলৈ দিনতে  অন্ধকাৰ  নামি আহিব। 

সূৰ্যটোক সেই দিনটোত   চন্দ্ৰই ঢাকি ধৰিব আৰু কেতবোৰ বিশেষ স্থানত দিনতে আন্ধাৰ হ’ব। ই এক জটিল মহাজাগতিক পৰিঘটনা। ৮ এপ্ৰিলত  প্ৰায় ৪ মিনিট আৰু ২৮ ছেকেণ্ডৰ বাবে  উত্তৰ আমেৰিকা মহাদেশৰ বহু ঠাইত দিনতে  আন্ধাৰ হ’ব। প্ৰাচীন চিৰিয়ানসকলে অশুভ লক্ষণ হিচাপে ধাৰণা কৰা  সূৰ্যৰ নিৰুদ্দেশ হোৱাৰ দৰেই সেইদিনাও আমেৰিকাত একেই ঘটনা ঘটিব।  ই এক  মহাজাগতিক পৰিঘটনা। এই পৰিঘটনাটোক পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ বুলি কোৱা হয়। শেষবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত এনে সূৰ্যগ্ৰহণ  সাত বছৰৰ  পূৰ্বে  হৈছিল। ইফালে ভাৰতত ২০৩১ চনলৈকে এনে  সূৰ্যগ্ৰহণ দৃশ্যমান নহ'ব। প্ৰাচীন ছিৰিয়াতো তেনে সূৰ্যগ্ৰহণৰেই সাক্ষী হৈছিল সেই সময়ত তাত বাস কৰা লোকসকলে । ৮ এপ্ৰিলত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ সময়ত আন্ধাৰ আকাশত  চাৰিটা গ্ৰহ দেখা যাব। তাৰে এটা হ'ব মঙল গ্ৰহ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক