--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ ৮ এপ্ৰিলত  আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছু অংশৰ পৰা দৃশ্যমান হ’ব পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। সেই দিনটোত আমেৰিকাৰ বহু ঠাইত  দিনতে  অন্ধকাৰ  নামি আহিব। সূৰ্যটোক সেই দিনটোত চন্দ্ৰই ঢাকি ধৰিব আৰু কেতবোৰ বিশেষ স্থানত দিনতে আন্ধাৰ হ’ব। ই এক জটিল মহাজাগতিক পৰিঘটনা। ৮ এপ্ৰিলত  প্ৰায় ৪ মিনিট আৰু ২৮ ছেকেণ্ডৰ বাবে  উত্তৰ আমেৰিকা মহাদেশৰ বহু ঠাইত দিনতে  আন্ধাৰ হ’ব। ভাৰতৰ পৰা অৱশ্যে এই সূৰ্যগ্ৰহণ দেখিবলৈ পোৱা নাযাব। এনে সূৰ্যগ্ৰহণ  ভাৰতত  ২০৩১ চনলৈকে এনে  সূৰ্যগ্ৰহণ দৃশ্যমান নহ'ব। 

কিন্তু ৮ এপ্ৰিলৰ সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দৃশ্যমান নহ’লেও সূৰ্যগ্ৰহণৰ ছবি কেমেৰাত বন্দী কৰিবলৈ সাজু হৈছে ভাৰতে সূৰ্যৰ অধ্যয়নৰ বাবে প্ৰেৰণ কৰা আদিত্য-এল ১- যানে। যান খনে   মহাকাশৰ পৰাই সূৰ্য গ্ৰহণৰ ওপৰত  চকু ৰাখিব। এই মুহূৰ্তত আদিত্য এল যান খন  পৃথিৱী আৰু সূৰ্যৰ মাজৰ লেগ্ৰেঞ্জ বিন্দু বা এল১-ত আছে। পৃথিৱীৰ পৰা যাৰ দূৰত্ব ১৫ লাখ কিলোমিটাৰ। আদিত্য-এল১-ত ছযটা  বিশেষ যন্ত্ৰ আছে। ইয়াৰে দুটা সঁজুলি  গ্ৰহণৰ সময়ত সূৰ্যক পৰ্যবেক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হ'ব বুলি  সংশ্লিষ্ট বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। 

সেইবোৰ হৈছে ভিজিবল এমিছন লাইন  কৰোনাগ্ৰাফ (ভিইএলচি) আৰু ছলাৰ আলট্ৰা ভায়’লেট  ইমেজিং টেলিস্কোপ । সেই দুটা যন্ত্ৰই গ্ৰহণৰ সময়ত সূৰ্যৰ ছবি তুলি আৰু সেই ছবি পৃথিৱীলৈ প্ৰেৰণ কৰিব বুলি আশা কৰা হৈছে।  আদিত্য এল১ মহাকাশযানখনে বিদ্যুত চুম্বকীয় কণা আৰু চুম্বকীয় ক্ষেত্ৰ ডিটেক্টৰ ব্যৱহাৰ কৰি আলোকমণ্ডল, ক্ৰমমণ্ডল আৰু সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰ (কৰোনা) পৰ্যবেক্ষণ কৰিবলৈ সাতটা পেলোড বহন কৰি নিছে। ইয়াৰে  চাৰিটা পেলোডে পোনপটীয়াকৈ সূৰ্যক পৰ্যবেক্ষণ কৰি যাব।  বাকী তিনিটা পেলোডে  বিদ্যুত চুম্বকীয় কণাৰ বিষয়ে অধ্যয়ন চলাব। এই যান খনে সৌৰ ধুমুহাৰ প্ৰভাৱৰ কথাও পৰ্যালোচনা কৰি গৈছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক