--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তছলিমা নাছৰিন-নামেই যাৰ পৰিচয়। সমাজৰ নানা বিষয়ক লৈ প্ৰায়ে সৰব হৈ পৰা দেখিবলৈ পোৱা যায় তছলিমা নাছৰিনক। বিশিষ্ট লেখিকাগৰাকীয়ে এইবাৰ ব্যক্তিগত অনুভূতিৰ ভাগ বতৰা কৰিবলৈ গৈ চৰ্চাৰ অভিকেন্দ্ৰ হৈ পৰা দেখা গৈছে।সমাজৰ কেতবোৰ বিষয়ত সাহসেৰে মাত মতা এইগৰাকী লেখিকা প্ৰেমৰ ক্ষেত্ৰতো সমাজৰ কথাৰ প্ৰতি গুৰুত্ব দিয়া নাছিল। হুড়মুড়কৈ প্ৰেমত পৰাৰ সমান্তৰালকৈ স্বেচ্ছাই যৌন সম্ভগো কৰিছিল তছলিমা নাছৰিনে। শেহতীয়াকৈ, নিচৰ্তহীনভাৱে এই বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে বিশিষ্ট লেখিকাগৰাকীয়ে। 'ৰোজ ডে', 'প্ৰ’প’জ ডে', 'চকলেট ডে', 'টেডী ডে'ৰ পাছত শুকুৰবাৰ আছিল 'প্ৰ’মিজ ডে' । এই বিশেষ দিনটোৰ দিনা গভীৰ নিশা পুনৰ ফেচবুকত সৰৱ হৈ পৰে জনপ্ৰিয় লেখিকাগৰাকী। কেনেকৈ প্ৰেমত পৰিছিল তছলিমা নাছৰিনে? ২০১৬ চনৰ এটা পোষ্টত, অনুৰাগীসকলৰ আগত প্ৰেমকেন্দ্ৰিক ব্যক্তিগত অনুভূতিও প্ৰকাশ কৰিছে লেখিকাগৰাকীয়ে। তেওঁ লিখিছে, ‘৩০বছৰ পূৰ্বে মই মোৰ প্ৰেমিকক ৰাজপথত, ৰেষ্টুৰেণ্টত, বাংলাদেশৰ দৰে দেশত চুমা খাইছিলো। ইউৰোপীয় দেশসমূহত বাটে ঘাটে ইউৰোপীয় প্ৰেমিকক চুম্বন কৰা দেখিছে আপোনালোকে। পূৰ্ণিমাৰ গভীৰ নিশা নিৰ্জন সাগৰৰ পাৰত যৌনসম্ভোগ কৰিছিল! যৌনজীৱন উদযাপন কৰিছে চন্দ্ৰৰ পোহৰত স্নান কৰা ঘন অৰণ্যৰ মাজত। কাৰণ, তেওঁলোকৰ দৃষ্টিত যৌনতা সকলো সময়তে সুন্দৰ। পুৰুষ-মহিলা, মহিলা-মহিলা, পুৰুষ-মহিলা, ট্ৰেন্সজেণ্ডাৰ, সকলো নিৰ্বিশেষে যৌনতাক ইউৰোপৰ দৰে দেশসমূহে দি আহিছে বিশেষ মান্যতা। এই কথাখিনি কোৱাৰ পাছতে তছলিমাৰ মিশ্ৰিত ক্ষোভ। তেওঁৰ দাবী, ‘যৌন জীৱন কিদৰে উদযাপন কৰিব লাগে সেয়া জীৱ-জন্তুৰ পৰা আমাৰ সভ্য সমাজে শিক্ষা লোৱাটো জুৰুৰী।মই বুজি নাপাও, পৃথিৱীখন বাহিৰত ওপঙি আছে, আৰু মানুহে চাৰিখন দেৱালৰ ভিতৰত বন্ধ কুঠৰীত কিদৰে যৌন সম্ভোগ কৰে? প্ৰকৃতিৰ পৰা বহু দূৰলৈ আঁতৰি গৈছে মানুহ, আৰু কিমান দূৰলৈ যাব!’ একে সময়তে তেওঁৰ আক্ষেপ, লাহে লাহে মানুহ একো একোটা যন্ত্ৰ হৈ পৰিছে। যৌনসম্ভোগ এতিয়া আৰু সম্ভোগ হৈ থকা নাই! সকলো যেন ধৰ্ষণ হৈ পৰিছে। প্ৰেমো পৰিণত হৈছে ঈৰ্ষাত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ