--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তছলিমা নাছৰিন-নামেই যাৰ পৰিচয়। সমাজৰ নানা বিষয়ক লৈ প্ৰায়ে সৰব হৈ পৰা দেখিবলৈ পোৱা যায় তছলিমা নাছৰিনক। বিশিষ্ট লেখিকাগৰাকীয়ে এইবাৰ ব্যক্তিগত অনুভূতিৰ ভাগ বতৰা কৰিবলৈ গৈ চৰ্চাৰ অভিকেন্দ্ৰ হৈ পৰা দেখা গৈছে।সমাজৰ কেতবোৰ বিষয়ত সাহসেৰে মাত মতা এইগৰাকী লেখিকা প্ৰেমৰ ক্ষেত্ৰতো সমাজৰ কথাৰ প্ৰতি গুৰুত্ব দিয়া নাছিল। হুড়মুড়কৈ প্ৰেমত পৰাৰ সমান্তৰালকৈ স্বেচ্ছাই যৌন সম্ভগো কৰিছিল তছলিমা নাছৰিনে। শেহতীয়াকৈ, নিচৰ্তহীনভাৱে এই বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে বিশিষ্ট লেখিকাগৰাকীয়ে। 'ৰোজ ডে', 'প্ৰ’প’জ ডে', 'চকলেট ডে', 'টেডী ডে'ৰ পাছত শুকুৰবাৰ আছিল 'প্ৰ’মিজ ডে' । এই বিশেষ দিনটোৰ দিনা গভীৰ নিশা পুনৰ ফেচবুকত সৰৱ হৈ পৰে জনপ্ৰিয় লেখিকাগৰাকী। কেনেকৈ প্ৰেমত পৰিছিল তছলিমা নাছৰিনে? ২০১৬ চনৰ এটা পোষ্টত, অনুৰাগীসকলৰ আগত প্ৰেমকেন্দ্ৰিক ব্যক্তিগত অনুভূতিও প্ৰকাশ কৰিছে লেখিকাগৰাকীয়ে। তেওঁ লিখিছে, ‘৩০বছৰ পূৰ্বে মই মোৰ প্ৰেমিকক ৰাজপথত, ৰেষ্টুৰেণ্টত, বাংলাদেশৰ দৰে দেশত চুমা খাইছিলো। ইউৰোপীয় দেশসমূহত বাটে ঘাটে ইউৰোপীয় প্ৰেমিকক চুম্বন কৰা দেখিছে আপোনালোকে। পূৰ্ণিমাৰ গভীৰ নিশা নিৰ্জন সাগৰৰ পাৰত যৌনসম্ভোগ কৰিছিল! যৌনজীৱন উদযাপন কৰিছে চন্দ্ৰৰ পোহৰত স্নান কৰা ঘন অৰণ্যৰ মাজত। কাৰণ, তেওঁলোকৰ দৃষ্টিত যৌনতা সকলো সময়তে সুন্দৰ। পুৰুষ-মহিলা, মহিলা-মহিলা, পুৰুষ-মহিলা, ট্ৰেন্সজেণ্ডাৰ, সকলো নিৰ্বিশেষে যৌনতাক ইউৰোপৰ দৰে দেশসমূহে দি আহিছে বিশেষ মান্যতা। এই কথাখিনি কোৱাৰ পাছতে তছলিমাৰ মিশ্ৰিত ক্ষোভ। তেওঁৰ দাবী, ‘যৌন জীৱন কিদৰে উদযাপন কৰিব লাগে সেয়া জীৱ-জন্তুৰ পৰা আমাৰ সভ্য সমাজে শিক্ষা লোৱাটো জুৰুৰী।মই বুজি নাপাও, পৃথিৱীখন বাহিৰত ওপঙি আছে, আৰু মানুহে চাৰিখন দেৱালৰ ভিতৰত বন্ধ কুঠৰীত কিদৰে যৌন সম্ভোগ কৰে? প্ৰকৃতিৰ পৰা বহু দূৰলৈ আঁতৰি গৈছে মানুহ, আৰু কিমান দূৰলৈ যাব!’ একে সময়তে তেওঁৰ আক্ষেপ, লাহে লাহে মানুহ একো একোটা যন্ত্ৰ হৈ পৰিছে। যৌনসম্ভোগ এতিয়া আৰু সম্ভোগ হৈ থকা নাই! সকলো যেন ধৰ্ষণ হৈ পৰিছে। প্ৰেমো পৰিণত হৈছে ঈৰ্ষাত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু