--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিবাহ বিচ্ছেদ হ’ব ৰাখী সাৱন্তৰ! শেহতীয়াকৈ হোৱা এক সাক্ষাৎকাৰত ৰাখী সাৱন্তে নিজৰ বৈবাহিক জীৱনৰ কিছু কথা ব্যক্ত কৰিছিল৷ এই সাক্ষাৎকাৰত ৰাখীয়ে স্বামী ৰিতেশৰ সৈতে হোৱা পাৰিবাৰিক সংঘাতৰ কথা উল্লেখ কৰিছিল৷ লগতে কৈছিল এতিয়া ৰিতেশৰ সৈতে তেওঁ সহবাস নকৰে৷ ৰাখী হৈছে বলীউডৰ এগৰাকী অভিনেত্ৰী তথা নৃত্যশিল্পী৷ ৰাখী সাৱন্ত কেৱল নৃত্যশিল্পীয়েই সৰু পৰ্দাতো আছে বিশেষ দখল৷ টেলিভিছনৰ পৰ্দাৰ এগৰাকী অতি প্ৰিয় তাৰকা তেওঁ। ৰাখীৰ আছে সহস্ৰজন গুণমুগ্ধ৷ তেওঁ অলপতে স্বামী ৰীতেশৰ সৈতে বিগ বছ-১৫ত অংশগ্ৰহণ কৰিছিল। কিছুদিনৰ পূৰ্বেই সমাপ্ত হ’ল বিগ বছ ছিজন-১৫৷ শেহতীয়াকৈ হোৱা এক সাক্ষাৎকাৰত ৰিতেশ আৰু ৰাখীৰ সম্পৰ্কৰ কথা ব্যক্ত কৰে৷ তেওঁ ৰিতেশক বৈবাহিক বান্ধোনৰ পৰা মুক্ত কৰি দিবও পাৰে৷ ৰাখীয়ে কৈছে যে তেওঁ আৰু ৰীতেশ এতিয়া কেৱল ভাল বন্ধুহে। আইনী আনুষ্ঠানিকতাৰহে বাকী বুলিও সদৰী কৰে অভিনেত্ৰীগৰাকীয়ে৷ ৰাখীয়ে পাৰ কৰিছিল বহু কঠিন সময়৷ যাৰফলত টেলিভিছনৰ বিভিন্নৰ শ্ব’ৰ পৰা তেওঁ বিৰত আছিল৷ আনহাতে বিগ বছ-১৫ত আধাতেই সামৰিব লগীয়া হৈছিল ৰাখীৰ যাত্ৰা৷ যাৰ ফলত তেওঁ ভাঙি পৰিছিল৷ তেওঁ কৈছিল যে তেওঁ বিগ বছ-১৫ৰ ফাইনেলত যাবলৈ যোগ্য আছিল৷ ৰশ্মি দেশাই, নিশান্ত ভট্ট, আৰু শমিতা চেট্টীয়ে তেওঁক অতিক্ৰম কৰা নাছিল। তেজস্বীৰ বিজয়ত আনন্দ প্ৰকাশ কৰি ৰাখীয়ে কয় যে, ‘তেজস্বী জিকাটো বিচাৰিছিলো।’ সম্প্ৰতি ৰাখী সাৱন্তে ফিটনেছৰ ওপৰত গুৰুত্ব দি আছে, তেওঁৰ মতে, ছলমান খানে তেওঁক ওজন হ্ৰাস কৰিবলৈ পৰামৰ্শ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু