--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিবাহ বিচ্ছেদ হ’ব ৰাখী সাৱন্তৰ! শেহতীয়াকৈ হোৱা এক সাক্ষাৎকাৰত ৰাখী সাৱন্তে নিজৰ বৈবাহিক জীৱনৰ কিছু কথা ব্যক্ত কৰিছিল৷ এই সাক্ষাৎকাৰত ৰাখীয়ে স্বামী ৰিতেশৰ সৈতে হোৱা পাৰিবাৰিক সংঘাতৰ কথা উল্লেখ কৰিছিল৷ লগতে কৈছিল এতিয়া ৰিতেশৰ সৈতে তেওঁ সহবাস নকৰে৷ ৰাখী হৈছে বলীউডৰ এগৰাকী অভিনেত্ৰী তথা নৃত্যশিল্পী৷ ৰাখী সাৱন্ত কেৱল নৃত্যশিল্পীয়েই সৰু পৰ্দাতো আছে বিশেষ দখল৷ টেলিভিছনৰ পৰ্দাৰ এগৰাকী অতি প্ৰিয় তাৰকা তেওঁ। ৰাখীৰ আছে সহস্ৰজন গুণমুগ্ধ৷ তেওঁ অলপতে স্বামী ৰীতেশৰ সৈতে বিগ বছ-১৫ত অংশগ্ৰহণ কৰিছিল। কিছুদিনৰ পূৰ্বেই সমাপ্ত হ’ল বিগ বছ ছিজন-১৫৷ শেহতীয়াকৈ হোৱা এক সাক্ষাৎকাৰত ৰিতেশ আৰু ৰাখীৰ সম্পৰ্কৰ কথা ব্যক্ত কৰে৷ তেওঁ ৰিতেশক বৈবাহিক বান্ধোনৰ পৰা মুক্ত কৰি দিবও পাৰে৷ ৰাখীয়ে কৈছে যে তেওঁ আৰু ৰীতেশ এতিয়া কেৱল ভাল বন্ধুহে। আইনী আনুষ্ঠানিকতাৰহে বাকী বুলিও সদৰী কৰে অভিনেত্ৰীগৰাকীয়ে৷ ৰাখীয়ে পাৰ কৰিছিল বহু কঠিন সময়৷ যাৰফলত টেলিভিছনৰ বিভিন্নৰ শ্ব’ৰ পৰা তেওঁ বিৰত আছিল৷ আনহাতে বিগ বছ-১৫ত আধাতেই সামৰিব লগীয়া হৈছিল ৰাখীৰ যাত্ৰা৷ যাৰ ফলত তেওঁ ভাঙি পৰিছিল৷ তেওঁ কৈছিল যে তেওঁ বিগ বছ-১৫ৰ ফাইনেলত যাবলৈ যোগ্য আছিল৷ ৰশ্মি দেশাই, নিশান্ত ভট্ট, আৰু শমিতা চেট্টীয়ে তেওঁক অতিক্ৰম কৰা নাছিল। তেজস্বীৰ বিজয়ত আনন্দ প্ৰকাশ কৰি ৰাখীয়ে কয় যে, ‘তেজস্বী জিকাটো বিচাৰিছিলো।’ সম্প্ৰতি ৰাখী সাৱন্তে ফিটনেছৰ ওপৰত গুৰুত্ব দি আছে, তেওঁৰ মতে, ছলমান খানে তেওঁক ওজন হ্ৰাস কৰিবলৈ পৰামৰ্শ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ