--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰণ জোহৰ বলীউডৰ শীৰ্ষতম পৰিচালকৰ ভিতৰত এজন। কুছ কুছ হোতা হ্যে, কভি খুছী কভি গম আৰু মাই নেম ইজ খান আদি সফল চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ পাছত, তেওঁ অলপতে কালাৰ্ছ টিভিত প্ৰতিভা আধাৰিত ৰিয়েলিটী শ্ব’ 'হুনাৰবাজ: দেশ কি শ্বান' ত বিচাৰক হিচাপে অংশগ্ৰহণ কৰিছে৷ অনুষ্ঠানটোৰ আন দুজন বিচাৰক হৈছে মিথুন চক্ৰৱৰ্তী আৰু পৰিণীতি চোপ্ৰা। শেহতীয়াকৈ, অনুষ্ঠানটোত, কৰণে প্ৰায় ২ বছৰ আগতে দূৰৱৰ্তী দেশত হলীউডৰ কৰ্মচাৰীৰ সন্মুখত অনুভৱ কৰা এক লজ্জাজনক মুহূৰ্তৰ বিষয়ে শ্বেয়াৰ কৰিছিল। কৰণে ২০০১ চনত ইজিপ্টত তেওঁৰ ব্লকবাষ্টাৰ ছবি 'কভি খুশি কভি গম'ৰ এটি গানৰ দৃশ্যগ্ৰহণৰ সময়ত কেনেকৈ পেটৰ ৰোগত ভুগি তেওঁ সেয় সময়ত হোৱা অৱস্থাৰ বিষয়ে বৰ্ণনা কৰিছিল। বৰ্ণনাটোৱে সকলোকে আচৰিত কৰি তুলিছিল। শেহতীয়াকৈ হুনাৰবাজৰ ছেটৰ পৰা এটা প্ৰম’ শ্বেয়াৰ কৰা হৈছে: দেশ কি শ্বান। প্ৰ’ম’টোত, পৰিণীতি চোপ্ৰাই কৰণ জোহৰক সুৰজ হুয়া মাধম গাই ইজিপ্টৰ কাহিনী মনত পেলাই দিয়ে৷ তেওঁ কয়, 'আমি কভি খুছী কভি গম চলচ্চিত্ৰৰ বাবে ইজিপ্টত দৃশ্যগ্ৰহণ কৰি আছিলো। তাত এটা ঠাই আছিল য'ত এশ কিলোমিটাৰ ধৰি কেৱল শিল আছিল। দূৰ-দূৰণিলৈ নাছিল কোনো মানুহৰ বসতি। বগা শিলে আৱৰা ঠাইদোখৰৰ সৌন্দৰ্যই বিমুগ্ধ কৰি তুলিছিল৷ যেতিয়া আমি তাত দৃশ্যগ্ৰহণৰ বাবে গৈছিলো স্বৰ্গৰ দৰে অনুভৱ হৈছিল।’ লগতে তেওঁ উল্লেখ কৰে যে সেই স্বৰ্গতুল্য ঠাইখন নাছিল কোনো ৱসতিৰ স্থান৷ যাৰ বাবে কিবা অসুবিধাত পৰিলেও সহায় আশা কৰাটো অনুচিত৷ আৰু তেতিয়াই তেওঁ শ্বেয়াৰ কৰা এই মুহূৰ্তৰ ঘটনাই সকলোকে কৰি তুলিছিল৷ তেওঁ কয় যে, দৃশ্যগ্ৰহণ কৰিবলৈ যোৱা সেই ঠাই দোখৰত পুৱাৰ পৰাই পেট অসুখত ভূগিছিল পৰিচালকগৰাকীয়ে৷ তেওঁ লগতে কয় যে, তেওঁৰ এই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম হৈছিল আৰু ওচৰৰ কোনো ঠাইত কোনোধৰণৰ ৱাছৰুম উপলব্ধ নাছিল৷ যাৰ বাবে তেওঁ শিলবোৰৰ মাজতেই পেট চাফা কৰাৰ সিদ্ধান্ত লৈছিল৷ আৰু তেনে সময়তে দেখিছিল যে, হলীউডৰ এজন কৰ্মচাৰী একেঠাইলৈ আহি আছে আৰু কিছুমান স্থানীয় ইজিপ্টৰ লোকৰ সৈতে, তেওঁলোকৰ প্ৰায় ২৫জন আছিল। তেওঁলোক সকলোৱে কৰণক দেখি কেমেৰাত বন্দী কৰিবলৈ চেষ্টা কৰিছিল৷ আৰু কৰণে অনুৰোধ কৰি কৈছিল, ‘মই এজন পৰিচালক, অনুগ্ৰহ কৰি কেমেৰাত বন্দী নকৰিব।' এই ঘটনাটো শ্বেয়াৰ কৰাৰ পাছত হাস্যকৰ পৰিৱেশৰ সৃষ্টি হৈছিল ৰিয়েলিটী শ্ব’ৰ মঞ্চত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু