--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰণ জোহৰ বলীউডৰ শীৰ্ষতম পৰিচালকৰ ভিতৰত এজন। কুছ কুছ হোতা হ্যে, কভি খুছী কভি গম আৰু মাই নেম ইজ খান আদি সফল চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ পাছত, তেওঁ অলপতে কালাৰ্ছ টিভিত প্ৰতিভা আধাৰিত ৰিয়েলিটী শ্ব’ 'হুনাৰবাজ: দেশ কি শ্বান' ত বিচাৰক হিচাপে অংশগ্ৰহণ কৰিছে৷ অনুষ্ঠানটোৰ আন দুজন বিচাৰক হৈছে মিথুন চক্ৰৱৰ্তী আৰু পৰিণীতি চোপ্ৰা। শেহতীয়াকৈ, অনুষ্ঠানটোত, কৰণে প্ৰায় ২ বছৰ আগতে দূৰৱৰ্তী দেশত হলীউডৰ কৰ্মচাৰীৰ সন্মুখত অনুভৱ কৰা এক লজ্জাজনক মুহূৰ্তৰ বিষয়ে শ্বেয়াৰ কৰিছিল। কৰণে ২০০১ চনত ইজিপ্টত তেওঁৰ ব্লকবাষ্টাৰ ছবি 'কভি খুশি কভি গম'ৰ এটি গানৰ দৃশ্যগ্ৰহণৰ সময়ত কেনেকৈ পেটৰ ৰোগত ভুগি তেওঁ সেয় সময়ত হোৱা অৱস্থাৰ বিষয়ে বৰ্ণনা কৰিছিল। বৰ্ণনাটোৱে সকলোকে আচৰিত কৰি তুলিছিল। শেহতীয়াকৈ হুনাৰবাজৰ ছেটৰ পৰা এটা প্ৰম’ শ্বেয়াৰ কৰা হৈছে: দেশ কি শ্বান। প্ৰ’ম’টোত, পৰিণীতি চোপ্ৰাই কৰণ জোহৰক সুৰজ হুয়া মাধম গাই ইজিপ্টৰ কাহিনী মনত পেলাই দিয়ে৷ তেওঁ কয়, 'আমি কভি খুছী কভি গম চলচ্চিত্ৰৰ বাবে ইজিপ্টত দৃশ্যগ্ৰহণ কৰি আছিলো। তাত এটা ঠাই আছিল য'ত এশ কিলোমিটাৰ ধৰি কেৱল শিল আছিল। দূৰ-দূৰণিলৈ নাছিল কোনো মানুহৰ বসতি। বগা শিলে আৱৰা ঠাইদোখৰৰ সৌন্দৰ্যই বিমুগ্ধ কৰি তুলিছিল৷ যেতিয়া আমি তাত দৃশ্যগ্ৰহণৰ বাবে গৈছিলো স্বৰ্গৰ দৰে অনুভৱ হৈছিল।’ লগতে তেওঁ উল্লেখ কৰে যে সেই স্বৰ্গতুল্য ঠাইখন নাছিল কোনো ৱসতিৰ স্থান৷ যাৰ বাবে কিবা অসুবিধাত পৰিলেও সহায় আশা কৰাটো অনুচিত৷ আৰু তেতিয়াই তেওঁ শ্বেয়াৰ কৰা এই মুহূৰ্তৰ ঘটনাই সকলোকে কৰি তুলিছিল৷ তেওঁ কয় যে, দৃশ্যগ্ৰহণ কৰিবলৈ যোৱা সেই ঠাই দোখৰত পুৱাৰ পৰাই পেট অসুখত ভূগিছিল পৰিচালকগৰাকীয়ে৷ তেওঁ লগতে কয় যে, তেওঁৰ এই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম হৈছিল আৰু ওচৰৰ কোনো ঠাইত কোনোধৰণৰ ৱাছৰুম উপলব্ধ নাছিল৷ যাৰ বাবে তেওঁ শিলবোৰৰ মাজতেই পেট চাফা কৰাৰ সিদ্ধান্ত লৈছিল৷ আৰু তেনে সময়তে দেখিছিল যে, হলীউডৰ এজন কৰ্মচাৰী একেঠাইলৈ আহি আছে আৰু কিছুমান স্থানীয় ইজিপ্টৰ লোকৰ সৈতে, তেওঁলোকৰ প্ৰায় ২৫জন আছিল। তেওঁলোক সকলোৱে কৰণক দেখি কেমেৰাত বন্দী কৰিবলৈ চেষ্টা কৰিছিল৷ আৰু কৰণে অনুৰোধ কৰি কৈছিল, ‘মই এজন পৰিচালক, অনুগ্ৰহ কৰি কেমেৰাত বন্দী নকৰিব।' এই ঘটনাটো শ্বেয়াৰ কৰাৰ পাছত হাস্যকৰ পৰিৱেশৰ সৃষ্টি হৈছিল ৰিয়েলিটী শ্ব’ৰ মঞ্চত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ