--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফুটবলৰ যাদুকৰ ৰোনাল্ডোক লৈ এতিয়া এছিয়াবাসীয়ে গৌৰৱ কৰিব পাৰিব৷ কাৰণ এতিয়া ৰোলান্ড এছিয়াৰ খেলুৱৈ৷ চৌদি আৰৱৰ আল নাছেৰ ক্লাবে শেহতীয়াকৈ ম্যানচেষ্টাৰ ইউনাইটেডৰ সৈতে সম্পৰ্ক ছিন্ন কৰা ৰোলাল্ডৰ সৈতে চুক্তি কৰিছে৷ 

ক্লাবটোৱে  টুইটত লিখিছে, "এটা নতুন ইতিহাস গঢ়িবলৈ ওলাইছো। ক্ৰিষ্টিয়ানো ৰোনাল্ডোলৈ স্বাগতম। তেওঁৰ আগমণে  আমাৰ ক্লাবক কিবা নতুন কৰিবলৈ অনুপ্ৰাণিত কৰিব। আমাৰ পৰৱৰ্তী প্ৰজন্মৰ শিশুসকলে নিজকে সৰ্বশ্ৰেষ্ঠ কৰি তুলিবলৈ অনুপ্ৰাণিত হ'ব।" ক্লাবটোৰ অধ্যক্ষ মুছালি আল মুয়াম্মাৰে এইদৰে লিখিছে: "এই চুক্তি এক ঐতিহাসিক চুক্তি । ৰোনাল্ডো নিজেই পৃথিৱীৰ সকলো খেলুৱৈৰ বাবে একআদৰ্শ। মই আশা কৰোঁ আল-নাছেৰ তেওঁৰ উপস্থিতিৰে ধন্য   হ'ব। '

এটা সাক্ষাৎকাৰত প্ৰশিক্ষকৰ  বিষয়ে বিৰূপ মন্তব্য কৰাৰ পিছতে বিশ্বকাপ আৰম্ভ হোৱাৰ আগতে ম্যানচেষ্টাৰ ইউনাইটেডে ৰোনাল্ডোৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰিছিল। পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক ফাৰ্নাণ্ডো চেণ্টোছৰ সৈতে তেওঁৰ বিবাদো মুকলি হৈ পৰিছিল। তেতিয়াৰ পৰা ৰোনাল্ডোৱে এটা নতুন ক্লাব বিচাৰি আছিল। তেওঁ চেম্পিয়নছ লীগত খেলা এটা ক্লাবৰ সৈতে চুক্তি  স্বাক্ষৰ কৰিব বিচাৰিছিল। তেওঁৰ এজেণ্ট জৰ্জ মেণ্ডেছেও ইউৰোপৰ কেইবাটাও ক্লাবৰ সৈতে যোগাযোগ কৰিছিল। কিন্তু কোনো সঁহাৰি পোৱা নাছিল। 

চৌদি আৰৱৰ আল নাছেৰে ম্যানচেষ্টাৰ ইউনাইটেডৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ পিছত তেওঁক পাবলৈ আগ্ৰহী হৈ উঠিছিল৷ অৱশেষত তেওঁ চৌদি আৰৱৰ আল নাছেৰৰ সৈতে চুক্তি কৰিলে৷ 
চৌদি সংবাদ মাধ্যমৰ মতে ৰোনাল্ডোৱে আল নাছেৰৰ সৈতে সাত বছৰীয়া চুক্তি স্বাক্ষৰ কৰিছে। চুক্তিৰ পৰিমাণ বছৰি প্ৰায় ৬২১ কোটি টকা।

 আল নাছেৰৰ পৰৱৰ্তী খেলখন আল খালিজৰ বিৰুদ্ধে হ’ব। সকলোৱে ভাবিছিল যে ক্লাবৰ এই খেলখনৰ পিছতে ৰোনাল্ডোৰ সৈতে  স্বাক্ষৰ কৰা হ'ব। কিন্তু চুক্তি আগতীয়াকৈ  কৰা হ’ল।খেলখনৰ মাত্ৰ এদিন আগতে স্বাক্ষৰ কৰাৰ বাবেই অৱশ্যে  ৰোনাল্ডোই এই মুহূৰ্তত নতুন ক্লাবৰ হৈ খেল খনত  খেলিব নোৱাৰিব। তেওঁ আৰু কেইদিনমান অপেক্ষা কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক