--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফুটবলৰ যাদুকৰ ৰোনাল্ডোক লৈ এতিয়া এছিয়াবাসীয়ে গৌৰৱ কৰিব পাৰিব৷ কাৰণ এতিয়া ৰোলান্ড এছিয়াৰ খেলুৱৈ৷ চৌদি আৰৱৰ আল নাছেৰ ক্লাবে শেহতীয়াকৈ ম্যানচেষ্টাৰ ইউনাইটেডৰ সৈতে সম্পৰ্ক ছিন্ন কৰা ৰোলাল্ডৰ সৈতে চুক্তি কৰিছে৷ 

ক্লাবটোৱে  টুইটত লিখিছে, "এটা নতুন ইতিহাস গঢ়িবলৈ ওলাইছো। ক্ৰিষ্টিয়ানো ৰোনাল্ডোলৈ স্বাগতম। তেওঁৰ আগমণে  আমাৰ ক্লাবক কিবা নতুন কৰিবলৈ অনুপ্ৰাণিত কৰিব। আমাৰ পৰৱৰ্তী প্ৰজন্মৰ শিশুসকলে নিজকে সৰ্বশ্ৰেষ্ঠ কৰি তুলিবলৈ অনুপ্ৰাণিত হ'ব।" ক্লাবটোৰ অধ্যক্ষ মুছালি আল মুয়াম্মাৰে এইদৰে লিখিছে: "এই চুক্তি এক ঐতিহাসিক চুক্তি । ৰোনাল্ডো নিজেই পৃথিৱীৰ সকলো খেলুৱৈৰ বাবে একআদৰ্শ। মই আশা কৰোঁ আল-নাছেৰ তেওঁৰ উপস্থিতিৰে ধন্য   হ'ব। '

এটা সাক্ষাৎকাৰত প্ৰশিক্ষকৰ  বিষয়ে বিৰূপ মন্তব্য কৰাৰ পিছতে বিশ্বকাপ আৰম্ভ হোৱাৰ আগতে ম্যানচেষ্টাৰ ইউনাইটেডে ৰোনাল্ডোৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰিছিল। পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক ফাৰ্নাণ্ডো চেণ্টোছৰ সৈতে তেওঁৰ বিবাদো মুকলি হৈ পৰিছিল। তেতিয়াৰ পৰা ৰোনাল্ডোৱে এটা নতুন ক্লাব বিচাৰি আছিল। তেওঁ চেম্পিয়নছ লীগত খেলা এটা ক্লাবৰ সৈতে চুক্তি  স্বাক্ষৰ কৰিব বিচাৰিছিল। তেওঁৰ এজেণ্ট জৰ্জ মেণ্ডেছেও ইউৰোপৰ কেইবাটাও ক্লাবৰ সৈতে যোগাযোগ কৰিছিল। কিন্তু কোনো সঁহাৰি পোৱা নাছিল। 

চৌদি আৰৱৰ আল নাছেৰে ম্যানচেষ্টাৰ ইউনাইটেডৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ পিছত তেওঁক পাবলৈ আগ্ৰহী হৈ উঠিছিল৷ অৱশেষত তেওঁ চৌদি আৰৱৰ আল নাছেৰৰ সৈতে চুক্তি কৰিলে৷ 
চৌদি সংবাদ মাধ্যমৰ মতে ৰোনাল্ডোৱে আল নাছেৰৰ সৈতে সাত বছৰীয়া চুক্তি স্বাক্ষৰ কৰিছে। চুক্তিৰ পৰিমাণ বছৰি প্ৰায় ৬২১ কোটি টকা।

 আল নাছেৰৰ পৰৱৰ্তী খেলখন আল খালিজৰ বিৰুদ্ধে হ’ব। সকলোৱে ভাবিছিল যে ক্লাবৰ এই খেলখনৰ পিছতে ৰোনাল্ডোৰ সৈতে  স্বাক্ষৰ কৰা হ'ব। কিন্তু চুক্তি আগতীয়াকৈ  কৰা হ’ল।খেলখনৰ মাত্ৰ এদিন আগতে স্বাক্ষৰ কৰাৰ বাবেই অৱশ্যে  ৰোনাল্ডোই এই মুহূৰ্তত নতুন ক্লাবৰ হৈ খেল খনত  খেলিব নোৱাৰিব। তেওঁ আৰু কেইদিনমান অপেক্ষা কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু