--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰ্তুগালৰ ফুটবল দলৰ অধিনায়ক তথা বিশ্বৰ তাৰকা ফুটবল খেলুৱৈ ক্রিষ্টিয়ানো ৰোণাল্ডোৱে ছৌদি আৰৱৰ ক্লাব আল নাছৰৰ সৈতে ডেৰ বছৰৰ বাবে চুক্তিবদ্ধ হৈছে৷ ইয়াৰ লগে লগে তেওঁ বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী খেলুৱৈ হিচাপে পৰিগণিত হৈছে। বহু বছৰ ইউৰোপত খেলাৰ পিছত এতিয়া তেওঁ এছিয়ান ক্লাবৰ হৈ খেলিব। পূৰ্বৰ ক্লাব মানচেষ্টাৰ ইউনাইটেডৰ সৈতে ৰোণাল্ডোৰ চুক্তি শেষ হোৱাৰ পাছত তেওঁৰ ভৱিষ্যতক লৈ বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল, যিটো এতিয়া ৰোণাল্ডোৱে অন্ত পেলাইছে।

৩৭ বছৰীয়া ৰোণাল্ডোৱে ২০২৫ চনলৈকে আল নাছৰৰ সৈতে টাই আপ কৰিছে। ২০ কোটি ইউৰো (১৭৭৫ কোটি টকা)তকৈও অধিক মূল্যৰ চুক্তিত স্বাক্ষৰ কৰিছে ছুপাৰষ্টাৰ খেলুৱৈগৰাকীয়ে। ফুটবল ক্লাব আল নাছৰে এই চুক্তিৰ সবিশেষ প্ৰকাশ কৰা নাই যদিও সংবাদ সংস্থা ৰয়টাৰছৰ মতে ৰোণাল্ডোৱে “২০ কোটি ইউৰোতকৈ অধিক (২১৪.০৪ মিলিয়ন মাৰ্কিন ডলাৰ)”ৰ চুক্তিত স্বাক্ষৰ কৰিছে।

ৰোণাল্ডোৰ অন্তৰ্ভুক্তিয়ে আল নাছৰৰ দলটোক শক্তিশালী কৰিব। ক্লাবটোৱে ৯টা ছৌদি প্ৰ’ লীগ খিতাপ দখল কৰি দশমখন ট্ৰফীৰ বাবে চকু ৰাখিব। এই ক্লাবটোৱে শেষবাৰৰ বাবে ২০১৯ চনত লীগৰ চেম্পিয়ন হৈছিল। আল নাছৰৰ দলটোৱেও এতিয়া প্ৰথমবাৰৰ বাবে এ এফ চি চেম্পিয়নছ লীগ জয় কৰাৰ আশা কৰিব।

আল নাছৰৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পিছত ৰোণাল্ডোৱে এছিয়ালৈ যোৱাৰ উপযুক্ত সময় বুলি কয়। পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ বুলি গণ্য কৰা খেলুৱৈজন এছিয়ালৈ অহাটো এছিয়াবাসীৰ বাবে সুখবৰ। কাটাৰত অনুষ্ঠিত বিশ্বকাপত আগতীয়াকৈ বাহিৰ হোৱাৰ পিছতো পৰ্তুগালৰ হৈ খেলি থাকিব বুলি ৰোণাল্ডোৱে ইংগিত দিয়ে। অৱশ্যে পৰৱৰ্তী বিশ্বকাপত পৰ্তুগালৰ হৈ খেলিব নোৱাৰিব ৩৭ বছৰীয়া ৰোণাল্ডোৱে। একেটা বিশ্বকাপতে তেওঁক নকআউট মেচৰ সময়ত বেঞ্চত বহিবলৈ বাধ্য কৰাইছিল।

ইউৰোপীয় ফুটবলৰ প্ৰায়বোৰ ডাঙৰ বঁটা লাভ কৰিছে ৰোণাল্ডোৱে। মানচেষ্টাৰ ইউনাইটেডৰ সৈতে তিনিটা প্ৰিমিয়াৰ লীগ আৰু এফ এ কাপৰ সৈতে চেম্পিয়নছ লীগ, অল্ড ট্ৰেফৰ্ডত প্ৰথমবাৰৰ বাবে তেওঁ দুটা লীগ কাপ জয় কৰে। ২০২১ চনত পুনৰ মানচেষ্টাৰ ইউনাইটেডত যোগদান কৰে ৰোণাল্ডোৱে। কিন্তু এৰিক টেন হাগৰ সৈতে তেওঁৰ সম্পৰ্ক টেঙা হৈ পৰে আৰু অতি সোনকালেই তেওঁ ক্লাব এৰি যায়। বিশ্বকাপৰ ঠিক আগতে পিয়ৰ্ছ মৰ্গানৰ সৈতে হোৱা সাক্ষাৎকাৰ পোহৰলৈ অহাৰ পিছতহে তেওঁৰ ক্লাবৰ প্ৰস্থান নিশ্চিত কৰা হয়।

২০০৯–১৮ চনলৈকে স্পেনিছ ক্লাব ৰিয়েল মাদ্রিদত ৰোণাল্ডোৱে উন্নত খেল খেলিছিল, য’ত তেওঁ দুটা লালিগা খিতাপ, দুটা স্পেনিছ কাপ, চাৰিটা চেম্পিয়নছ লীগ খিতাপ আৰু তিনিটা ক্লাব বিশ্বকাপ জয় কৰিছিল। ৰিয়েল মাদ্রিদৰ হৈ ৪৫১টা গ’ল দি ক্লাবৰ অভিলেখ গঢ়িছিল আৰু ক্লাব আৰু দেশৰ হৈ মুঠ ৮০০ৰো অধিক গ’ল দিছে৷ ৰোণাল্ডোৱে জুভেন্টাছত তিনি বছৰত দুটাকৈ ছিৰি এ খিতাপ আৰু এটা কপা ইটালিয়া ট্ৰফীও লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু