--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰ্তুগালৰ ফুটবল দলৰ অধিনায়ক তথা বিশ্বৰ তাৰকা ফুটবল খেলুৱৈ ক্রিষ্টিয়ানো ৰোণাল্ডোৱে ছৌদি আৰৱৰ ক্লাব আল নাছৰৰ সৈতে ডেৰ বছৰৰ বাবে চুক্তিবদ্ধ হৈছে৷ ইয়াৰ লগে লগে তেওঁ বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী খেলুৱৈ হিচাপে পৰিগণিত হৈছে। বহু বছৰ ইউৰোপত খেলাৰ পিছত এতিয়া তেওঁ এছিয়ান ক্লাবৰ হৈ খেলিব। পূৰ্বৰ ক্লাব মানচেষ্টাৰ ইউনাইটেডৰ সৈতে ৰোণাল্ডোৰ চুক্তি শেষ হোৱাৰ পাছত তেওঁৰ ভৱিষ্যতক লৈ বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল, যিটো এতিয়া ৰোণাল্ডোৱে অন্ত পেলাইছে।

৩৭ বছৰীয়া ৰোণাল্ডোৱে ২০২৫ চনলৈকে আল নাছৰৰ সৈতে টাই আপ কৰিছে। ২০ কোটি ইউৰো (১৭৭৫ কোটি টকা)তকৈও অধিক মূল্যৰ চুক্তিত স্বাক্ষৰ কৰিছে ছুপাৰষ্টাৰ খেলুৱৈগৰাকীয়ে। ফুটবল ক্লাব আল নাছৰে এই চুক্তিৰ সবিশেষ প্ৰকাশ কৰা নাই যদিও সংবাদ সংস্থা ৰয়টাৰছৰ মতে ৰোণাল্ডোৱে “২০ কোটি ইউৰোতকৈ অধিক (২১৪.০৪ মিলিয়ন মাৰ্কিন ডলাৰ)”ৰ চুক্তিত স্বাক্ষৰ কৰিছে।

ৰোণাল্ডোৰ অন্তৰ্ভুক্তিয়ে আল নাছৰৰ দলটোক শক্তিশালী কৰিব। ক্লাবটোৱে ৯টা ছৌদি প্ৰ’ লীগ খিতাপ দখল কৰি দশমখন ট্ৰফীৰ বাবে চকু ৰাখিব। এই ক্লাবটোৱে শেষবাৰৰ বাবে ২০১৯ চনত লীগৰ চেম্পিয়ন হৈছিল। আল নাছৰৰ দলটোৱেও এতিয়া প্ৰথমবাৰৰ বাবে এ এফ চি চেম্পিয়নছ লীগ জয় কৰাৰ আশা কৰিব।

আল নাছৰৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পিছত ৰোণাল্ডোৱে এছিয়ালৈ যোৱাৰ উপযুক্ত সময় বুলি কয়। পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ বুলি গণ্য কৰা খেলুৱৈজন এছিয়ালৈ অহাটো এছিয়াবাসীৰ বাবে সুখবৰ। কাটাৰত অনুষ্ঠিত বিশ্বকাপত আগতীয়াকৈ বাহিৰ হোৱাৰ পিছতো পৰ্তুগালৰ হৈ খেলি থাকিব বুলি ৰোণাল্ডোৱে ইংগিত দিয়ে। অৱশ্যে পৰৱৰ্তী বিশ্বকাপত পৰ্তুগালৰ হৈ খেলিব নোৱাৰিব ৩৭ বছৰীয়া ৰোণাল্ডোৱে। একেটা বিশ্বকাপতে তেওঁক নকআউট মেচৰ সময়ত বেঞ্চত বহিবলৈ বাধ্য কৰাইছিল।

ইউৰোপীয় ফুটবলৰ প্ৰায়বোৰ ডাঙৰ বঁটা লাভ কৰিছে ৰোণাল্ডোৱে। মানচেষ্টাৰ ইউনাইটেডৰ সৈতে তিনিটা প্ৰিমিয়াৰ লীগ আৰু এফ এ কাপৰ সৈতে চেম্পিয়নছ লীগ, অল্ড ট্ৰেফৰ্ডত প্ৰথমবাৰৰ বাবে তেওঁ দুটা লীগ কাপ জয় কৰে। ২০২১ চনত পুনৰ মানচেষ্টাৰ ইউনাইটেডত যোগদান কৰে ৰোণাল্ডোৱে। কিন্তু এৰিক টেন হাগৰ সৈতে তেওঁৰ সম্পৰ্ক টেঙা হৈ পৰে আৰু অতি সোনকালেই তেওঁ ক্লাব এৰি যায়। বিশ্বকাপৰ ঠিক আগতে পিয়ৰ্ছ মৰ্গানৰ সৈতে হোৱা সাক্ষাৎকাৰ পোহৰলৈ অহাৰ পিছতহে তেওঁৰ ক্লাবৰ প্ৰস্থান নিশ্চিত কৰা হয়।

২০০৯–১৮ চনলৈকে স্পেনিছ ক্লাব ৰিয়েল মাদ্রিদত ৰোণাল্ডোৱে উন্নত খেল খেলিছিল, য’ত তেওঁ দুটা লালিগা খিতাপ, দুটা স্পেনিছ কাপ, চাৰিটা চেম্পিয়নছ লীগ খিতাপ আৰু তিনিটা ক্লাব বিশ্বকাপ জয় কৰিছিল। ৰিয়েল মাদ্রিদৰ হৈ ৪৫১টা গ’ল দি ক্লাবৰ অভিলেখ গঢ়িছিল আৰু ক্লাব আৰু দেশৰ হৈ মুঠ ৮০০ৰো অধিক গ’ল দিছে৷ ৰোণাল্ডোৱে জুভেন্টাছত তিনি বছৰত দুটাকৈ ছিৰি এ খিতাপ আৰু এটা কপা ইটালিয়া ট্ৰফীও লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পলাতক অপৰাধীৰ বিৰুদ্ধে ভাৰতৰ 'অপাৰেশ্যন গ্ল'বেল হান্ট'
মুজতবা খামেনেইৰ মৃত্যুৰ বিষয়ত অপপ্ৰচাৰ চলাইছে আমেৰিকাই, ইৰানী বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ দাবী
টী-২০ মহিলা বিশ্বকাপ ২০২৬ ; বিচিচিআইএ ঘোষণা কৰিলে ভাৰতীয় দল
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
অসম মেঘালয় সীমান্তৰ ফুলবাৰীৰ গোমাইঝোৰাত ভয়ংকৰ পথ দূৰ্ঘটনা: থিতাতে মৃত্যু এজন বৃদ্ধাৰ
"Women Who Rally" লিডাৰশ্বিপ কোহৰ্টত স্থান লাভ গুৱাহাটীৰ নাজনীন ৰহমানৰ
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু
আজি পুৱা ১০.৩০ বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
আইপিএলত ইতিহাস গঢ়াৰ দিশে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী: বিহাৰৰ বৈভৱে কঁপাব ক্ৰিকেট জগত
ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল: শীৰ্ষত কোন কোন জিলা?