--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মটৰবাইকত ৰঙা বেগ কঢ়িয়াই নিয়া আৰু ঘৰে ঘৰে ৰেষ্টুৰেণ্টৰ খাদ্য ডেলিভাৰী কৰা ১০০ জনৰ ভিতৰত কমেও ৩২ জন কলেজৰ স্নাতক। কিন্তু মানুহৰ ঘৰলৈ খাদ্য ডেলিভাৰী হ’লেও মাহৰ শেষত নিজৰ পেট পুহিবলৈ হাবাথুৰি খাইছে তেওঁলোকে৷ কাৰণ মূল্যবৃদ্ধি আৰু পেট্ৰ’ল-ডিজেলৰ মূল্য। গতিকে দিনটোত ১১ ঘণ্টা কাম কৰি উপাৰ্জন কৰিলেও সকলো খৰচ হয়।

দিল্লীস্থিত বিত্তীয় গৱেষণা সংস্থা ‘নেশ্যনেল কাউন্সিল অৱ এপ্লাইড ইকনমিক ৰিচাৰ্চ’ই দেশৰ ২৮খন চহৰৰ খাদ্য ডেলিভাৰী কৰ্মীসকলৰ ওপৰত এক সমীক্ষা প্ৰতিবেদন প্ৰকাশ কৰে। সমীক্ষাৰ প্ৰতিবেদন অনুসৰি খাদ্য ডেলিভাৰী কৰ্মী হিচাপে কাম কৰা ৬৭ শতাংশ লোকে অধিক আয় বা অতিৰিক্ত আয়ৰ আশাত এই চাকৰিত যোগদান কৰে। সপ্তাহত ছয় দিন দিনটোত কমেও ১১ ঘণ্টা কাম কৰাৰ পিছত তেওঁলোকৰ মাহিলী গড় আয় মাত্ৰ ২০,৭৪৪ টকা।

কেন্দ্ৰীয় চৰকাৰৰ ২০২১-২২ বৰ্ষৰ শ্ৰমিক শক্তি সমীক্ষা (Periodic Labor Force Survey)ত এই শ্ৰেণীৰ শ্ৰমিকৰ গড় মাহিলী আয় ২২,০০০ টকাৰো অধিক বুলি উল্লেখ কৰা হৈছে। খাদ্য ডেলিভাৰী কৰ্মীসকলে ইয়াতকৈ প্ৰায় ১০ শতাংশ কম উপাৰ্জন কৰে। বিশেষজ্ঞসকলৰ মতে এই চাকৰিটো শৈক্ষিক অৰ্হতা অনুসৰি কোনো চাকৰি নোপোৱাকৈয়ে শেষ উপায় হিচাপে বাছি ল’ব লগা হয়।

সমীক্ষাত অংশগ্ৰহণ কৰা ৩১ শতাংশতকৈ অধিক খাদ্য ডেলিভাৰী কৰ্মীয়ে কয় যে তেওঁলোকে প্ৰায় চাৰি মাহ বহি থকাৰ পিছত এই কামটো বাছি লৈছিল। ৯ শতাংশ শ্ৰমিকে চাকৰি হেৰুৱাই এই কাম কৰি আছে। প্ৰায় ২৪ শতাংশ শ্ৰমিকে প্ৰথম কাম হিচাপে এই কাম কৰি আছে। ইয়াৰে ৮৮ শতাংশই এতিয়াও পঢ়া-শুনা কৰি আছে। বহুতে দিনটোত পাঁচ ঘণ্টা কাম কৰি আন কামৰ উপৰিও অতিৰিক্ত উপাৰ্জন কৰিবলৈ ধৰিছে। সপ্তাহত ৩০ ঘন্টা কাম কৰি তেওঁলোকৰ মাহিলী আয় প্ৰায় ৭৮০০ টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস