--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মটৰবাইকত ৰঙা বেগ কঢ়িয়াই নিয়া আৰু ঘৰে ঘৰে ৰেষ্টুৰেণ্টৰ খাদ্য ডেলিভাৰী কৰা ১০০ জনৰ ভিতৰত কমেও ৩২ জন কলেজৰ স্নাতক। কিন্তু মানুহৰ ঘৰলৈ খাদ্য ডেলিভাৰী হ’লেও মাহৰ শেষত নিজৰ পেট পুহিবলৈ হাবাথুৰি খাইছে তেওঁলোকে৷ কাৰণ মূল্যবৃদ্ধি আৰু পেট্ৰ’ল-ডিজেলৰ মূল্য। গতিকে দিনটোত ১১ ঘণ্টা কাম কৰি উপাৰ্জন কৰিলেও সকলো খৰচ হয়।

দিল্লীস্থিত বিত্তীয় গৱেষণা সংস্থা ‘নেশ্যনেল কাউন্সিল অৱ এপ্লাইড ইকনমিক ৰিচাৰ্চ’ই দেশৰ ২৮খন চহৰৰ খাদ্য ডেলিভাৰী কৰ্মীসকলৰ ওপৰত এক সমীক্ষা প্ৰতিবেদন প্ৰকাশ কৰে। সমীক্ষাৰ প্ৰতিবেদন অনুসৰি খাদ্য ডেলিভাৰী কৰ্মী হিচাপে কাম কৰা ৬৭ শতাংশ লোকে অধিক আয় বা অতিৰিক্ত আয়ৰ আশাত এই চাকৰিত যোগদান কৰে। সপ্তাহত ছয় দিন দিনটোত কমেও ১১ ঘণ্টা কাম কৰাৰ পিছত তেওঁলোকৰ মাহিলী গড় আয় মাত্ৰ ২০,৭৪৪ টকা।

কেন্দ্ৰীয় চৰকাৰৰ ২০২১-২২ বৰ্ষৰ শ্ৰমিক শক্তি সমীক্ষা (Periodic Labor Force Survey)ত এই শ্ৰেণীৰ শ্ৰমিকৰ গড় মাহিলী আয় ২২,০০০ টকাৰো অধিক বুলি উল্লেখ কৰা হৈছে। খাদ্য ডেলিভাৰী কৰ্মীসকলে ইয়াতকৈ প্ৰায় ১০ শতাংশ কম উপাৰ্জন কৰে। বিশেষজ্ঞসকলৰ মতে এই চাকৰিটো শৈক্ষিক অৰ্হতা অনুসৰি কোনো চাকৰি নোপোৱাকৈয়ে শেষ উপায় হিচাপে বাছি ল’ব লগা হয়।

সমীক্ষাত অংশগ্ৰহণ কৰা ৩১ শতাংশতকৈ অধিক খাদ্য ডেলিভাৰী কৰ্মীয়ে কয় যে তেওঁলোকে প্ৰায় চাৰি মাহ বহি থকাৰ পিছত এই কামটো বাছি লৈছিল। ৯ শতাংশ শ্ৰমিকে চাকৰি হেৰুৱাই এই কাম কৰি আছে। প্ৰায় ২৪ শতাংশ শ্ৰমিকে প্ৰথম কাম হিচাপে এই কাম কৰি আছে। ইয়াৰে ৮৮ শতাংশই এতিয়াও পঢ়া-শুনা কৰি আছে। বহুতে দিনটোত পাঁচ ঘণ্টা কাম কৰি আন কামৰ উপৰিও অতিৰিক্ত উপাৰ্জন কৰিবলৈ ধৰিছে। সপ্তাহত ৩০ ঘন্টা কাম কৰি তেওঁলোকৰ মাহিলী আয় প্ৰায় ৭৮০০ টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল